সমললৈ যাওক

মহতাৰম এসকান্দাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এছ'চিয়েচন অৱ পেট্ৰিয়াটিক উইমেনৰ ব'ৰ্ড অৱ গভৰ্ণৰছ,১৯২২–১৯৩২।

মহতাৰম এসকান্দাৰী (ইংৰাজী: Mohtaram Eskandari, ১৮৯৫ – ২৭ জুলাই, ১৯২৪),[1] এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু ইৰাণী নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক আছিল। পাৰস্যৰ প্ৰথম মহিলা অধিকাৰ সংস্থা জাম'ইয়াত-ই নেছভান-ই-ৱাটানখাহৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰথম নেত্ৰী আছিল।[2][3] Nesvan Watan Khaw কাকতৰ তেওঁ প্ৰথম অধ্যক্ষ আৰু প্ৰকাশক হিচাপে মহিলাৰ শিক্ষা আৰু হিজাব আঁতৰোৱাকে ধৰি নাৰী অধিকাৰৰ সমৰ্থনত বক্তৃতা প্ৰদান কৰিছিল। তেখেতে সংঘৰ সদস্যসকলৰ বাবেও সমদলৰ পৰিকল্পনা কৰিছিল।[4]

১৮৯৫[5] চনত তেহৰাণৰ এটা উদাৰ, বৌদ্ধিকভাৱে সজীৱ আৰু ৰাজনৈতিকভাৱে সক্ৰিয় পৰিয়ালত মহতাৰমৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহম্মদ আলী মিৰ্জা এসকান্দাৰী (আলি খানৰ ৰাজকুমাৰ) এজন সাংবিধানিকতাবাদী আৰু আদামিয়াট ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল আৰু দাৰ উল-ফুনুনত অধ্যাপনা কৰিছিল।[6] প্ৰথমে দেউতাকৰ ওচৰত তেওঁ ঘৰতে অধ্যয়ন কৰি মিৰ্জা মহম্মদ আলী খান মহককেকীৰ তত্বাৱধানত পাৰ্চী আৰু ফৰাচী সাহিত্যৰ শিক্ষা গ্ৰহণ কৰে। [7][8]

প্ৰাপ্তবয়স্ক হিচাপে এসকান্দাৰীয়ে মেৰুদণ্ডৰ আঘাতত ভুগিছিল, কিছুদিন শিক্ষকতা কৰি আছিল আৰু ছোৱালীৰ বাবে এখন ৰাজ্যিক বিদ্যালয়ৰ পৰিচালক হিচাপে কাম কৰিছিল। সাংবিধানিক বিপ্লৱৰ পিছত পাৰস্যত মহিলাৰ অধিকাৰৰ অৱস্থাৰ প্ৰতি তেওঁৰ অসন্তুষ্টিৰ বাবে তেওঁ ১৯২২ চনত জাম'য়ত-ই নেছভান-ই-ৱাটানখাহ, "ইৰাণৰ দেশপ্ৰেমিক মহিলা লীগ" প্ৰতিষ্ঠা কৰে, যিয়ে নাৰীবাদ আৰু ইৰাণী জাতীয়তাবাদক অনন্যভাৱে একেলগে গঢ় দিছিল।[4] তেহৰাণৰ কেইবাগৰাকীও আগশাৰীৰ মহিলাৰ সৈতে তেওঁ দেশপ্ৰেমমূলক মহিলা সন্থা প্ৰতিষ্ঠা কৰে। তেওঁ বক্তৃতা দিছিল, এছ’চিয়েশ্যনৰ আলোচনীখন পৰিচালনা কৰিছিল আৰু সম্প্ৰদায়টোৰ পদযাত্ৰাৰ পৰিকল্পনা কৰিছিল। ইয়াৰে এখন ৰেলীত তেওঁলোকে মহিলাৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা জ্বলাইছিল, যাৰ ফলত চৰকাৰী বিষয়াই মহতাৰমক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইয়াৰ ফলত ইৰাণৰ জনসাধাৰণৰ মাজত তেওঁৰ নাম সুপৰিচিত হ’ল। ইয়াৰ উপৰিও তেওঁ প্ৰাপ্তবয়স্ক মহিলাৰ বাবে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু জাতীয় সামগ্ৰী ব্যৱহাৰৰ সপক্ষে বিজ্ঞাপন দিছিল।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Archived copy". Archived from the original on 2020-04-19. https://web.archive.org/web/20200419180624/http://www.feministschool.com/english/IMG/pdf/Iranian-Women-calendar.pdf আহৰণ কৰা হৈছে: 2008-08-31.
  2. Sanasarian, Eliz. The Women's Rights Movements in Iran, Praeger, New York: 1982, আই.এচ.বি.এন. 0-03-059632-7.
  3. Afary, Janet. The Iranian Constitutional Revolution, 1906 - 1911, Columbia University Press, 1996.
  4. 1 2 Sanasarian, pages 63-64
  5. Hamideh Sedghi (2007). Women and Politics in Iran: Veiling, Unveiling, and Reveiling. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 77. doi:10.1017/CBO9780511510380. ISBN 9780511510380.
  6. "ESKANDARĪ, MOḤTARAM". Encyclopædia Iranica. 2012-01-12.
  7. 1 2 Pouran Farrokhzad, pages 90 and 91
  8. Iranian Women in the Constitutional Movement, pages 115-118