মহম্মদ গোৰ্জেস্তানী
| মহম্মদ গোৰ্জেস্তানী | |
|---|---|
| জন্ম | ৮ ফেব্ৰুৱাৰী, ১৯৮৪ (৪২ বছৰ) তেহৰাণ, ইৰান |
| পেচা | পৰিচালক, লেখক, প্ৰযোজক আৰু চিনেমাটোগ্ৰাফাৰ |
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
মহম্মদ গোৰ্জেস্তানী (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৪) এগৰাকী ইৰানীয়-আমেৰিকান লেখক, পৰিচালক আৰু প্ৰযোজক।[1][2] তেওঁ মূলতঃ এক্সিট ১২, চিষ্টাৰ হাৰ্টছ আৰু ৰিফিউজ নামৰ চলচ্চিত্ৰসমূহৰ বাবে পৰিচিত।[3][4][5]
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]গোৰ্জেস্তানীৰ জন্ম তেহৰাণত হৈছিল। ইৰান-ইৰাক যুদ্ধৰ বাবে ১৯৮৮ চনত তেওঁৰ পৰিয়ালে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পলায়ন কৰে। তেওঁ কিউপাৰ্টিনো হাইস্কুলত পঢ়িছিল আৰু পৰৱৰ্তী সময়ত ভ্যাংকুভাৰ ফিল্ম স্কুলত অধ্যয়ন কৰে।[1] ২০০৭ চনত ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ থিছিছ চলচ্চিত্ৰ দা শ্বেড প্ৰদৰ্শিত হৈছিল আৰু পিছলৈ বিবিচিয়ে ইয়াৰ স্বত্ব লাভ কৰিছিল।[6]
নিকোল বুশ্বেৰী অভিনীত আৰু নিকট ভৱিষ্যতৰ পটভূমিত নিৰ্মিত হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ ৰিফিউজ-ৰ বাবে গোৰ্জেস্তানীয়ে আইটিভিএছৰ পৰা অনুদান লাভ কৰিছিল। এই চলচ্চিত্ৰখন ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱ আৰু এছএক্সএছডব্লিউ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[7] তেওঁক ফিল্মমেকাৰ মেগাজিনৰ ২৫ গৰাকী নতুন মুখৰ এগৰাকী হিচাপে মনোনীত কৰা হৈছিল।[8] তেওঁৰ আটাইতকৈ শেহতীয়া হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ এক্সিট ১২-ৰ স্বত্ব ফক্স চাৰ্চলাইট পিকচাৰ্ছে অধিগ্ৰহণ কৰিছিল।[9]
গোৰ্জেস্তানীয়ে তেওঁৰ কামৰ বাবে ৯ বাৰ ভিমিঅ' ষ্টাফ পিকছ সন্মান লাভ কৰিছে।[2] তেওঁ আমেৰিকাত আৰক্ষীৰ হত্যাকাণ্ডক লৈ "দা হেপ্পী বাৰ্থডে প্ৰজেক্ট" নামৰ এলানি হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।[10] বৰ্তমান নিৰ্মাণাধীন অৱস্থাত থকা তেওঁৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখনৰ বাবে ছান ফ্ৰান্সিস্কো ফিল্ম ছচাইটিৰ কেনেথ ৰেইনিং ফাউণ্ডেচন চলচ্চিত্ৰ নিৰ্মাণ অনুদান দুবাৰকৈ লাভ কৰিছে। তেওঁ ইভেন/অডৰ সহ-প্ৰতিষ্ঠাপক।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Mohammad Gorjestani". filmmakermagazine.com. 15 July 2013. https://filmmakermagazine.com। আহৰণ কৰা হৈছে: 2018-11-11.
- 1 2 "Meet the filmmaker behind Square's innovative video series". vimeo.com. 19 January 2018. https://vimeo.com। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "EXIT 12". artandhealing.org. https://artandhealing.org। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "SHORT FILMS IN FOCUS: SISTER HEARTS". rogerebert.com. https://rogerebert.com। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "Mohammad Gorjestani's Short Film 'Refuge'". metroactive.com. http://metroactive.com। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "PRESS RELEASE - 2007 SHORT FILM AND FAMILY SHORT FILM PROGRAMS". tribecafilm.com. Archived from the original on 2019-09-22. https://web.archive.org/web/20190922112235/https://www.tribecafilm.com/stories/512c0c041c7d76d9a90004ce-press-release-2007-short। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "Refuge". itvs.org. https://itvs.org/films/refuge। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "Filmmaker Magazine Announces the 25 New Faces of Independent Film of 2013". indiewire.com. 18 July 2013. https://www.indiewire.com/2013/07/filmmaker-magazine-announces-the-25-new-faces-of-independent-film-of-2013-196963/। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "Fox Searchlight Nabs 'Exit 12' Short Docu; Hidden Empire Film Group To Be Honored By Location Managers Guild International – Film Briefs". Deadline Hollywood. 22 August 2019. https://deadline.com/2019/08/fox-searchlight-exit-12-documentary-hidden-empire-film-group-location-managers-guild-awards-1202701829/। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "Remembering Philando Castile on His Birthday". citylab.com. https://www.citylab.com/equity/2016/08/remembering-philando-castile-on-his-birthday/498095/। আহৰণ কৰা হৈছে: 2019-09-16.
- ↑ "32 UNDER 32: MOHAMMAD GORJESTANI". thesfegotist.com. Archived from the original on 2019-09-22. https://web.archive.org/web/20190922112235/https://www.thesfegotist.com/editorial/2016/08/22/32-under-32-mohammad-gorjestani। আহৰণ কৰা হৈছে: 2019-09-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Mohammad Gorjestani সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- আধিকাৰিক ৱেবছাইট