মহিলা মহাবিদ্যালয়, শিলচৰ
| মহিলা মহাবিদ্যালয়, শিলচৰ Women’s College, Silchar | |
|---|---|
| স্থাপিত | ১৯৬৩ |
| ধৰণ | চৰকাৰী মহাবিদ্যালয় |
| অধ্যক্ষ | ড° দেৱশ্ৰী দত্ত (ভাৰপ্ৰাপ্ত) |
| স্থান | শিলচৰ, অসম, ভাৰত |
| চৌহদ | চহৰ |
| ভুক্তি | অসম বিশ্ববিদ্যালয় |
| ৱেবছাইট | womenscollege-silchar.org.in |
মহিলা মহাবিদ্যালয়, শিলচৰ, ভাৰতৰ অসম ৰ শিলচৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াত ভাষা (ইংৰাজী, বাংলা, হিন্দী, আৰু মণিপুৰী), সমাজ বিজ্ঞান (অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ইতিহাস, আৰু শিক্ষা), আৰু অন্যান্য শাখা (বাণিজ্য, গণসংযোগ, কম্পিউটাৰ প্ৰয়োগ, আৰু পৰিৱেশ বিজ্ঞান)ৰ তিনি বছৰীয়া আৰু চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ইয়াত ওপৰত উল্লেখ কৰা বিষয়সমূহৰ সৈতে জড়িত কলা আৰু বাণিজ্যৰ উচ্চতৰ মাধ্যমিক (বিশ্ববিদ্যালয়ৰ পূৰ্বে) পাঠ্যক্ৰম, আৰু বিভিন্ন হ্ৰস্বম্যাদী ডিপ্লমা আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। ইয়াক বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC), অসম বিশ্ববিদ্যালয়, শিলচৰ, আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে স্বীকৃতি দিয়ে। মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা হৈছে।