সমললৈ যাওক

মহাৰাষ্ট্ৰৰ খাদ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাৰাষ্ট্ৰৰ ব্যঞ্জনেৰে এখন থাল

মহাৰাষ্ট্ৰৰ খাদ্য(ইংৰাজী: Maharashtrian cuisine) বা মাৰাঠী খাদ্য ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী লোকসকলৰ খাদ্য। ইয়াৰ সুকীয়া বৈশিষ্ট্য আছে, আনহাতে অন্যান্য ভাৰতীয় খাদ্যৰ সৈতে বহুখিনি মিল আছে। পৰম্পৰাগতভাৱে মহাৰাষ্ট্ৰীয়সকলে তেওঁলোকৰ খাদ্যক আনতকৈ অধিক অতি সাধাৰণ আৰু সহজ বুলি গণ্য কৰে।

মহাৰাষ্ট্ৰীয় খাদ্যত অধিক আৰু কম মছলাযুক্ত দুয়োবিধ খাদ্য অন্তৰ্ভুক্ত। ঘেঁহু, চাউল, জোৱাৰ, বাজৰী, শাক-পাচলি, মচুৰ দাইল আৰু ফল-মূল খাদ্যৰ মূল সামগ্ৰী। প্ৰায়ে শাক-পাচলিৰ লগত বাদাম আৰু কাজু পৰিবেশন কৰা হয়। অৰ্থনৈতিক অৱস্থা আৰু সংস্কৃতিৰ বাবে পৰম্পৰাগতভাৱে শেহতীয়াকৈ মাংস কম বা কেৱল ধনী লোকেহে ব্যৱহাৰ কৰিছিল।

ৰাজ্যখনৰ মহানগৰ সমূহৰ নগৰীয়া খাদ্য ভাৰতৰ অন্যান্য প্ৰান্তৰৰ লগতে বিদেশৰ খাদ্যৰ দ্বাৰাও প্ৰভাৱিত হৈছে। উদাহৰণস্বৰূপে, দক্ষিণ ভাৰতীয় খাদ্য ইডলি আৰু ড'ছাৰ লগতে চীনা আৰু পশ্চিমীয়া খাদ্য যেনে পিজ্জা ঘৰুৱা ৰন্ধনত আৰু ৰেষ্টুৰেণ্টত জনপ্ৰিয়।

স্বকীয়ভাৱে মহাৰাষ্ট্ৰীয় খাদ্যসমূহৰ ভিতৰত আছে উকদিচে মোডক, আলুচি ভাজী, কণ্ডা পুহে আৰু থালিপিঠ।[1]

নিয়মীয়া আৰু দৈনিক খাদ্য

[সম্পাদনা কৰক]

Since they occupy a vast area with distinct geographical differences and food availability, the Marathi people from different regions have produced a diverse cuisine. মহাৰাষ্ট্ৰ ৰাজ্যয়ে যিহেতু বিশাল অঞ্চল দখল কৰিছে, সেইবাবে শষ্যৰ উৎপাদন সমূহৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি খাদ্যৰ বৈচিত্ৰ্যতা দেখা পোৱা যায়। প্ৰতিটো পৰিয়ালৰো নিজৰ নিজৰ মছলা আৰু উপাদানৰ অনন্য সংমিশ্ৰণ ব্যৱহাৰ কৰে ‍।মহাৰাষ্ট্ৰৰ গৰিষ্ঠসংখ্যক লোকে মাংস, মাছ আৰু কণী খোৱাৰ প্ৰতি আশক্ত নহয় আৰু বেছিভাগ মানুহৰে প্ৰধান খাদ্য বেছিভাগেই নিৰামিষভোজী। ব্ৰাহ্মণ আৰু ৱৰ্কৰি পন্থাৰ সদস্যৰ দৰে বহু সম্প্ৰদায়ে কেৱল নিৰামিষ খাদ্যহে গ্ৰহন কৰে।

দেশৰ (ডেকান মালভূমি) পৰম্পৰাগত প্ৰধান খাদ্যৰ সাধাৰণতে ভাকৰি, মছলাযুক্ত সিজোৱা শাক-পাচলি, দালি আৰু ভাত। কিন্তু উত্তৰ মহাৰাষ্ট্ৰীয় আৰু নগৰবাসীয়ে ৰুটি বা চাপাটি পছন্দ কৰে, যিটো ঘেঁহুৰে তৈয়াৰী সাধাৰণ ৰুটি। উপকূলীয় কোংকন অঞ্চলত চাউল পৰম্পৰাগত প্ৰধান খাদ্য। নাৰিকল বহু খাদ্যত ব্যৱহাৰ কৰা হয়। মুম্বাই আৰু উত্তৰ কোংকনৰ খিলঞ্জীয়া মাৰাঠী সম্প্ৰদায়ৰ নিজস্ব সুকীয়া খাদ্য আছে। মালৱানৰ ওচৰৰ দক্ষিণ কোংকনত মালৱানী খাদ্য নামৰ আন এটা স্বতন্ত্ৰ খাদ্য প্ৰস্তুত কৰা হয়, যিটো প্ৰধানকৈ নিৰামিষভোজী। তাত 'কমৰি ৱাডে'(কুকুৰা মাংসৰ পকৰী), মাছৰ প্ৰস্তুতি আৰু চোল্লাত সিজোৱা অধিক জনপ্ৰিয়। বিদৰ্ভ অঞ্চলত দৈনন্দিন প্ৰস্তুতিত নাৰিকল কম ব্যৱহাৰ কৰা হয় যদিও, শুকান নাৰিকল আৰু বাদাম মচলাযুক্ত ভাজি, ছাগলী আৰু কুকুৰাৰ মাংসত ব্যৱহাৰ কৰা হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Singh, K.S. (2004). Maharashtra (first ed.). Mumbai: Popular Prakashan. p. XLIX. ISBN 81-7991-100-4. Retrieved 20 October 2016