সমললৈ যাওক

মহাৱতাৰ নৰসিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহাৱতাৰ নৰসিংহ
Mahavatar Narsimha

আনুষ্ঠানিক প্ৰচাৰমূলক পোষ্টাৰ
পৰিচালক অশ্বিন কুমাৰ
ৰচনা জয়াপূৰ্ণ দাস
ভিত্তি নৰসিংহ পুৰাণ
বিষ্ণু পুৰাণ[1]
ভাগৱত পুৰাণ[2]
প্ৰযোজক শিল্পা ধাৱান
কুশল দেশাই
চৈতন্য দেশাই[3]
সম্পাদনা
  • অশ্বিন কুমাৰ
  • অজয় বাৰ্মা
সংগীত পৰিচালক ছেম চি. এচ.
প্ৰযোজনা
কোম্পানীসমূহ
  • ক্লিম প্ৰডাকচনচ
  • হোমবালে ফিল্মছ
মুক্তি
২৫ নৱেম্বৰ ২০২৪ (2024-11-25) (IFFI)
২৫ জুলাই ২০২৫ (2025-07-25) (ভাৰত)
দৈৰ্ঘ্য
১৩১ মিনিট[4]
সৰ্বমুঠ আয়-45 কোটি টকা ১১২ কোটি[5]

মহাৱতাৰ নৰসিংহ (ইংৰাজী: Mahavatar Narsimha) হৈছে ২০২৫ চনৰ ভাৰতীয় এনিমেটেড মহাকাব্যিক পৌৰাণিক একচনধৰ্মী ছবি, যাৰ পৰিচালক আছিল অশ্বিন কুমাৰ৷ বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু নৰসিংহ পুৰাণৰ আধাৰত জয়পূৰ্ণা দাসৰ দ্বাৰা লিখিত কাহিনীটো ক্লিম প্ৰডাকচন আৰু হোম্বলে ফিল্মছে প্ৰযোজনা কৰে।[6] ভগৱআন বিষ্ণুদহটা অৱতাৰৰ আধাৰত নিৰ্মিত পৰিকল্পিত এনিমেটেড সাতটা খণ্ডৰ মহাৱতাৰ চিনেমেটিক ইউনিভাৰ্ছৰ নৰসিংহ হৈছে প্ৰথম নিৰ্মাণ।

ছবিখনত ভগৱান বিষ্ণুৰ - বৰাহ আৰু নৰসিংহৰ অৱতাৰ লিপিবদ্ধ হৈছে। বৰাহে ভূদেৱীক (পৃথিৱী মাতৃ) অসুৰ (অসুৰ) হিৰণ্যক্ষৰ পৰা উদ্ধাৰ কৰে। বিজয়ৰ পিছত কাহিনীটো হিৰণ্যকশিপুলৈ স্থানান্তৰিত হয়৷ তেওঁ নিজকে দেৱতা ঘোষণা কৰে আৰু বিষ্ণুৰ অনুগামীসকলক অত্যাচাৰ কৰে। তেওঁৰ পুত্ৰ তথা বিষ্ণুৰ নিষ্ঠাবান অনুগামী প্ৰহ্লাদে পিতৃৰ ভাবুকিৰ পিছতো বিষ্ণুৰ প্ৰতি বিশ্বাসী হৈ থাকে। প্ৰহ্লাদক বচাবলৈ আৰু অশুভতাক পৰাস্ত কৰিবলৈ বিষ্ণুৱে হিৰণ্যকশিপুক বধ কৰিবলৈ অৰ্ধমানুহ, অৰ্ধসিংহ ৰূপৰ মিশ্ৰিত ৰূপ নৰসিংহ হিচাপে আৱিৰ্ভাৱ হয় আৰু হিৰণ্যকশিপুক বধ কৰে।

ছেম চি এছে ছবিখনৰ চাউণ্ডট্ৰেক আৰু বেকগ্ৰাউণ্ড স্কোৰ ৰচনা কৰিছিল৷ আনহাতে সম্পাদনা অজয় বৰ্মা আৰু অশ্বিন কুমাৰে নিজেই চম্ভালিছিল।[7]

২০২৪ চনৰ ২৫ নৱেম্বৰত ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত মহাৱতাৰ নৰসিংহ প্ৰদৰ্শিত হয় আৰু ২০২৫ চনৰ ২৫ জুলাইত ২-ডি আৰু ৩-ডি ফৰ্মেটত চিত্ৰগৃহত প্ৰদৰ্শিত হয়।[8][9] ছবিখনে হনুমান (২০০৫)ক অতিক্ৰম কৰি সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় এনিমেটেড ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে।[10]

প্ৰযোজনা

[সম্পাদনা কৰক]

হিন্দুধৰ্মীয় ইতিহাসত শিপাই থকা এখন থ্ৰীডি এনিমেটেড মহাকাব্যৰ সৃষ্টিৰ বাবে ক্লীম প্ৰডাকচনৰ তৰফৰ পৰা এই প্ৰকল্পটোৰ উত্থান ঘটিছিল। ২০২৪ চনৰ মাজভাগত ঘোষণা কৰা ছবিখনক পৰিচালক অশ্বিন কুমাৰে বিষ্ণু পুৰাণ, নৰসিংহ পুৰাণ, আৰু শ্ৰীমদ্ ভাগৱত পুৰাণৰ পৰা প্ৰেৰণা লৈ "আমাৰ সামূহিক ইতিহাসত শিপাই থকা ভালপোৱাৰ শ্ৰম" বুলি অভিহিত কৰিছে। হোম্বেল ফিল্মছে কেৱল ছবিখনহে উপস্থাপন কৰে।[1][2]

এই প্ৰডাকচনে ভাৰতীয় এনিমেচনক উন্নীত কৰাৰ বাবে এক কৌশল চিহ্নিত কৰিছিল। কুমাৰে এনিমেচন কেৱল শিশুৰ বাবেহে বুলি ধাৰণাটোক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰি কয় যে ছবিখনে প্ৰমাণ কৰে যে "ভাৰতীয় ভিএফএক্স আৰু এনিমেচন বিশ্বমানৰ হ'ব পাৰে।"[11] এনিমেচন প্ৰক্ৰিয়াটো প্ৰায় চাৰে চাৰি বছৰ ধৰি চলিছিল, আৰু ছবিবাস্তৱবাদৰ দিশত মনোযোগ দিয়া হৈছিল।[12]

২০২৪ চনৰ ২৫ নৱেম্বৰত ভাৰতীয় পেনোৰামা শাখাৰ অধীনত ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ২০২৪ত মহাৱতাৰ নৰসিংহৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ প্ৰিমিয়াৰ হিন্দী ভাষাত কৰা হৈছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Ashwin Kumar calls Mahavatar Narsimha "Labour of love rooted in our collective history" after its premiere at IFFI". Bollywood Hungama. 26 November 2024. https://www.bollywoodhungama.com/news/south-cinema/ashwin-kumar-calls-mahavatar-narsimha-labor-love-rooted-collective-history-premiere-iffi/. 
  2. 2.0 2.1 "Director Ashwin Kumar is confident that 'Mahavatar Narsimha' will set new standards for Indian animation and VFX". The Times of India. 27 November 2024. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/director-ashwin-kumar-is-confident-that-mahavatar-narsimha-will-set-new-standards-for-indian-animation-and-vfx/articleshow/115720301.cms. 
  3. "Hombale Films' Vijay Kiragandur on Mahavatar Narsimha under Mahavatar series: ' It will present awe-inspiring tales of Lord Vishnu’s avatars &...'" (en-us ভাষাত). Firstpost. 2024-12-05. https://www.firstpost.com/entertainment/hombale-films-vijay-kiragandur-on-mahavatar-narsimha-under-mahavatar-series-it-will-present-awe-inspiring-tales-of-lord-vishnus-avatars-13842066.html। আহৰণ কৰা হৈছে: 2025-08-03. 
  4. "MAHAVATAR NARSIMHA". Australian Classification. https://www.classification.gov.au/titles/mahavatar-narsimha. 
  5. "Mahavatar Narsimha Box Office Day 9: Ashwin Kumar’s Animated Film Eyes Rs 70 Crore" (en ভাষাত). News18. https://www.news18.com/movies/regional-cinema/mahavatar-narsimha-box-office-day-9-ashwin-kumars-animated-film-eyes-rs-70-crore-ws-l-9481024.html। আহৰণ কৰা হৈছে: 2025-08-03. 
  6. "Makers release first look of 'Mahavatar Narsimha' from the 'Mahavatar' series". The Times of India. 17 November 2024. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/makers-release-first-look-of-mahavatar-narsimha-from-the-mahavatar-series/articleshow/115381109.cms. 
  7. "We believe a story like 'Mahavatar Narsimha' deserves to be told: Vijay Kiragandur". The New Indian Express. 18 November 2024. https://www.newindianexpress.com/entertainment/kannada/2024/Nov/18/we-believe-a-story-like-mahavatar-narsimha-deserves-to-be-told-vijay-kiragandur. 
  8. "'Mahavatar Narsimha' Premieres At 55th IFFI: A Saga Of Faith, Courage, And Divine Power". Zee News. 26 November 2024. https://zeenews.india.com/bollywood/mahavatar-narsimha-premieres-at-55th-iffi-a-saga-of-faith-courage-and-divine-power-2824805.html. 
  9. "Makers of 'Mahavatar Narsimha' announce the release date with a mind-blowing first-look glimpse; netizens in awe of the animation quality". The Times of India. 12 May 2025. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/makers-of-mahavatar-narsimha-announce-the-release-date-with-a-mind-blowing-first-look-glimpse-netizens-in-awe-of-the-animation-quality/articleshow/121111551.cms. 
  10. "Makers Of Mahavatar Narsimha On Positive Response: 'This Is Just Beginning'" (en ভাষাত). News18. https://www.news18.com/movies/telugu-cinema/makers-of-mahavatar-narsimha-on-positive-response-this-is-just-beginning-ws-l-aa-aa-9473512.html। আহৰণ কৰা হৈছে: 2025-07-30. 
  11. "A New Era in Indian Animation: Mahavatar Narsimha". Observer Voice. 26 November 2024. https://observervoice.com/a-new-era-in-indian-animation-mahavatar-narsimha-79017/. 
  12. "Mahavatar Narsimha based on 3 puranas, will change animation in India: Director". India Today. 26 November 2024. https://www.indiatoday.in/movies/regional-cinema/story/mahavatar-narsimha-based-on-3-puranas-will-change-animation-in-india-says-director-2640467-2024-11-26. 
  13. "'Mahavatar Narsimha' Premieres At 55th IFFI: A Saga Of Faith, Courage, And Divine Power". Zee News. 26 November 2024. https://www.zeenews.india.com/bollywood/mahavatar-narsimha-premieres-at-55th-iffi-a-saga-of-faith-courage-and-divine-power-2824805.html/amp. [সংযোগবিহীন উৎস]