সমললৈ যাওক

মহাকবি গিৰীশচন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাকবি গিৰীশচন্দ্ৰ
পৰিচালক মধু বসু
ৰচনা দেৱনাৰায়ণ গুপ্ত (সংলাপ)
চিত্ৰনাট্য মধু বসু
দেৱনাৰায়ণ গুপ্ত
প্ৰযোজক সুনীল বসু মল্লিক
অভিনয়ত পাহাড়ী সান্যাল
অসিত বৰণ
অহীন্দ্ৰ চৌধুৰী
চিত্ৰগ্ৰহণকাৰী অনিল গুপ্ত
সম্পাদনা কমল গাংগুলী
সংগীত পৰিচালক অনিল বাগচী
পৰিবেশক কালিকা ফিল্মছ্ প্ৰাইভেট লিঃ
মুক্তি
১ জুন ১৯৫৬ (1956-06-01)
দেশ ভাৰত
ভাষা বঙালী

মহাকবি গিৰীশচন্দ্ৰ (ইংৰাজী: Mahakavi Girishchandra) ১৯৫৬ চনৰ মধু বসু পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক নাট্যধৰ্মী ছবি। কবি আৰু নাট্যকাৰ গিৰীশচন্দ্ৰ ঘোষৰ জীৱনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[1] নাম ভূমিকাত অভিনয় কৰিছে পাহাৰী সান্যালে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে অসিতবৰণ, অহীন্দ্ৰ চৌধুৰী, গুৰুদাস বন্দ্যোপাধ্যায়, সন্ধ্যাৰাণী আৰু মলিনা দেৱী[2] ১৯৫৬ চনৰ ১ জুনত কালিকা ফিল্মছ প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন মুক্তি পায়। চতুৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত মহাকবি গিৰিশচন্দ্ৰই বঙালী ভাষা শিতানত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[3]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • পাহাড়ী সান্যাল – (গিৰিশচন্দ্ৰ ঘোষ)
  • অসিত বৰণ
  • অহীন্দ্ৰ চৌধুৰী
  • গুৰুদাস বন্দ্যোপাধ্যায় (ঠাকুৰ ৰামকৃষ্ণ)
  • সন্ধ্যাৰাণী (বিনোদিনী)
  • মলিনা দেৱী (গিৰিশৰ বায়েক)
  • ভাৰতী দেবী (সুৰত)
  • জহৰ ৰায়
  • অনুপ কুমাৰ
  • সবিতাব্ৰত দত্ত
  • নীতিশ মুখোপাধ্যায়
  • সন্তোষ সিংহ
  • মিহিৰ ভট্টাচাৰ্য
  • উৎপল দত্ত
  • অবিনাশ দাস
  • দেৱেন বন্দ্যোপাধ্যায়
  • শ্ৰীপতি
  • নিৰ্ম্মল
  • আদিত্য
  • সৌৰিন
  • শিৱকালী
  • গংগাপদ বসু
  • অজিত প্ৰকাশ
  • বিনয়
  • সজল কুমাৰ
  • শোভা সেন
  • তপতী ঘোষ

ছবিখনৰ সংগীত ৰচনা কৰিছে অনিল বাগচীয়ে। গীত ৰচনা গিৰীশচন্দ্ৰ ঘোষ আৰু শ্যামল গুপ্তৰ। গীত কণ্ঠদান কৰিছে গীতা দত্ত, ধনঞ্জয় ভট্টাচাৰ্য, উৎপলা সেন, মৃণাল চক্ৰৱৰ্তী, অঞ্জু আৰু ছবি বন্দোপাধ্যায়ে।[4]

৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৬)
  • শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)[3]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]