সমললৈ যাওক

মহম্মদ ৰেজা আচলানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহম্মদ ৰেজা আচলানী

২০১৫ চনত আচলানী
স্থানীয় নাম محمدرضا اصلانی
জন্ম ৯ ডিচেম্বৰ, ১৯৪৩ (৮২ বছৰ)
ৰাষ্ট, ইৰান
শিক্ষা * স্কুল অৱ ডেক’ৰেটিভ আৰ্টছ
  • টেকনিকেল স্কুল অৱ টেলিভিছন এণ্ড চিনেমা
পেচা লেখক, পৰিচালক, কবি আৰু কলা গৱেষক
দাম্পত্যসঙ্গী চুডাবেহ ফাজেলী (বি. ১৯৭৮)
সন্তান আমিন
গীতা
নাৰ্গিছ

মহম্মদ ৰেজা আচলানী (ফাৰ্চী :محمدرضا اصلانی; জন্ম: ৯ ডিচেম্বৰ ১৯৪৩) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, কলা তত্ত্ববিদ, গ্ৰাফিক ডিজাইনাৰ আৰু কবি। তেওঁ মূলতঃ তেওঁৰ পৰীক্ষামূলক চলচ্চিত্ৰ আৰু তথ্যচিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ এচপেচমেণ্টেলিজম ইস্তাহাৰৰ সহ-লেখক আছিল—যদিও তেওঁ এই ইস্তাহাৰত কেতিয়াও স্বাক্ষৰ কৰা নাছিল।[1] ইয়াৰ উপৰি তেওঁ য়াদুল্লাহ ৰোয়ায়ী, ফেৰেডাউন ৰাহনেমা আৰু আহমদৰেজা আহমদীৰ সৈতে ইৰাণৰ নিউ ৱেভ পোয়েট্ৰী বা নতুন ঢৌৰ কবিতা আন্দোলনৰ অন্যতম প্ৰধান কবি আছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আচলানীয়ে ইউনিভাৰ্চিটি অৱ আৰ্টচত চিত্ৰকলা অধ্যয়ন কৰিছিল।[2] তেওঁ মোস্তফা ফাৰজানেহৰ অধীনত টেকনিকেল স্কুল অৱ টেলিভিছন এণ্ড চিনেমাৰ প্ৰথম দলৰপৰা প্ৰডাকচন ডিজাইন বিষয়ত বিশেষীকৰণেৰে চলচ্চিত্ৰ নিৰ্মাণৰ স্নাতকোত্তৰ ডিপ্লমা লাভ কৰিছিল। তেওঁ ঔপন্যাসিক তথা গৱেষক চুডাবেহ ফাজেলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ আমিন নামৰ এজন পুত্ৰ—যিও এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা—আৰু গীতা তথা নাৰ্গিছ নামৰ দুগৰাকী কন্যা সন্তান আছে।[3]

প্ৰকাশনসমূহ

[সম্পাদনা কৰক]

১৯৮৩-৯৩ চনৰ ভিতৰত আচলানী আৰু তেওঁৰ পত্নীয়ে মিলি 'নাশ্বৰ-এ-নোগ্ৰে' নামৰ এটা প্ৰকাশন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ই সেই সময়ৰ বাবে কিতাপৰ ডিজাইন আৰু প্ৰকাশনৰ এক ব্যতিক্ৰমী শৈলীৰ সূচনা কৰিছিল। শ্বাহৰ্নৌছ পাৰ্চীপুৰৰদ্বাৰা ৰচিত ৱমেন উইদাউট মেন নামৰ কিতাপখন প্ৰকাশ কৰাৰ বাবে প্ৰকাশনটোৰ কাৰ্যালয়ত জুই লগাই দিয়া হৈছিল আৰু ইয়াৰ পিছতে প্ৰকাশনটো বন্ধ হৈ পৰে।[4] ২০২০ চনত প্ৰকাশনটোৱে পুনৰ প্ৰকাশ কৰাৰ বাবে প্ৰয়োজনীয় অনুমতি লাভ কৰে আৰু ইয়াৰ নতুন সংস্কৰণটো পুনৰ মুকলি কৰা হয়।[5]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • শভায়ে নিমকাটি, ৰুঝায়-এ-বাদ (বেঞ্চৰ ৰাতি, বতাহৰ দিন), ১৯৬২, পুনৰ প্ৰকাশ ২০২২
  • বৰ টাফাজল-এ-দো মাগ্ৰেব (দুখন পশ্চিমৰ পাৰ্থক্যৰ ওপৰত), ১৯৭২
  • ছুগনামে-য়ে-ছালহা-য়ে-মামনু (পৰিত্যক্ত বছৰবোৰৰ কৰুণ গীত), ১৯৭৯
  • হাজাৰ বাদে-য়ে হাজাৰ বাদ দৰ হাজাৰে-হা-য়ে শৱ-এ-টু-বৰ-টু (গোলকধাঁধাময় নিশাৰ হাজাৰ বতাহৰ হাজাৰ সুৰা), ২০১৯

তাত্ত্বিক আৰু সাক্ষাৎকাৰ

[সম্পাদনা কৰক]
  • দেগাৰ্খানী-এ চিনেমা-য়ে মোস্তানাদ (তথ্যচিত্ৰ চলচ্চিত্ৰৰ বিকল্প পাঠ), ১৯৯৯–২০১০, প্ৰকাশন: ২০১০
  • হাস্তী-য়ে আয়িনেহ (আইনাৰ সত্তা), ২০১৮, আৰশ সঞ্জাবীৰ সৈতে সাক্ষাৎকাৰ
  • বিনেছ-এ-তাছবিৰী দৰ ইৰাণ (ইৰাণত ছবিৰ দৃষ্টিভংগী), এতিয়ালৈকে প্ৰকাশ হোৱা নাই

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. আৰশ সঞ্জাবীৰ সৈতে হোৱা বাৰ্তালাপত মহম্মদ ৰেজা আচলানীৰ সৃষ্টিশীল সত্তা https://google.com
  2. ফৰেষ্ট কাৰ্ডামেনিছৰ সৈতে মহম্মদ ৰেজা আচলানী https://brooklynrail.org/2021/12/film/In-Conversation-Mohammad-Reza-Aslani-with-Forrest-Cardamenis
  3. আৰশ সঞ্জাবীৰ সৈতে বাৰ্তালাপত মহম্মদ ৰেজা আচলানীৰ সৃষ্টিশীল সত্তা https://google.com
  4. আৰশ সঞ্জাবীৰ সৈতে বাৰ্তালাপত মহম্মদ ৰেজা আচলানীৰ সৃষ্টিশীল সত্তা https://google.com
  5. নোগ্ৰে প্ৰকাশনৰ ইতিহাস https://noghrehpub.com/history/ Archived 2025-06-09 at the Wayback Machine

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]