মহাকবি কালিদাসৰ ৰঘুৱংশম্
অৱয়ব
| ৰঘুৱংশম্ (অসমীয়া অনুবাদ) | |
|---|---|
| লেখক | কালিদাস |
| অনুবাদক | কৌস্তুভমণি শইকীয়া দত্ত |
| ভাষা | সংস্কৃত |
| বিষয় | ৰঘু ৰাজবংশ |
| প্ৰকাৰ | মহাকাব্য |
মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
ৰঘুৱংশৰ উৎস
[সম্পাদনা কৰক]কালিদাসে "ৰামায়ণৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰি এই মহাকাব্যখনি ৰচনা কৰিছিল। মহাকাব্যখনিৰ কাহিনী “মহাভাৰত", "কথাসৰিৎসাগৰ” আৰু পুৰাণতো বিভিন্ন আকাৰে পোৱা যায়।[1]
ৰঘুৱংশম্ৰ বিষয়বস্তু
[সম্পাদনা কৰক]ৰঘুবংশ মহাকাব্য ঊনৈশটা অধ্যায়ত বিভক্ত। এই গ্ৰন্থখনত ইন্দ্বাকুবংশীয় ৰজা দিলীপৰ পৰা অগ্নিবৰ্ণলৈ মুঠ ২৯জন ৰজাৰ সংক্ষিপ্ত পৰিচয় পোৱা যায়। ৰঘুবংশ কাব্যৰ অধ্যায়ক্ৰমে বিষয়বস্তুৰ এনেধৰণৰ -
- প্ৰথম অধ্যায়ত অৰ্ধনাৰীশ্বৰ পাৰ্বতী পৰমেশ্বৰৰ বন্দনা আৰু ৰঘুবংশৰ ঐতিহ্য বৰ্ণিত হৈছে।
- দ্বিতীয়ৰ পৰা চতুৰ্থ অধ্যায়ত ৰজা দিলীপ আৰু তেওঁৰ পত্নী সুদক্ষিণাৰ পৰিচয় পোৱা যায়। ইয়াৰ পিছতে ৰঘুৰ জন্মৰ পৰা ৰাজ্যভাৰ গ্ৰহণ আৰু সাম্ৰাজ্য স্থাপনৰ কথা বৰ্ণিত হৈছে।
- পঞ্চমৰ পৰা অষ্টম অধ্যায়ত ৰঘুৰ পুত্ৰ অজৰ জন্ম, বিবাহ আৰু ৰাজ্যাভিষেক আৰু দশৰথৰ জন্মৰ পৰা আৰম্ভ কৰি অজ-ইন্দুমতীৰ মৃত্যুৰ কাহিনী চিত্ৰিত হৈছে।
- নৱম আৰু দশম অধ্যায়ত ৰাৱণ নিধনৰ বাবে বিষ্ণুৰ ৰামৰূপে আবিৰ্ভাবৰ বাৰ্তা বৰ্ণিত হৈছে।
- একাদশ পৰা পঞ্চদশ অধ্যায়ত ৰামৰ কৈশোৰৰ পৰা সীতাৰ পাতাল প্ৰবেশ পৰ্যন্ত বৰ্ণিত হৈছে।
- ষোল্লৰ পৰা ঊনবিংশ অধ্যায়ত লব-কুশৰ পৰা আৰম্ভ কৰি অগ্নিবৰ্ণ পৰ্যন্ত ৰজাসকলৰ পৰিচয় বৰ্ণিত হৈছে।[2]
ৰঘুৱংশৰ বংশানুক্ৰম
[সম্পাদনা কৰক]- দিলীপ
- বন্ধু
- অজ
- দশৰথ
- ৰাম
- কুশ
- অতিথি
- নিষধ
- নল
- নভ
- পুণ্ডৰীক
- ক্ষেমধন্বা
- দেৱানিক
- অহীনুগ
- পৰিয়াত্ৰ
- শীল
- উন্নাভ
- বজ্ৰনাভ
- শংখণ
- ব্যুষিতাশ্ব
- বিশ্বসহ
- হিৰণ্যাভ
- কৌসল্য
- ব্ৰহ্মিষ্ঠ
- পুত্ৰ
- পুষ্য
- ধ্ৰুবসন্ধি
- সুদৰ্শন
- অগ্নিবৰ্ণ[3]
অনুবাদকৰ পৰিচয়
[সম্পাদনা কৰক]কৌস্তুভমণি শইকীয়া দত্ত এগৰাকী কবি, অনুবাদক। ১৯৭৩ চনৰ ৩ জুলাই তাৰিখে যোৰহাটজিলাত তেখেতৰ জন্ম।

অনুবাদকৰ সাহিত্য-কৰ্ম
[সম্পাদনা কৰক]স্বৰচিত কবিতা পুথি
[সম্পাদনা কৰক]- ৰ’দ - বনফুল প্ৰকাশন, ২০১৩
- কথা- কস্তুৰী প্ৰকাশন, ২০১৪
- নীৰৱতাৰ বেলাড- চন্দ্ৰ প্ৰকাশ, ২০১৫
- পাখি আৰু কাঁড়- আঁক-বাক প্ৰকাশন, ২০১৭
- শব্দ আৰু অৰ্থ একত্ৰ - বি আৰ পাব্লিকেচন, ২০২২
অনুবাদ সাহিত্য
[সম্পাদনা কৰক]- মহাকবি কালিদাসৰ মেঘদূতম -সম্পূৰ্ণ অসমীয়া অনুবাদ - পাঞ্চজন্য প্ৰকাশন, ২০২০[4]
- মহাকবি কালিদাসৰ ৰঘুৱংশম্ (অনুবাদ ), শংকৰদেৱ প্ৰকাশন, ২০২৩
- মহাকবি কালিদাসৰ ঋতুসংহাৰম্ (অনুবাদ ), পূৰ্বায়ন প্ৰকাশন, ২০২৪
আৰু চাওক
[সম্পাদনা কৰক]উৎস
[সম্পাদনা কৰক]- ↑ দত্ত শইকীয়া কৌস্তুভমণি (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃষ্ঠা. ১৩. ISBN 978-93-95243-80-3.
- ↑ দত্ত শইকীয়া কৌস্তুভমণি (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃষ্ঠা. ১৩, ১৪. ISBN 978-93-95243-80-3.
- ↑ দত্ত শইকীয়া কৌস্তুভমণি (২০২৩). মহাকবি কালিদাসৰ ৰঘুৱংশম্. শংকৰদেৱ প্ৰকাশন. পৃষ্ঠা. ১৪. ISBN 978-93-95243-80-3.
- ↑ "মহাকবি কালিদাসে ১৭শ বছৰ পূৰ্বে সংস্কৃত ভাষাত লিখি থৈ গৈছিল কাব্যগ্ৰন্থ ‘মেঘদূতম’।". প্ৰতিদিন টাইম. ৪ ডিচেম্বৰ ২০২২. https://www.facebook.com/pratidintime/videos/930272777937229/?app=fbl। আহৰণ কৰা হৈছে: ৫ মে'২০২৫.
