সমললৈ যাওক

মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Ideas Imagination Innovations
স্থাপিত ২০১৫
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়
আচাৰ্য ৰাজ্যপাল ত্ৰিপুৰা
উপাচাৰ্য ড° বিভাস দেৱ
স্থান আগৰতলা, ত্ৰিপুৰা, ভাৰতবৰ্ষ
চৌহদ নগৰ অঞ্চল
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট https://mbbuniversity.ac.in/

মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।[1]বিশ্ববিদ্যালয়খন ভাৰতত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত অৱস্থিত।[2][1]বিশ্ববিদ্যালয়খন ত্ৰিপুৰী ৰাজ্যৰ শেষ শাসক ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মাৰ নামেৰে নামকৰণ কৰা হৈছে।

সংলগ্ন মহাবিদ্যালয়সমূহ

[সম্পাদনা কৰক]

এম. বি. বি. বিশ্ববিদ্যালয়ত তিনিখন সংযুক্ত মহাবিদ্যালয় আছে:[3]

  • বীৰ বিক্ৰম সোঁৱৰণী মহাবিদ্যালয়।
  • মহাৰাজ বীৰ বিক্ৰম মহাবিদ্যালয়।
  • ত্ৰিপূৰা চৰকাৰী আইন মহাবিদ্যালয়।

২০১৫ চনত ত্ৰিপূৰা চৰকাৰমহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় আইন ২০১৫ৰ জৰিয়তে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।[4]আৰু তেতিয়াৰ ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ে বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। গৌতম কুমাৰ বসু বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য (VC) আছিল।[5]২০১৯ চনৰ ডিচেম্বৰ মাহত সত্যদেও পোদ্দাৰ পৰৱৰ্তী উপাচাৰ্য (VC) হিচাপে নিযুক্তি লাভ কৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পোদ্দাৰদেৱে অৱসৰ গ্ৰহণ কৰে। বৰ্তমানৰ বিভাস দেৱে উপাচাৰ্য হিচাপে ২০২৫ চনৰ মাৰ্চ মাহত দায়িত্ব গ্ৰহণ কৰে।[6]

অৱস্থান

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়ৰ চৌহদ আগৰতলা চহৰৰ মাজ-মজিয়াৰপৰা ৩ কিলোমিটাৰ দূৰত কলেজ টিলাত অৱস্থিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "List of State Universities as on 08.10.2021". University Grants Commission. 8 October 2021. https://www.ugc.ac.in/oldpdf/State%20University/Consolidated%20State%20%20University%20List.pdf আহৰণ কৰা হৈছে: 16 October 2021.
  2. "Tripura's first state university to be functional soon". United News of India. 2 February 2016. http://www.uniindia.com/tripura-s-first-state-university-to-be-functional-soon/other/news/366095.html আহৰণ কৰা হৈছে: 1 August 2017.
  3. "Affiliated colleges". Maharaja Bir Bikram Universitymbbuniversity.ac.in. http://mbbuniversity.ac.in/affiliated_colleges আহৰণ কৰা হৈছে: 31 January 2019.
  4. "Maharaja Bir Bikram University Act, 2015". Tripura Gazette. Government of Tripura. 16 September 2015. http://highereducation.tripura.gov.in/PDF/MBBact.pdf আহৰণ কৰা হৈছে: 1 August 2017.
  5. "Vice Chancellor". Maharaja Bir Bikram University. http://mbbuniversity.ac.in/ViceChancellor.htm আহৰণ কৰা হৈছে: 1 August 2017.
  6. "Satyadeo Poddar appointed as new Vice Chancellor of MBB university". The Northeast Today. 8 December 2019. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624203337/https://thenortheasttoday.com/states/tripura/satyadeo-poddar-appointed-as-new-vice-chancellor-of-mbb/cid2533313.htm.