মহানগৰ
মহানগৰ | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | সত্যজিৎ ৰায় |
চিত্ৰনাট্য | সত্যজিৎ ৰায় |
ভিত্তি | অৱতৰণিকা লেখক: নৰেন্দ্ৰ মিত্ৰ |
প্ৰযোজক | আৰ ডি বানচাল |
অভিনয়ত | অনিল চেটাৰ্জী মাধৱী মুখাৰ্জী হাৰাধন বেনাৰ্জী হৰেণ চেটাৰ্জী বিকি ৰেডউড জয়া ভাদুৰী শেফালিকা দেৱী |
সংগীত পৰিচালক | সত্যজিৎ ৰায় |
প্ৰযোজনা কোম্পানী |
আৰ ডি বানচাল এণ্ড কোম্পানী |
পৰিবেশক | এডৱাৰ্ড হেৰিচন (যুক্তৰাষ্ট্ৰ) |
মুক্তি |
২৭ ছেপ্টেম্বৰ ১৯৬৩(India) |
দৈৰ্ঘ্য |
১৩১ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
মহানগৰ ইংৰাজী: Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।[1] নৰেন্দ্ৰনাথ মিত্ৰৰ অৱতৰণিকা শীৰ্ষক চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত এগৰাকী গৃহিণীৰ কাহিনী কোৱা হৈছে, যিয়ে এগৰাকী বিক্ৰেতাৰ চাকৰি কৰি নিজৰ পৰম্পৰাবাদী পৰিয়ালটোক বিচলিত কৰি পেলায়। এই ছবিখনত পৰৱৰ্তী কালৰ হিন্দী চলচ্চিত্ৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী জয়া ভাদুৰীৰ পৰ্দাত প্ৰথম উপস্থিতি আছিল।
১৯৬৩ চনৰ প্ৰথমাৰ্ধত কলিকতাত শ্বুটিং কৰা মহানগৰখন আছিল সত্যজিৎ পৰিচালিত প্ৰথমখন ছবি, য’ত সম্পূৰ্ণৰূপে তেওঁৰ জন্মভূমি কলিকতাৰ পটভূমিত নিৰ্মিত হৈছিল। ছবিখনে চহৰীয়া মধ্যবিত্ত শ্ৰেণীৰ সমসাময়িক বাস্তৱতাক প্ৰতিফলিত কৰিছিল, য’ত মহিলাসকলে কাম কৰিবলৈ বাহিৰলৈ ওলাই অহাতো কেৱল মুক্তিৰ ধাৰণাৰে পৰিচালিত নহয়, বৰঞ্চ ই এক অৰ্থনৈতিক বাস্তৱত পৰিণত হৈছিল। ছবিখনত পিতৃতান্ত্ৰিক দৃষ্টিভংগী আৰু সামাজিক গতিশীলতাৰ ওপৰত আত্মবিশ্বাসী শ্ৰমজীৱী মহিলাগৰাকীৰ প্ৰভাৱ পৰীক্ষা কৰা হৈছে।[1] প্ৰবীণ চলচ্চিত্ৰ সমালোচক ফিলিপ ফ্ৰেঞ্চৰ মতে, ছবিখন অপু ত্ৰিল’জীৰ সৈতে ৰায়ৰ শ্ৰেষ্ঠ কামসমূহৰ অন্যতম।[2]
বঁটা
[সম্পাদনা কৰক]- ১৯৬৪ চনত ১৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সত্যজিৎ ৰায়ে শ্ৰেষ্ঠ পৰিচালকৰ গোল্ডেন বিয়েৰ বঁটা লাভ কৰে।[3]
- ৩৬তম একাডেমী বঁটাত এই ছবিখনক শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ভাৰতীয় প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও এই বঁটাৰ বাবে চূড়ান্ত পাঁচখন মনোনীত ছবিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হোৱা নাছিল।[4]
- একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ সৰ্বভাৰতীয় প্ৰমাণপত্ৰ লাভ কৰে।[5]
- মহানগৰে ১৯৬৩ চনত প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ বাংলা চলচ্চিত্ৰৰ বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Seton, Marie (2003). Portrait of a Director: Satyajit Ray. প্ৰকাশক Delhi: Penguin Books India. পৃষ্ঠা. 233. ISBN 9780143029724. https://books.google.com/books?id=hVILvhgqN6QC. "The two sisters, Anime and Monisha, and Gulabi, are a distinct contrast from the more traditional Indian women in Ray's earlier films. But in Mahanagar, Arati is not only the central character but a woman, as Chidananda Das Gupta observed, ..."
- ↑ French, Philip (18 August 2013). "The Big City – review". The Observer. Guardian News and Media. https://www.theguardian.com/film/2013/aug/18/satyajit-ray-big-city-review। আহৰণ কৰা হৈছে: 19 August 2013.
- ↑ "Prizes & Honours 1964". Annual Archives: 1964. Berlin International Film Festival. http://www.berlinale.de/en/archiv/jahresarchive/1964/03_preistr_ger_1964/03_Preistraeger_1964.html। আহৰণ কৰা হৈছে: 19 February 2010.
- ↑ Margaret Herrick Library, Academy of Motion Picture Arts and Sciences
- ↑ "Programme - April 25, 1964". State Awards for Films. International Film Festival of India. http://iffi.nic.in/Dff2011/Frm11thNFAAward.aspx। আহৰণ কৰা হৈছে: 13 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Mahanagar (www.satyajitray.org)
- The Big City: A Woman's Place – an essay by Chandak Sengoopta at the Criterion Collection
- মহানগৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।