মহিলা টি-২০ বিশ্বকাপ
| মহিলা টি-২০ বিশ্বকাপ | |
|---|---|
| প্ৰসাশক | আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ |
| ধৰণ | টি-২০ আন্তঃৰাষ্ট্ৰীয় (T20I) |
| প্ৰথম প্ৰতিযোগিতা | ২০০৯ ইংলেণ্ড |
| শেষ প্ৰতিযোগিতা | ২০২৬ ইংলেণ্ড আৰু ৱেলছ |
| পৰৱৰ্তী প্ৰতিযোগিতা | ২০২৮ পাকিস্তান |
| প্ৰতিযোগিতাৰ ধৰণ | ৰাউণ্ড-ৰবিন আৰু নকআউট |
| দল সংখ্যা | ১২ (২০৩০ চনৰ পৰা ১৬ টা) |
| বৰ্তমানৰ চেম্পিয়ন | |
| সৰ্বাধিক সফল | |
| সৰ্বাধিক ৰাণ | Suzie Bates (১,২১৬)[1] |
| সৰ্বাধিক ৱিকেট | Megan Schutt (৪৮)[2] |
| ৱেবচাইট | t20worldcup.com |
আইচিচি মহিলা টি-২০ বিশ্বকাপ (ইংৰাজী: ICC Women's T20 World Cup) হৈছে ক্ৰিকেট খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ এক দ্বিবাৰ্ষিক বিশ্বকাপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)ৰ দ্বাৰা আয়োজন কৰা হয়।[3] ইয়াৰ প্ৰথম সংস্কৰণ ২০০৯ চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল।[4] প্ৰথম তিনিটা সংস্কৰণত আঠখন দেশে অংশগ্ৰহণ কৰিছিল। ২০১৪ চনৰ সংস্কৰণৰ পৰা অংশগ্ৰহণকাৰী দলৰ সংখ্যা ১০ টালৈ বৃদ্ধি কৰা হয়,[5] আৰু ২০২৬ চনৰ সংস্কৰণৰ বাবে এই সংখ্যা ১২ টালৈ বৃদ্ধি কৰা হয়।[6]
প্ৰতিখন প্ৰতিযোগিতাত এক নিৰ্দিষ্ট সংখ্যক দলে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰে, আনহাতে অৱশিষ্ট দলসমূহ গ্ল’বেল কোৱালিফায়াৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। ২০২৮ চনৰ ১২-দলীয়া প্ৰতিযোগিতাখনত ১০ টা দলে স্বয়ংক্ৰিয় যোগ্যতা অৰ্জন কৰিব; যাৰাক ভিতৰত ২০২৬ চনৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ শীৰ্ষ আঠটা দল, আয়োজক ৰাষ্ট্ৰ (যদিহে ইতিমধ্যে যোগ্যতা অৰ্জন কৰা নাই), আৰু ২০২৬ চনৰ ৬ জুলাই পৰ্যন্ত আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত পৰৱৰ্তী সৰ্বোচ্চ স্থানত থকা দলসমূহ অন্তৰ্ভুক্ত হ’ব।
২০২৪ চনলৈকে, মুঠ ৯ টা সংস্কৰণ অনুষ্ঠিত হৈছে আৰু ১২ টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ৬ বাৰকৈ খিতাপ দখল কৰা (২০১০, ২০১২, ২০১৪, ২০১৮, ২০২০, ২০২৩) অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দল হৈছে আটাইতকৈ সফল দল। আনহাতে ইংলেণ্ড (২০০৯), ৱেষ্ট ইণ্ডিজ (২০১৬) আৰু নিউজিলেণ্ডে (২০২৪) এটাকৈ খিতাপ লাভ কৰিছে।[7]
ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ সংস্কৰণ জয় কৰা নিউজিলেণ্ড বৰ্তমানৰ চেম্পিয়ন।
যোগ্যতা অৰ্জন
[সম্পাদনা কৰক]আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং আৰু এক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা, মহিলা বিশ্ব টুয়েন্টি২০ কোৱালিফায়াৰৰ দ্বাৰা যোগ্যতা নিৰ্ধাৰণ কৰা হয়। ২০১৪ চনলৈকে, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষ ছয়টা দলে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰিছিল আৰু বাকী থকা দুটা স্থান যোগ্যতা অৰ্জন প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছিল। ২০১৪ চনৰ সংস্কৰণত, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষ আঠটা দলৰ ভিতৰৰ ছয়টা স্থান নিৰ্ধাৰণ কৰা হৈছিল, যাৰ সৈতে আয়োজক দেশ আৰু তিনিটা কোৱালিফায়াৰ দলে প্ৰতিযোগিতাত যোগ দিছিল। ২০১৬ চনৰ পৰা পৰৱৰ্তী সময়ত, আইচিচি মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় দলগত ৰেংকিঙৰ শীৰ্ষ আঠটা দলৰ দ্বাৰা সাতটা স্থান নিৰ্ধাৰণ কৰা হৈছিল, য’ত আয়োজক দেশ আৰু দুটা কোৱালিফায়াৰ দল প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈছিল।
ট্ৰফী
[সম্পাদনা কৰক]আইচিচি মহিলা টি-২০ বিশ্বকাপৰ বিজয়ীসকলক ব্ৰিটিছ ৰূপকাৰ থমাছ লাইটৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা এটা ট্ৰফী প্ৰদান কৰা হয়। উচ্চতাত ৫০ চেণ্টিমিটাৰৰ এই মহিলা ট্ৰফীটো ৰূপৰ প্ৰলেপ থকা বেচ মেটেল ব্যৱহাৰ কৰি কেইবাটাও পৃথক ধাতুৰ কাষ্টিং একত্ৰিত কৰি তৈয়াৰ কৰা হৈছে।[8]
চূড়ান্ত ফলাফল
[সম্পাদনা কৰক]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Women's T20 World Cup Cricket Team Records & Stats | ESPNcricinfo.com". Cricinfo. Archived from the original on 2020-03-08. https://web.archive.org/web/20200308013452/https://www.espncricinfo.com/। আহৰণ কৰা হৈছে: 2020-03-08.
- ↑ "Women's T20 World Cup Cricket Team Records & Stats | ESPNcricinfo.com". Cricinfo. Archived from the original on 2020-03-08. https://web.archive.org/web/20200308013452/https://www.espncricinfo.com/। আহৰণ কৰা হৈছে: 2020-03-08.
- ↑ "World T20 renamed as T20 World Cup". https://icc-cricket.com। আহৰণ কৰা হৈছে: 2018-11-24.
- ↑ "World T20 to be called T20 World Cup from 2020 edition: ICC". 23 November 2018. https://indiatimes.com.
- ↑ "India set to host 2025 Women's ODI World Cup". ESPN Cricinfo. Archived from the original on 25 July 2022. https://web.archive.org/web/20220725234535/https://www.espncricinfo.com/। আহৰণ কৰা হৈছে: 26 July 2022.
- ↑ "Three sub-continent countries set to host ICC events in next cycle". International Cricket Council. https://icc-cricket.com। আহৰণ কৰা হৈছে: 26 July 2022.
- ↑ "New venue confirmed for ICC Women's T20 World Cup 2024". International Cricket Council. 20 August 2024. https://icc-cricket.com। আহৰণ কৰা হৈছে: 20 August 2024.
- ↑ "Makers of the ICC Women's T20 World Cup Trophy" (en ভাষাত). Thomas Lyte. https://thomaslyte.com/designers-and-makers-icc-womens-t20-world-cup-trophy/। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "All-conquering England take title". ESPNcricinfo. 4 July 2008. https://www.espncricinfo.com/series/icc-women-s-world-twenty20-2009-355925/england-women-vs-new-zealand-women-final-355990/match-report। আহৰণ কৰা হৈছে: 27 April 2026.
- ↑ "Australia shut down NZ for thrilling trophy win" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-women-s-world-twenty20-2010-412672/australia-women-vs-new-zealand-women-final-412718/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Australia keep Women's World T20 title" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-women-s-world-twenty20-2012-13-533235/australia-women-vs-england-women-final-533313/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Coyte, Lanning sparkle as Australia coast to hat-trick" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/women-s-world-t20-2013-14-628373/australia-women-vs-england-women-final-683015/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "West Indies Women gun down 149 for maiden WT20 title" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/women-s-world-t20-2015-16-901361/australia-women-vs-west-indies-women-final-951419/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Gardner, Wareham help Australia lift fourth title" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-women-s-world-t20-2018-19-1150525/australia-women-vs-england-women-final-1150555/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Alyssa Healy, Beth Mooney, Jess Jonassen hand clinical Australia fifth T20 World Cup title" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/women-s-t20-world-cup-2019-20-1172990/australia-women-vs-india-women-final-1173070/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Mooney's 74* leads clinical Australia to sixth T20 World Cup title" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-women-s-t20-world-cup-2022-23-1338037/south-africa-women-vs-australia-women-final-1338062/match-report। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Kerr, Halliday deliver World Cup glory on dream day for NZ cricket" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/icc-women-s-t20-world-cup-2024-25-1432420/new-zealand-women-vs-south-africa-women-final-1432444/match-report। আহৰণ কৰা হৈছে: 6 March 2025.