সমললৈ যাওক

মহম্মদ ৰেজা গোলজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহম্মদ ৰেজা গোলজাৰ

২০১৭ চনৰ জুলাই মাহত গোলজাৰ
স্থানীয় নাম محمدرضا گلزار
জন্ম ৩১ মাৰ্চ, ১৯৭৭ (৪৯ বছৰ)
তেহৰাণ, ইৰান
শিক্ষা ইচলামিক আজাদ বিশ্ববিদ্যালয়
পেচা অভিনেতা, গায়ক
দাম্পত্যসঙ্গী আয়চান আঘাখানি (বি. ২০২৩)

মহম্মদ ৰেজা গোলজাৰ (ফাৰ্চী: لاله پورکریم, জন্ম ৩১ মাৰ্চ ১৯৭৭) এগৰাকী ইৰানী অভিনেতা, দূৰদৰ্শনৰ ঘোষক আৰু গায়ক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী। ২০০৬ চনত তেওঁ ইৰানৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা আছিল[1] আৰু তেতিয়াৰপৰাই তেওঁ দেশখনৰ আটাইতকৈ ব্যয়-বহুল অভিনেতাৰ ভিতৰত এজন হৈ পৰিছে।[2]

গোলজাৰে ১৯৯৮ চনত আৰিয়ান মিউজিক বেণ্ডৰ সৈতে এজন গীটাৰবাদক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলেই তেওঁ অভিনয় জগতত প্ৰৱেশ কৰে আৰু ইৰাজ ঘাডেৰী পৰিচালিত চাম এণ্ড নাৰ্গিচ (২০০০) চলচ্চিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। গোলজাৰে কেইবাখনো ব্যাৱসায়িকভাৱে সফল ইৰানী চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত চালাম মুম্বাই (২০১৫), চাইড মিৰৰ (২০১৭), ৰহমান ১৪০০ (২০১৮) আৰু উই আৰ অল টুগেদাৰ (২০১৯) অন্যতম। তেওঁৰ চিনেমাৰ কামৰ উপৰি তেওঁ কেইবাটাও দূৰদৰ্শন প্ৰকল্পত অভিনয় কৰিছে, যেনে ৰোমাণ্টিক (২০১৬–২০১৭), মেড ইন ইৰান ২ (২০১৮) আৰু গিছু (২০২০–২০২১)।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মহম্মদ ৰেজা গোলজাৰৰ জন্ম হৈছিল ১৯৭৭ চনৰ ২২ মাৰ্চত তেহৰানত। তেওঁ আজাৰবাইজানী আৰু পাৰ্চী বংশোদ্ভৱ।[3][4][5] এজন ভলীবল খেলুৱৈ হিচাপে তেওঁ তেহৰান প্ৰদেশ, পাৰ্ছ খড্ৰ', ছিছে ভা গাজ আৰু দিহিমকে ধৰি বিভিন্ন দলৰ হৈ লিবেৰ' হিচাপে খেলিছিল। ২০০৮ চনৰ ইৰানী ভলীবল ছুপাৰ লীগত তেওঁ ছানাত ভাইব্ৰেশ্যন দলৰ ফিটনেছ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6][7][8] হাইস্কুল শেষ নোহোৱালৈকে তেওঁৰ কোনো কলাত্মক ক্ৰিয়াকলাপ নাছিল। দেউতাকে তেওঁৰ গীটাৰ বজোৱাৰ বিৰোধিতা কৰিছিল, যদিও তেওঁ মাজে মাজে কীবৰ্ড বজাইছিল। গোলজাৰে হাইস্কুলৰ তৃতীয় বৰ্ষলৈকে গণিত অধ্যয়ন কৰিছিল আৰু ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰ দক্ষিণ তহঁতৰান শাখাৰ মেকানিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুযোগ পাইছিল, যিটো তেওঁ সংৰক্ষিত কৰি ৰাখিছিল। শেষৰ বছৰত তেওঁ দন্ত চিকিৎসা পঢ়াৰ উদ্দেশ্যে প্ৰায়োগিক বিজ্ঞান শাখালৈ সলনি কৰে, কিন্তু তাত সুযোগ নাপাই পুনৰ মেকানিকেল ইঞ্জিনিয়াৰিং অব্যাহত ৰাখে। তেওঁ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰপৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ স্নাতক।

গোলজাৰে ১৯৯৮ চনত আৰিয়ান বেণ্ডৰ সৈতে এজন গীটাৰবাদক হিচাপে নিজৰ সংগীত জীৱন আৰম্ভ কৰিছিল, য'ত তেওঁ অৰ্গান আৰু পাৰকাশ্যনো বজাইছিল।[9] পিছলৈ তেওঁ হোমায়ুন নাছিৰী আৰু অন্যান্যসকলৰ সৈতে ডাৰ্কোব মিউজিক গ্ৰুপৰ সহ-প্ৰতিষ্ঠা কৰে আৰু ৰেজ্জাৰ বেণ্ড (ৰেজা গোলজাৰৰ চুটি ৰূপ) প্ৰতিষ্ঠা কৰে, যিটো বৰ্তমানো সক্ৰিয় হৈ আছে।[9] পৰিচালক মছুদ কিমিয়াই, বাহৰাম বেইজাই আৰু দৰিয়ুশ মেহৰুজীয়ে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনোৱা সত্ত্বেও গোলজাৰে বিভিন্ন কাৰণত অংশগ্ৰহণ কৰিব পৰা নাছিল।[10]

২০২৩ চনৰ জুন মাহত গোলজাৰে আয়চান আঘাখানি নামৰ এগৰাকী মডেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11]

কেৰিয়াৰ

[সম্পাদনা কৰক]

চাম এণ্ড নাৰ্গিচ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ইৰানী সংগীত দল আৰিয়ান বেণ্ড-ৰ গীটাৰবাদক হিচাপে খ্যাতি লাভ কৰিছিল। বৰ্তমান তেওঁ হামেদ বাৰাদাৰণৰ নেতৃত্বত পৰিচালিত ৰেজ্জাৰ বেণ্ড-ৰ এজন গায়ক।[12]

২০০০ চনত তেওঁক ইৰানী পৰিচালক ইৰাজ ঘাডেৰীয়ে চাম এণ্ড নাৰ্গিচ-ত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ পিছত শাম-এ আখৰ, জহ্ৰ-এ আচল আৰু বুটিক-ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে।

২০০৯ চনত ডিমক্ৰেচি ইন ব্ৰাইট ডেলাইট-ৰ শ্বুটিং চলি থকাৰ সময়ত মাত্ৰ ৩ দিনৰ কামৰ বাবে গোলজাৰক ৫৫,০০০ পাউণ্ড দিয়া হৈছিল বুলি প্ৰকাশ পোৱাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে, যিটো সেই দেশৰ হিচাপত তুলনামূলকভাৱে যথেষ্ট উচ্চ পাৰিশ্ৰমিক আছিল।[13]

তেওঁ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰপৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ স্নাতক। গোলজাৰে ১৯৯৮ চনত তেওঁৰ এজন ঘনিষ্ঠ বন্ধু আৰিয়ান সাজাদীৰ সৈতে এজন গীটাৰবাদক হিচাপে সংগীত জীৱন আৰম্ভ কৰিছিল। তেওঁ আৰাশ ৰহিমীৰ সৈতে গীটাৰ, অৰ্গান আৰু পাৰকাশ্যন বজাইছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "دستمزد اسرار آمیز ستاره‌ها بالاخره چقدر است؟" (fa ভাষাত). همشهری آنلاین. 2007-01-23. https://hamshahrionline.ir আহৰণ কৰা হৈছে: 2025-07-17.
  2. "گران‌ترین بازیگران ایرانی چه کسانی هستند؟ +تصاویر" (fa ভাষাত). پایگاه خبری تحلیلی مثلث | درک تازه ای از واقعیت. 2025-07-17. https://mosalasonline.com আহৰণ কৰা হৈছে: 2025-07-17.
  3. ایران, عصر. "محمدرضا گلزار: من با افتخار تُرک هستم/ مجسمه رامبد جوان/ بهترین انتخاب ممکن در انتخابات" (fa ভাষাত). fa. https://www.asriran.com/fa/news/451550/%D9%85%D8%AD%D9%85%D8%AF%D8%B1%D8%B6%D8%A7-%DA%AF%D9%84%D8%B2%D8%A7%D8%B1-%D9%85%D9%86-%D8%A8%D8%A7-%D8%A7%D9%81%D8%AA%D8%AE%D8%A7%D8%B1-%D8%AA%D9%8F%D8%B1%DA%A9-%D9%87%D8%B3%D8%AA%D9%85-%D9%85%D8%AC%D8%B3%D9%85%D9%87-%D8%B1%D8%A7%D9%85%D8%A8%D8%AF-%D8%AC%D9%88%D8%A7%D9%86-%D8%A8%D9%87%D8%AA%D8%B1%DB%8C%D9%86-%D8%A7%D9%86%D8%AA%D8%AE%D8%A7%D8%A8-%D9%85%D9%85%DA%A9%D9%86-%D8%AF%D8%B1-%D8%A7%D9%86%D8%AA%D8%AE%D8%A7%D8%A8%D8%A7%D8%AA আহৰণ কৰা হৈছে: 2025-07-17.
  4. "آپارات - سرویس اشتراک ویدیو" (fa ভাষাত). آپارات - سرویس اشتراک ویدیو. https://www.aparat.com/v/TMfSK/%D9%85%D8%AD%D9%85%D8%AF%D8%B1%D8%B6%D8%A7_%DA%AF%D9%84%D8%B2%D8%A7%D8%B1-%D9%85%D9%86_%D8%A8%D8%A7_%D8%A7%D9%81%D8%AA%D8%AE%D8%A7%D8%B1_%D8%AA%D8%B1%DA%A9_%D9%87%D8%B3%D8%AA%D9%85 আহৰণ কৰা হৈছে: 2025-07-17.
  5. "گلزار: من با افتخار ترک هستم / فیلم". www.honaronline.ir. http://www.honaronline.ir/Pages/News-68213.aspx আহৰণ কৰা হৈছে: 2025-07-17.
  6. "محمدرضا گلزار مربی تیم والیبال ارتعاشات صنعتی" (fa ভাষাত). خبرگزاری مهر | اخبار ایران و جهان | Mehr News Agency. 2008-11-25. https://www.mehrnews.com/news/789663/%D9%85%D8%AD%D9%85%D8%AF%D8%B1%D8%B6%D8%A7-%DA%AF%D9%84%D8%B2%D8%A7%D8%B1-%D9%85%D8%B1%D8%A8%DB%8C-%D8%AA%DB%8C%D9%85-%D9%88%D8%A7%D9%84%DB%8C%D8%A8%D8%A7%D9%84-%D8%A7%D8%B1%D8%AA%D8%B9%D8%A7%D8%B4%D8%A7%D8%AA-%D8%B5%D9%86%D8%B9%D8%AA%DB%8C.
  7. iranianuk.com (2025). "محمدرضا گلزار روی نیمکت تیم والیبال ارتعاشات صنعتی - عکس" (fa ভাষাত). iranianuk.com. https://iranianuk.com/20080410092400016/%D9%85%D8%AD%D9%85%D8%AF%D8%B1%D8%B6%D8%A7-%DA%AF%D9%84%D8%B2%D8%A7%D8%B1-%D8%B1%D9%88%DB%8C-%D9%86%DB%8C%D9%85%DA%A9%D8%AA-%D8%AA%DB%8C%D9%85-%D9%88%D8%A7%D9%84%DB%8C%D8%A8%D8%A7%D9%84-%D8%A7%D8%B1%D8%AA%D8%B9%D8%A7%D8%B4%D8%A7%D8%AA-%D8%B5%D9%86%D8%B9%D8%AA%DB%8C-%D8%B9%DA%A9%D8%B3 আহৰণ কৰা হৈছে: 2025-07-17.
  8. TABNAK, تابناک | (2008-11-25). "محمدرضا گلزار در واليبال ارتعاشات" (fa ভাষাত). fa. https://www.tabnak.ir/fa/news/26776/%D9%85%D8%AD%D9%85%D8%AF%D8%B1%D8%B6%D8%A7-%DA%AF%D9%84%D8%B2%D8%A7%D8%B1-%D8%AF%D8%B1-%D9%88%D8%A7%D9%84%D9%8A%D8%A8%D8%A7%D9%84-%D8%A7%D8%B1%D8%AA%D8%B9%D8%A7%D8%B4%D8%A7%D8%AA আহৰণ কৰা হৈছে: 2025-07-17.
  9. 1 2 "گفت و گو با محمدرضا گلزار - بخش پایانی / من انتخاب اول بیضایی بودم". www.magiran.com. http://www.magiran.com/npview.asp?ID=1537375 আহৰণ কৰা হৈছে: 2025-07-17.
  10. "گفت و گو با محمدرضا گلزار - بخش پایانی / من انتخاب اول بیضایی بودم". www.magiran.com. http://www.magiran.com/npview.asp?ID=1537375 আহৰণ কৰা হৈছে: 2025-07-17.
  11. اعتراف محمدرضا گلزار در شیوه زندگی با همسرش (in ফাৰ্ছী). Retrieved 2025-07-17 via www.tabnak.ir.
  12. "Concert Rezzar Band led by Hamed Baradaran". http://plus.ir/cinema/15431.
  13. Tait, Robert (8 November 2009). "Iran names and shames well-paid actors". The Guardian (London). https://www.theguardian.com/world/2009/nov/08/iran-actors-well-paid-tax-threat.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]