মহাৰজা গুলাব সিং
| মহাৰজা গুলাব সিং | |
|---|---|
| লাহোৰত গুলাব সিং, ১৮৪৬ | |
জম্মু-কাশ্মীৰৰ মহাৰাজ
| |
| ৰাজত্বকাল | ১৬ মাৰ্চ ১৮৪৬ – ২০ ফেব্ৰুৱাৰী ১৮৫৬ [1] |
| পূৰ্বসূৰী | দুলীপ সিং (শিখ সাম্ৰাজ্য ) |
| উত্তৰাধিকাৰী | ৰণবীৰ সিং (মহাৰাজ) |
| ৰাজত্বকাল | ১৬ মাৰ্চ ১৮৪৬ – ২০ ফেব্ৰুৱাৰী ১৮৫৬ [2] |
| পূৰ্বসূৰী | কিশোৰ সিং |
| উত্তৰাধিকাৰী | নিজে জম্মু-কাশ্মীৰৰ মহাৰাজ হিচাপে |
Wazir of the Sikh Empire
| |
| In office | ৩১ জানুৱাৰী ১৮৪৬ – ৯ মাৰ্চ ১৮৪৬ |
| পূৰ্বসূৰী | লাল সিং |
| পত্নীসকল | নিহাল কৌৰ, ৰাণী ৰাকৱাল |
| সন্তান | |
| সোহন সিং উধম সিং ৰণবীৰ সিং (মহাৰাজ) | |
| সম্পূৰ্ণ নাম | |
| গুলাব সিং | |
| বাসগৃহ | ডোগ্ৰা বংশ |
| পিতৃ | মিয়ান কিশোৰ সিং |
| স্বাক্ষৰ | |
| ধৰ্ম | হিন্দু ধৰ্ম |
মহাৰাজ গুলাব সিং (ইংৰাজী: Maharaja Gulab Singh) (২১ অক্টোবৰ ১৭৯২ – ৩০ জুন ১৮৫৭) জম্মু-কাশ্মীৰৰ প্ৰথম মহাৰাজ আৰু ডোগ্ৰা বংশৰ প্ৰতিষ্থাপক। মূলতঃ শিখ সাম্ৰাজ্যৰ সেনাপতি হিচাপে তেওঁ প্ৰথম এংলো-শিখ যুদ্ধত ব্ৰিটিছৰপক্ষ লয় আৰু ১৮৪৬ চনত কিছুসময়ৰ বাবে শিখ ]সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হয়।[3] সেই বছৰতে তেওঁ ব্ৰিটিছৰ সৈতে অমৃতসৰ সন্ধি স্বাক্ষৰ কৰি ব্ৰিটিছ ৰাজৰ অধীনত জম্মু-কাশ্মীৰ ৰাজ্য প্ৰতিষ্ঠা কৰে; এই সন্ধিয়ে লাহোৰ সন্ধিত শিখসকলে ব্ৰিটিছক দিয়া সকলো মাটি হস্তান্তৰ কৰাটো আনুষ্ঠানিক কৰি তুলিছিল। [4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
১৭৯২ চনৰ ১৭ অক্টোবৰত হিন্দু ডোগৰা ৰাজপুত পৰিয়ালত গুলাব সিঙৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কিশোৰ সিং জামৱাল। ১৮০৯ চনত তেওঁ ৰঞ্জিত সিঙৰ সেনাবাহিনীত যোগদান কৰে আৰু ১২,০০০ টকাৰ জাগীৰ আৰু লগতে ৯০ ঘোঁৰাও উপাৰ্জন কৰিবলৈ যথেষ্ট সফলতা লাভ কৰে।[ [2]
১৮০৮ চনত জম্মু যুদ্ধৰ পিছত এই ৰাজ্য ৰঞ্জিত সিংহই নিজৰ অধীনলৈ আনে। ৰঞ্জিত সিঙে নতুনকৈ জয় কৰা অঞ্চলটো প্ৰশাসনৰ বাবে এজন ৰাজ্যপাল নিযুক্তি দিয়ে যিটো ১৮১৯ চনত শিখ বাহিনীয়ে কাশ্মীৰক নিজৰ অন্তৰ্ভুক্ত কৰাৰ লগে লগে সম্প্ৰসাৰিত কৰে। ১৮২০ চনত পৰিয়াল আৰু বিশেষকৈ গুলাব সিঙে কৰা সেৱাৰ শলাগ লৈ ৰঞ্জিত সিঙে জম্মু অঞ্চলক কিশোৰ সিংক বংশগত ফিফ হিচাপে প্ৰদান কৰে। [2]

জম্মুৰ ৰাজা
[সম্পাদনা কৰক]
১৮২২ চনত কিশোৰ সিঙৰ মৃত্যু হয় আৰু গুলাব সিঙক তেওঁৰ চুজেৰেইন ৰঞ্জিত সিঙে জম্মুৰ ৰজা হিচাপে নিশ্চিত কৰে।[5] ইয়াৰ কিছুসময়ৰ পাছতে গুলাব সিঙে নিজৰ আত্মীয় পদচ্যুত ৰাজা জিত সিঙৰপৰা পদত্যাগ কৰাৰ আনুষ্ঠানিক ঘোষণা লাভ কৰে।
জম্মুৰ ৰজা (গভৰ্ণৰ জেনেৰেল/চীফ) হিচাপে গুলাব সিং শিখ সাম্ৰাজ্যৰ অন্যতম শক্তিশালী মুখিয়াল আছিল। ৰাজকীয় আৰু সামন্তীয় সামৰিক ব্যৱস্থাৰ অধীনত তেওঁৰ ৩টা পদাতিক ৰেজিমেণ্ট, ১৫টা লঘু আৰ্টিলাৰী আৰু ৪০টা গেৰিছন বন্দুকৰ নিজৰ ব্যক্তিগত সেনাবাহিনী বজাই ৰখাৰ অধিকাৰ আছিল।[6]
১৮২৪ চনত গুলাব সিংহই পৱিত্ৰ মানছাৰ হ্ৰদৰ সমীপত থকা সমৰতাৰ দুৰ্গ দখল কৰে। ১৮২৭ চনত তেওঁ শ্বাইডুৰ যুদ্ধত চৈয়দ আহমদৰ নেতৃত্বত আফগান বিদ্ৰোহীৰ এটা দলৰ সৈতে যুঁজি পৰাস্ত কৰা শিখৰ মুখ্য সেনাপতি হৰি সিং নলৱাৰ সৈতে গৈছিল। ১৮৩১ চনৰপৰা ১৮৩৯ চনৰ ভিতৰত ৰঞ্জিত সিঙে গুলাব সিঙক উত্তৰ পঞ্জাৱ আৰু ওচৰৰ পাঞ্জাবী চহৰ যেনে ভেৰা, ঝেলুম, ৰোহতাছ আৰু গুজৰাটৰ নিমখ খনিৰ জাগীৰ প্ৰদান কৰে।
১৮৩৭ চনৰ পুঞ্চ বিদ্ৰোহ ১৮৩৭ চনত জামৰুদৰ যুদ্ধত হৰিসিং নলৱাৰ মৃত্যুৰ পাছত হাজাৰা আৰু পুঞ্চত সুধান, তানোলী, কৰাল, ধুন্দ, সত্তী, মালদয়াল আদি মুছলমান জনগোষ্ঠীয়ে বিদ্ৰোহ কৰে। পুঞ্চ বিদ্ৰোহৰ নেতৃত্ব দিছিল সুধান জনগোষ্ঠীৰ এজন মুখিয়াল ছামছ-উদ-দিনে [7][8] আৰু ৰাজা ধ্যান সিঙৰ প্ৰাক্তন গোপনীয় অনুগামী। [8] এইদৰে শ্বামছ খানৰ ৰাজ প্ৰতাৰণাক ব্যক্তিগতভাৱে লোৱা হ’ল আৰু গুলাব সিঙক বিদ্ৰোহ দমন কৰাৰ দায়িত্ব দিয়া হ’ল। হাজাৰা আৰু মুৰী পাহাৰত বিদ্ৰোহীক পৰাস্ত কৰাৰ পাছত কিছুদিন কহুটাত থাকি গুলাব সিংহই বিদ্ৰোহীসকলৰ মাজত বিৰোধৰ বীজ সিঁচিছিল। তাৰ পিছত তেওঁৰ বাহিনীক বিদ্ৰোহক চেপি ধৰিবলৈ প্ৰেৰণ কৰা হয়। শেষত শ্বামছ খান সুধান আৰু তেওঁৰ ভতিজা ৰাজ ৱালি খানক শুই থকাৰ সময়তে বিশ্বাসঘাতকতা কৰি মূৰ কাটি পেলোৱা হয়, আনহাতে তেওঁলোকৰ লেফটেনেণ্টসকলক বন্দী কৰি জীৱিত অৱস্থাত ছাল উলিয়াই নিৰ্মমভাৱে মৃত্যুদণ্ড দিয়া হয়। সেই সময়ৰ ব্ৰিটিছ মন্তব্যকাৰীসকলে লক্ষ্য কৰিছে যে স্থানীয় জনসাধাৰণে বহুত ক্ষতিগ্ৰস্ত হৈছিল। [9]
লাহোৰত চক্ৰান্ত
[সম্পাদনা কৰক]১৮২৪ চনত গুলাব সিংহই সমৰ্থহৰ দুৰ্গ দখল কৰে। ১৮২৭ চনত তেওঁ শিখ সেনাপতি হৰি সিং নলৱাৰ সৈতে শৈডু যুদ্ধত আফগান বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজি চৈয়দ আহমেদৰ নেতৃত্বত এটা বিদ্ৰোহী জনগোষ্ঠীক পৰাস্ত কৰে। ১৮৩১ চনৰপৰা ১৮৩৯ চনৰ ভিতৰত ৰঞ্জিত সিঙে গুলাব সিংহক উত্তৰ পঞ্জাৱ আৰু ভেৰা, ৰোহতাছ, ঝেলুম, গুজৰাট চহৰৰ নিমখ খনিৰ জাগীৰ প্ৰদান কৰে। লাহোৰত পৰৱৰ্তী সময়ত সংঘটিত হোৱা পৰিঘটনাসমূহ উল্লেখযোগ্য। ১৮৩৯ চনত মহাৰাজ ৰঞ্জিত সিঙৰ মৃত্যুৰ পাছত ক্ষমতা আৰু কৰ্তৃত্বৰ ভৰসাম্যহীনতা আৰু কেন্দ্ৰীয় কৰ্তৃত্বৰ অভাৱৰ বাবে শিখ সাম্ৰাজ্য বিশৃংখলতা আৰু অৰাজকতাৰ অৱস্থালৈ নামি আহিছিল। এই অস্থিৰতাত ৰাজধানী লাহোৰ ষড়যন্ত্ৰৰ কেন্দ্ৰবিন্দু হৈ পৰিল, যাৰ আয়োজন কৰিছিল জামৱাল তিনিজন ভাতৃয়ে (গুলাব সিং, সুচেত সিং, আৰু ধিয়ান সিং)। কুঁৱৰ নৌনিহাল সিঙক ৰিজেণ্ট হিচাপে প্ৰতিষ্ঠা কৰি ৰাজা ধিয়ান সিঙক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াত সফল হয়। কিন্তু তেওঁলোকৰ পিতৃ মহাৰাজ খৰক সিঙৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ সময়ত গুলাব সিঙৰ পুত্ৰ উধম সিঙৰ সৈতে নৌনিহাল সিঙকো হত্যা কৰা হয়। [10] ১৮৪১ চনৰ জানুৱাৰী মাহত ৰঞ্জিত সিঙৰ পুত্ৰ শ্বেৰ সিঙে লাহোৰৰ সিংহাসন দখল কৰাৰ সাহসী প্ৰচেষ্টা চলাইছিল যদিও "জম্মু ভাতৃদ্বয়ে" তেওঁক বিফল কৰে। লাহোৰ দুৰ্গৰ নিৰাপত্তাৰ দায়িত্বত আছিল গুলাব সিং। জনা যায় যে শ্বেৰ সিঙে বৃহৎ আকালি সৈন্যবাহিনীৰে আক্ৰমণ কৰিছিল। তেওঁ নিজৰ সৈন্যবাহিনীৰে দুৰ্গটো ঘেৰি ধৰিলে যদিও ইয়াৰ কামান আৰু দেৱালত সোমাই যাব নোৱাৰিলে। ডোগ্ৰা আৰু শ্বেৰ সিঙৰ মাজত শান্তি চুক্তিৰ পিছত গুলাব সিঙক অস্ত্ৰ-শস্ত্ৰ লৈ জম্মুলৈ উভতি যাবলৈ অনুমতি দিয়া হয়। কোৱা হয় যে গুলাব সিঙে সেই উপলক্ষ্য্যে জম্মুলৈ লগত লৈ আহিছিল লাহোৰৰ ধনৰ বৃহৎ অংশ।
মহাৰাজ হিচাপে স্বীকৃতি
[সম্পাদনা কৰক]

ইফালে লাহোৰত চলি থকা ষড়যন্ত্ৰত ১৮৪২ চনত সন্ধৱালীৰ মুখিয়ালসকলে (ৰঞ্জিত সিঙৰ আত্মীয়) ৰাজা ধিয়ান সিং আৰু শিখ মহাৰাজ শ্বেৰ সিংহক হত্যা কৰে।[11] পৰৱৰ্তী সময়ত গুলাব সিঙৰ কনিষ্ঠ ভাতৃ সুচেত সিং আৰু ভতিজা হীৰা সিংকো হত্যা কৰা হয়। প্ৰশাসনৰ পতনৰ লগে লগে খালছা জোৱানসকলে তেওঁলোকৰ বাকী থকা দৰমহাক লৈ বিদ্ৰোহ কৰে। ১৮৪৪ চনত লাহোৰ দৰবাৰে জম্মুত আক্ৰমণৰ নিৰ্দেশ দিছিল, গুলাব সিংহক লাহোৰৰ ৰাজকোষৰ বহুখিনি লৈ যোৱাৰ বাবে ছতলেজ নদীৰ উত্তৰ দিশৰ আটাইতকৈ ধনী ৰজা বুলি গণ্য কৰা হৈছিল। [12]
অৱশ্যে গুলাব সিঙে লাহোৰ আদালতৰ সৈতে নিজৰ হৈ আলোচনা কৰিবলৈ সন্মত হয়। এই আলোচনাৰ অন্তত ৰজাক ২৭ লাখ নানাকশাহী টকাৰ জৰিমনা বিহা হয়।
পঞ্জাৱৰ কিছু অংশ সংলগ্ন হোৱাৰ পিছত ইমান সোনকালে ইমান বৃহৎ ভূ-খণ্ড দখল কৰিব পৰাকৈ সম্পদৰ অভাৱত ব্ৰিটিছে যুদ্ধৰ জৰিমনা হিচাপে ৭৫ হাজাৰ নানাকশাহী টকা আদায় দি গুলাব সিঙক তেওঁলোকৰ প্ৰত্যক্ষ অধীনস্থ মহাৰাজ হিচাপে স্বীকৃতি দিছিল। তাৰ পিছত লাহোৰৰ অসন্তুষ্ট দৰবাৰীসকলে কাশ্মীৰৰ গৱৰ্ণৰ ইমামুদ্দিনক গুলাব সিঙৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উচটনি দিছিল যদিও লাহোৰৰ সহকাৰী আৱাসী হাৰ্বাৰ্ট এডৱাৰ্ডছৰ কাৰ্য্যৰ বাবেই এই বিদ্ৰোহটো পৰাজিত হয়।
১৮৪৯ চনৰ দ্বিতীয় শিখ যুদ্ধত তেওঁ নিজৰ শিখ সৈন্যসকলক পঞ্জাৱত থকা ভাইসকলৰ কাষত পলায়ন আৰু যুদ্ধ কৰিবলৈ অনুমতি দিছিল। চুশুল আৰু অমৃতসৰ সন্ধিত জম্মু ৰাজ্যৰ পূব, দক্ষিণ আৰু পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও উত্তৰ সীমা অসংজ্ঞায়িত হৈয়েই আছিল। ১৮৫০ চনত দৰ্দ দেশৰ চিলাছৰ দুৰ্গ দখল কৰা হয়।
১৮৫৭ চনৰ ৩০ জুনত মহাৰাজ গুলাব সিঙৰ মৃত্যু হয় আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ ৰণবীৰ সিং ৰাজপাটত বহে।
গুলাবনামা
[সম্পাদনা কৰক]
এমিনাবাদ পৰিয়ালৰ দিৱানসকলৰ "মহাৰাজৰ ব্যক্তিগত সম্পাদক আৰু মহাৰাজৰ প্ৰধানমন্ত্ৰী দেৱান জৱালা সাহাইৰ পুত্ৰ" দিৱান কিৰ্পা ৰামে ১৯ শতিকাত গুলাবনামা শীৰ্ষক গুলাব সিঙৰ প্ৰথম জীৱনী পাৰ্চী ভাষাত লিখিছিল। [13][14]
কে এম পানীকাৰে গুলাবনামাক কৰ্তৃত্বশীল উৎস বুলি বৰ্ণনা কৰিছে; [13]
"এই গ্ৰন্থখন যদিও পাৰ্চী প্ৰশংসকসকলৰ অলংকৃত শৈলীত লিখা হৈছে, তথাপি ই এক শক্তিশালী ঐতিহাসিক নথি, কিয়নো ইয়াত দিৱানে বহুতো মৌলিক নথি প্ৰকাশ কৰিছে যিবোৰ এতিয়া আন ঠাইত উপলব্ধ নহয়। ইয়াৰ তথ্য আৰু কালক্ৰম নিঃসন্দেহে সঠিক। সেই সময়ত পঞ্জাৱৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়েও দিৱান সম্পূৰ্ণৰূপে অৱগত আছিল, আৰু তেওঁৰ পৰিঘটনাৰ বৰ্ণনা প্ৰাঞ্জল আৰু মানুহ আৰু বস্তুৰ প্ৰত্যক্ষ জ্ঞানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Bakshi 1998, পৃষ্ঠা. 222.
- ↑ 2.0 2.1 2.2 K. Jagjit Singh. "GULAB SINGH (1792-1857)". Punjabi University PatialaEncyclopaedia of Sikhism. http://www.learnpunjabi.org/eos/index.aspx। আহৰণ কৰা হৈছে: 6 January 2017.
- ↑ Fenech, E. Louis; Mcleod, H. W. (11 June 2014). Historical Dictionary of Sikhism. Rowman & Littlefield. পৃষ্ঠা. 130. ISBN 978-1-4422-3601-1. https://books.google.com/books?id=xajcAwAAQBAJ&pg=PA130.
- ↑ Panikkar 1930, পৃষ্ঠা. 112.
- ↑ Agnihotri, Kuldeep Chand (19 January 2021). Jammu Kashmir Ke Jannayak Maharaja Hari Singh. Prabhat Prakashan. ISBN 9789386231611. https://books.google.com/books?id=kpReDwAAQBAJ&pg=PP19.
- ↑ The History of Sikhs, J D Cunningham, Appendix
- ↑ Sir Alexander Cunningham, Four Reports Made During The Years 1862-63-64-65, (The Government Central Press, 1871), Volume I, Page 13.[1]
- ↑ 8.0 8.1 Sir Lepel H. Griffin, The Panjab Chiefs., (T. C. McCarthy, Chronicle Press, 1865), Page 594.[2]
- ↑ Hastings Donnan, Marriage Among Muslims: Preference and Choice in Northern Pakistan, (Brill, 1997), 41.[3]
- ↑ Atwal, Priya (November 2020). Royals and Rebels: The Rise and Fall of the Sikh Empire. Oxford University Press. ISBN 978-0-19-754831-8. https://books.google.com/books?id=rKkPEAAAQBAJ&pg=PA243.
- ↑ J. S. Grewal (1998). The Sikhs of the Punjab. Cambridge University Press.
- ↑ Grewal, J. S. (8 October 1998). The Sikhs of the Punjab. Cambridge University Press. ISBN 9780521637640. https://books.google.com/books?id=2_nryFANsoYC&pg=PA122.
- ↑ 13.0 13.1 Panikkar 1930, পৃষ্ঠা. 2.
- ↑ Mohammed, Jigar (June 2009) (en ভাষাত). Gulabnama: A Persian Window to J&K History. প্ৰকাশক Jammu: Epilogue–Jammu Kashmir (Vol 3, Issue 6). পৃষ্ঠা. 48–49. https://books.google.com/books?id=5EWo7eszcbgC&q=Diwan+Kirpa+Ram&pg=PA49.
গ্ৰন্থতালিকা
[সম্পাদনা কৰক]- Bakshi, S.R. (1998), Kashmir History and People, প্ৰকাশক New Delhi: Sarup and Sons, ISBN 8185431965
- Panikkar, K. M. (1930), Gulab Singh, প্ৰকাশক London: Martin Hopkinson Ltd, https://archive.org/details/gulabsingh179218031570mbp
- Singh, Bawa Satinder (1974), The Jammu Fox, Southern Illinois University Press, ISBN 0809306522
- Rai, Mridu (2004), Hindu Rulers, Muslim Subjects: Islam, Rights, and the History of Kashmir, C. Hurst & Co, ISBN 1850656614
অধিক পঢ়ক
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Gulab Singh of Jammu and Kashmir সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- How Sikhs Lost their Empire by Khushwant Singh
- Gulabnama by Dewan Kirpa Ram, translated by Professor SS Charak
- Memoirs of Alexander Gardner by Hugh Pearse
মহাৰজা গুলাব সিং জন্ম: 18 October 1792 মৃত্যু: 30 June 1857
| ||
| Regnal titles | ||
|---|---|---|
| পূৰ্বৱৰ্তী Jit Singh (as Raja of Jammu (tributary to the Sikh Empire)) |
Maharaja of Jammu and Kashmir 1846–1856 |
পৰৱৰ্তী Ranbir Singh |