সমললৈ যাওক

মহীশূৰ প্ৰাসাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহীশূৰ প্ৰাসাদ

মহীশূৰ প্ৰাসাদৰ পেনোৰামিক দৃশ্য
অন্য নাম আম্বা বিলাস প্ৰাসাদ
সাধাৰণ তথ্য
স্থিতি সংগ্ৰহালয়
স্থাপত্য শৈলী Indo-Saracenic
অৱস্থিতি Sayyaji Rao Rd, Agrahara, Chamrajpura, Mysuru, Karnataka 570001
চহৰ মহীশূৰ
দেশ ভাৰত
স্থানাংক 12°18′14″N 76°39′17″E / 12.3039°N 76.6547°E / 12.3039; 76.6547
নিৰ্মাণ আৰম্ভ ১৮৯৭
সম্পূৰ্ণ ১৯১২
Renovated ১৯৩২
উচ্চতা ৪৪ মিটাৰ (১৪৪ ফুট)
প্ৰযুক্তিৰ বিৱৰণ
Other dimensions ৭৫ মিটাৰ (২৪৬ ফুট) across x ৪৮ মিটাৰ (১৫৭ ফুট) deep
মজিয়াৰ সংখ্যা ৩
নক্সা আৰু নিৰ্মাণ
গৰাকী ৱাদিয়াৰ বংশ আৰু কৰ্ণাটক চৰকাৰ
স্থাপত্যবিদ হেনৰী ইৰউইন
Other designers এডউইন ৱলেষ্টন ফ্ৰিচলি
Website
https://mysorepalace.gov.in

মহীশূৰ প্ৰাসাদ, (ইংৰাজী: Mysore Palace যাক আম্বা বিলাস প্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ মহীশূৰত অৱস্থিত এক ঐতিহাসিক প্ৰাসাদ আৰু ৰাজবাসগৃহ। এইটো ৱাডিয়াৰ বংশৰ চৰকাৰী বাসগৃহ আৰু মহীশূৰ ৰাজ্যৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল। পূৰ্বৰ অট্টালিকাটো অগ্নিকাণ্ডত ধ্বংস হোৱাৰ পিছত, ১৮৯৭ চনৰ আগষ্ট মাহত কৃষ্ণৰাজ চতুৰ্থ ৱাডিয়াৰে ইয়াৰ কাম আৰম্ভ কৰিছিল। ব্ৰিটিছ স্থপতি হেনৰী ইৰউইন আৰু এডউইন ৱলাষ্টন ফ্ৰিচলীয়ে এই ৰাজপ্ৰাসাদটোৰ ডিজাইন কৰিছিল। হেনৰী ইৰউইনে ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ডিজাইন কৰিছিল[1] আৰু এডউইন ৱলাষ্টন ফ্ৰিচলিয়ে পিছলৈ ললিতা মহলৰ ডিজাইন কৰিছিল।[2] বৰ্তমানৰ গঠনটোৰ নিৰ্মাণকাৰ্য ১৮৯৭ চনৰপৰা ১৯১২ চনলৈকে চলিছিল।[3] মহীশূৰ চহৰৰ সাতটা ৰাজপ্ৰাসাদৰ ভিতৰত ই আটাইতকৈ ডাঙৰ আৰু ভাৰত-ইছলামিক, ৰাজপুত, হয়ছালা আৰু গথিক স্থাপত্য শৈলীৰ সংমিশ্ৰণেৰে ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক বিশিষ্ট উদাহৰণ। [4][5]

২০২৪ চনৰ তথ্য অনুসৰি মহীশূৰ প্ৰাসাদ ভাৰতৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী, ইয়ালৈ বছৰি ৪০ লাখতকৈ অধিক দৰ্শনাৰ্থী আহে।[6]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

'অম্বা বিলাস' নামটো সংস্কৃতৰ পৰা আহিছে। 'আম্বা' (অৰ্থাৎ "মাতৃ") হিন্দু দেৱী দুৰ্গাৰ নাম,[7] যিয়ে স্থানীয় কিংবদন্তি অনুসৰি ওচৰৰ চামুণ্ডী পাহাৰৰ শিখৰত দানৱ ৰজা মহিষাসুৰক হত্যা কৰিছিল।[8] 'বিলাস' শব্দটোৱে (আক্ষৰিক অৰ্থত "সুখ") আনন্দ বা বিলাসীতাৰ স্থানক বুজায় [9] আৰু ইংৰাজ শাসনৰ সময়ত ভাৰতৰ ৰাজপ্ৰাসাদসমূহৰ নামকৰণৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।

আৰম্ভণিৰ ইতিহাস

[সম্পাদনা কৰক]

১৫২৪ চনত তেতিয়াৰ বিজয়নগৰ সাম্ৰাজ্যৰ অধীনস্থ চমৰাজ ৱোদেয়াৰ তৃতীয়‌ই পুৰাগেৰে গাঁৱত মাটিৰ দেৱালযুক্ত এটা দুৰ্গ নিৰ্মাণ কৰিছিল।[10][11] এই ৰাজপ্ৰসাদটোৰ বিষয়ে প্ৰথম লিপিবদ্ধ উল্লেখ ১৬৩৮ চনত, যেতিয়া প্ৰথম কান্থিৰাৱ নৰসৰাজে বিজুলীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত দুৰ্গৰ ভিতৰত ৰাজপ্ৰসাদটো মেৰামতি আৰু সম্প্ৰসাৰণ কৰিছিল। [12][13] এই সময়ছোৱাত শ্ৰীৰংগপট্না মহীশূৰ ৰাজ্যৰ বাস্তৱিক ৰাজধানী আছিল,[14] আৰু মহাৰাজৰ সৈতে তেওঁৰ সৈন্যই ওচৰৰ চামুণ্ডেশ্বৰী মন্দিৰলৈ পূজা কৰিবলৈ যোৱাৰ সময়ত এই ৰাজপ্ৰসাদক প্ৰধানকৈ মহাৰাজৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল।[15]

অগ্নিকাণ্ড সংঘটিত হোৱা আগৰ পুৰণি মহীশূৰ প্ৰাসাদ (প্ৰায় ১৮৭০ চন)

ধ্বংস আৰু পুননিৰ্মাণ

[সম্পাদনা কৰক]

১৮৯৭ চনৰ ২০ ফেব্ৰুৱাৰীত চামৰাজেন্দ্ৰৰ জ্যেষ্ঠ ৰাজকুমাৰী (মহাৰাজ-কুমাৰী) জয়লক্ষ্মী আম্মানীৰ বিয়াৰ ঠিক পিছতেই মহীশূৰ প্ৰাসাদৰ উত্তৰ অংশ ভয়ংকৰ অগ্নিকাণ্ডত বহু পৰিমাণে ধ্বংস হয়। এই বিধ্বংসী অগ্নিকাণ্ডত আঠজন লোকৰ মৃত্যু হোৱাৰ লগতে অট্টালিকাটোৰ এক পঞ্চমাংশ ধ্বংস হয়; ক্ষতিগ্ৰস্ত অংশসমূহৰ ভিতৰত দৰবাৰ হল, ৰাজপ্ৰাসাদৰ অস্ত্ৰভাণ্ডাৰ, সংস্কৃত পুথিভঁৰাল আৰু সংগীত কক্ষ উল্লেখযোগ্য।[16] ৰাজপ্ৰাসাদৰ পিছফালে থকা আৱাসিক অংশটোহে অক্ষত অৱস্থাত থাকিল।[17] এই ঘটনাৰ সময়ত তেৰবছৰীয়া কৃষ্ণৰাজ চতুৰ্থ কৃষ্ণৰাজ ৱোডেয়াৰৰ বাবে মহীশূৰ ৰাজ্যৰ ৰিজেণ্ট (ভাৰতীয় শাসক) হিচাপে শাসন কৰা কেম্পানঞ্জমন্নী দেৱীয়ে নতুন ৰাজপ্ৰাসাদ নিৰ্মাণ কৰিবলৈ ব্ৰিটিছ স্থপতি হেনৰী ইৰউইন আৰু ই.ডব্লিউ. ফ্ৰিচলীক নিযুক্তি দিয়ে আৰু ৰাজপ্ৰাসাদৰ নিৰ্মাণকায্য সম্পূৰ্ণ নোহোৱালৈকে ৰাজ পৰিয়ালক ওচৰৰ জগনমোহন প্ৰাসাদলৈ স্থানান্তৰ কৰা হৈছিল।[18] মুখ্য স্থপতি হিচাপে ইৰৱিনক ১২ হাজাৰ টকা মাচুল দিয়া হৈছিল। প্ৰথমতে ২,৫০০,০০০ টকা বুলি অনুমান কৰা এই প্ৰকল্পৰ মুঠ ব্যয় অৱশেষত অনুমাণিক ৪,১৪৭,৯১৩ টকালৈ বৃদ্ধি পায় (মুদ্ৰাস্ফীতিৰ হিচাপত প্ৰায় ৩ কোটি মাৰ্কিন ডলাৰ) আৰু ১৯১২ চনত ৰাজপ্ৰাসাদ নিৰ্মাণ সম্পূৰ্ণ হয়।[19][20] ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই ৰাজপ্ৰসাদটো মূলতঃ শিল, ইটা আৰু লোহাৰে নিৰ্মাণ কৰা হৈছিল আৰু জ্বলনশীল সামগ্ৰীৰ ব্যৱহাৰ নূন্যতমভাৱে ৰখা হৈছিল।[21]

১৯১২ চনৰ আশে-পাশে নিৰ্মাণৰত নতুন ৰাজপ্ৰসাদৰ মাৰ্বলৰ মডেল

স্বাধীনতাৰ পিছত

[সম্পাদনা কৰক]

১৯৫০ চনৰ ২৬ জানুৱাৰীত 'ডমিনিয়ন অৱ ইণ্ডিয়া'ৰ পৰা গণৰাজ্যলৈ পৰিৱৰ্তন হোৱাৰ পিছত আৰু ভাৰতৰ সংবিধান গ্ৰহণৰ পিছত জয়চমৰাজেন্দ্ৰই ৱাডিয়াৰে ৰাজপ্ৰসাদৰ দৰবাৰ হলত এখন ঘোষণা পাঠ কৰে, য'ত তেওঁ মহীশূৰ ৰাজ্যৰ নিয়ন্ত্ৰণ আনুষ্ঠানিকভাৱে নৱগঠিত ভাৰতীয় গণৰাজ্যলৈ হস্তান্তৰ কৰা হয়।[22] পৰৱৰ্তী সময়ত জয়চামৰাজক মহীশূৰ ৰাজ্যৰ প্ৰথম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। ১৯৫১ আৰু ১৯৫৩ চনত তেওঁ ৰাজপ্ৰসাদৰ চৌহদত ভূৱনেশ্বৰী মন্দিৰ আৰু গায়ত্ৰী মন্দিৰ দুটা মন্দিৰ নিৰ্মাণ কৰিছিল।[23][24] ১৯৭১ চনত ২৬ সংশোধনী গৃহীত হোৱাৰ পিছত মহীশূৰৰ মহাৰাজৰ উপাধি বিলুপ্ত কৰা হয় আৰু ৰাজপ্ৰসাদৰ সন্মুখৰ মহলা দুটা জনসাধাৰণৰ বাবে মুকলি সংগ্ৰহালয়ত পৰিণত হয়।[25]

২০১৭ চনত এটিএম কিয়স্কৰ ভিতৰত বিজুতিৰ তাঁৰৰ বিসংগতিৰ ফলত হোৱা বৈদ্যুতিক অগ্নিকাণ্ডত ৰাজপ্ৰসাদৰ পূব গেটখনৰ ক্ষতিসাধন হয়।[26]

স্থাপত্য

[সম্পাদনা কৰক]

“নতুন ৰাজপ্ৰাসাদ; দক্ষিণ ভাৰতৰ আধুনিক দৰ্শনীয় স্থান।" প্ৰাচুৰ্যৰে ভৰি আছে; 'এইটো এটা গথিক কেথেড্ৰেলৰ দৰে দেখা যায়।’ মই বিশ্বাস কৰোঁ যে ইয়াক পৃথিৱীৰ আটাইতকৈ উন্নত ৰাজপ্ৰাসাদ হিচাপে গঢ়ি তোলা হৈছে আৰু যদি বহুতো সুন্দৰ আড়ম্বৰ একেলগে ৰাখি এটা মহান ধাৰণা গঠন কৰিব পাৰে তেন্তে নিশ্চিতভাৱে স্থাপত্যৰ এই প্ৰকাশ নিশ্চয় এক মহৎ শিল্পকৰ্ম হ’ব।’’

— উইলিয়াম গৰ্ডন বাৰ্ন মাৰ্ডক, ফ্ৰম এডিনবাৰ্গ টু ইণ্ডিয়া এণ্ড বাৰ্মা (১৯০৮)[27]

এই ৰাজপ্ৰাসাদটো তিনিমহলীয়া অট্টালিকা, প্ৰায় ৭৫ মিটাৰ (২৪৫ ফুট) দীঘল আৰু ৪৮ মিটাৰ (১৫৬ ফুট) বহল,[28] আৰু ইয়াক প্ৰধানকৈ ধূসৰ-সেউজীয়া গ্ৰেনাইটৰদ্বাৰা নিৰ্মিত কৰা হৈছে।[29] ৰাজপ্ৰাসাদৰ মূল গঠন হৈছে ইয়াৰ পাঁচ মহলীয়া কেন্দ্ৰীয় টাৱাৰ, ইয়াৰ শিখৰত মোগল স্থাপত্যৰ বৈশিষ্ট্যপূৰ্ণ সোণালী প্ৰলেপযুক্ত পিঁয়াজ আকৃতিৰ এটা গম্বুজ আছে। সাধাৰণ শিখৰৰ পৰিৱৰ্তে মূল গম্বুজটোৰ ওপৰত এটা সৰু 'ছাত্ৰী'(Chhatri) আছে, যিটো বৈশিষ্ট্য সাধাৰণতে ৰাজস্থানী ৰাজপ্ৰাসাদত দেখা যায়।[28] ৰাজপ্ৰসাদৰ মূল অংশৰ মাজত এটা ডাঙৰ তোৰণযুক্ত দুৱাৰমুখ আছে, যিয়ে অট্টালিকাটোৰ মূল প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে; ইয়াৰ দুয়োফালে গ্ৰেনাইটৰ খুঁটাৰে সহায় কৰা চাৰিটা সৰু তোৰণ আছে।[30] ৰাজপ্ৰসাদটোৰ দুয়ো মূৰত তিনিটা বৰ্গক্ষেত্ৰৰ টাৱাৰ আছে, প্ৰত্যেকটো টাৱাৰ পাঁচ মহলীয়া আৰু তাৰ ওপৰত গোলাপী মাৰ্বলৰ গম্বুজ আৰু চূড়া আছে। কেন্দ্ৰীয় তোৰণৰ ওপৰত গজলক্ষ্মীৰ (লক্ষ্মীৰ এটা ৰূপ, হিন্দু ধনৰ দেৱী) এটা বিশিষ্ট ভাস্কৰ্য্য স্থাপন কৰা হৈছে।[29] ব্ৰিটিছ স্থপতিবিদ হেনৰী ইৰউইনৰ দ্বাৰা ডিজাইন কৰা এই ৰাজপ্ৰসাদটো ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক সুন্দৰ উদাহৰণ, ইয়াত মোগল, ৰাজপুত, হয়ছালা আৰু গথিক স্থাপত্য শৈলীৰ উপাদানসমূহ প্ৰতিফলিত হৈছে।[28][31]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Deepa Alexander (2019-01-30). "History lessons about Madras High Court". প্ৰকাশক India: The HinduTheHindu.com. https://www.thehindu.com/society/history-and-culture/history-lessons-about-madras-high-court/article26120968.ece। আহৰণ কৰা হৈছে: 2026-05-13. "Construction began in 1888 under JW Brassington and the buildings were completed in 1892 when famed architect, Henry Irwin was at the helm."
  2. ↑ Meera Iyer (2021-12-11). "Lalitha Mahal: an architectural fantasy come to life". প্ৰকাশক India: Deccan HeraldDeccanHerald.com. https://www.deccanherald.com/india/karnataka/lalitha-mahal-an-architectural-fantasy-come-to-life-1059709.html। আহৰণ কৰা হৈছে: 2026-05-13. "The building [Lalitha Mahal] was designed by Edwin Wolleston Fritchley who was already intimately familiar with Mysore, having worked with Henry Irwin in the design and construction of the Amba Vilas Palace a few years earlier."
  3. ↑ Akki, Basavaraj (October 1995). "The Story of Mysore Palace". March of Karnataka (Mysore: Director of Information and Publicity, Government of Karnataka). https://archive.org/details/karnataka-state-archives-RGVlcGFrNzM0OA-RGVlcGFrMg। আহৰণ কৰা হৈছে: 2026-05-12.
  4. ↑ Ishika Jain (2025-05-21). "Mysuru Dasara Festival". প্ৰকাশক India: Travel IndiaTravel.India.com. https://travel.india.com/guide/destination/how-mughal-rajput-architecture-blend-in-mysore-citys-monuments-7834369/। আহৰণ কৰা হৈছে: 2026-05-12. "During a 15-year construction period supervised by British architect Henry Irwin (1897-1912) the palace achieved its mystic appearance through merging Islamic, Christian, and Hindu/Rajput architectural designs. The palace structure maintains similarity to Indo-Saracenic architecture while borrowing its design elements from both Mughal and Rajput architectural traditions."
  5. ↑ DHNS (2011a). "Mysore palace will complete 100 years next year". Deccan Herald. https://www.deccanherald.com/india/karnataka/mysore-palace-will-complete-100-years-next-year-190563.html। আহৰণ কৰা হৈছে: 2026-06-01. "A mix of designs has been used, from Indo-Saracenic to Hoysala influences to designs reminiscent of Greek architecture."
  6. ↑ "Mysuru Palace sees 2nd highest footfall in a decade in 2024 with 44,788 foreigners". 11 April 2025. https://www.deccanherald.com/india/karnataka/mysuru-palace-sees-2nd-highest-footfall-in-a-decade-in-2024-with-44788-foreigners-3490398. "During the last financial year, April 2023-March 2024, there were 40,56,975 visitors including 34,604 foreigners, which were highest in the past one decade."
  7. ↑ Apte, Vaman Shivaram (1959). "अम्बा (ambā)". The Practical Sanskrit-English Dictionary. Poona: Prasad Prakashan. Retrieved 2026-05-13.
  8. ↑ "Sri Chamundeshwari Temple". ChamundeshwariTemple.in. https://chamundeshwaritemple.in/। আহৰণ কৰা হৈছে: 2026-05-13. "‘Chamundi’ or ‘Durga’ is the fierce form of ‘Shakti’. She is the slayer of demons, ‘Chanda’ and ‘Munda’, as well as ‘Mahishasura’, the buffalo-headed monster."
  9. ↑ Macdonell, Arthur Anthony (1929). "विलास (vilāsa)". A Practical Sanskrit Dictionary. Oxford University Press. Retrieved 2026-05-13.
  10. ↑ Anita Rao Kashi. "The Fort". Times of India. https://timesofindia.indiatimes.com/travel/mysore/the-fort/ps51010590.cms। আহৰণ কৰা হৈছে: 2016-05-15. "Faced with the grandeur of Amba Vilas Palace, it is easy to miss the historic fort that surrounds it. The original walls were built under the Wadiyars in 1524."
  11. ↑ Rice, B.L. (1876). Mysore and Coorg: Mysore, by districts. প্ৰকাশক Mysore: Mysore Government Press. https://archive.org/details/mysoreandcoorgm00ricegoog। আহৰণ কৰা হৈছে: 29 February 2012. "To Cháma Rája, surnamed Bóle or 'the bald', he gave Puragere. Here a fort was either constructed or repaired in the year 1524, to which... the name of Mahishūr (buffalo-town), now contracted into Mysore, was given."
  12. ↑ King, Carol (2025-10-08). "Mysore Palace". Encyclopedia Britannica Online. Britannica. Retrieved 2026-05-12. The first recorded mention of a palace on the current site was in 1638.
  13. ↑ Aditi Shah (2020-07-14). "Mysuru Palace: Raising a Royal Residence". Live History India. https://www.livehistoryindia.com/story/monuments/mysuru-palace। আহৰণ কৰা হৈছে: 2026-05-15. "In 1638, the wooden palace was struck by lightning and rebuilt by Kanthirava Narasaraja Wadiyar I (r. 1638 – 1659 CE), who expanded the structure and added new pavilions."
  14. ↑ "Monuments of Srirangapatna Island Town". UNESCO World Heritage Convention. https://whc.unesco.org/en/tentativelists/5895/। আহৰণ কৰা হৈছে: 2016-05-15. "In 1610 CE Raja Wodeyar captured the vice regal seat of Vijayanagara at Srirangapattana and started his rule as a subordinate king of the Vijayanagara kingdom... From then onwards, it continued as the capital of Mysore."
  15. ↑ Gouri Satya (2018a). "The four-century legacy of Mysore Palace". Star of Mysore. https://starofmysore.com/the-four-century-legacy-of-mysore-palace/। আহৰণ কৰা হৈছে: 2026-05-15. "Raja Wadiyar... moved to Srirangapatna in 1610. He and other rulers visited Mysuru for worshipping Goddess Chamundeshwari often and stayed in the Palace in Mysuru."
  16. ↑ Rao 1936, পৃষ্ঠা 178: "On account of the folly of a maid-servant, the marriage pandal erected in the quadrangle of the Palace caught fire and one-fifth of the old building was destroyed including the Sejje and the three storeys rising above it up to the gold pinnacles, the Sanskrit Library, the armoury, the music-room and the Balakhana."
  17. ↑ Gouri Satya 2018a: "A devastating fire that broke out in 1897 destroyed a major portion of the northern side, leaving only the back portion, which still exists attached to the present Palace. It is called Karikal Thotti, because of the blackstone pillars. This part of the Palace now houses the personal museum of the Wadiyar family."
  18. ↑ "Maharaja's Palace". Mysore District. http://mysore.nic.in/tourism_palace.htm। আহৰণ কৰা হৈছে: 2014-02-17.
  19. ↑ "Mysore Palace". culturalindia.net. Archived from the original on 2020-12-03. https://web.archive.org/web/20201203084625/https://www.culturalindia.net/monuments/mysore-palace.html। আহৰণ কৰা হৈছে: 2021-02-07.
  20. ↑ DHNS (2011-10-11). "Mysore palace will complete 100 years next year". Deccan Herald. https://www.deccanherald.com/india/karnataka/mysore-palace-will-complete-100-years-next-year-190563.html.
  21. ↑ "Mysore Palace". Higman Consulting GmbH. https://www.higman.de/Henry%20Irwin/mysore.htm। আহৰণ কৰা হৈছে: 2026-06-02. "The journal Indian Engineering, in its issue of October 1898, speaks of the Government's directive regarding reconstruction of the palace: "...in the reconstruction, stone, brick and iron should be the chief materials used, and that the use of wood and other combustible materials should be avoided wherever possible"."
  22. ↑ Srinivasan, K (February 1950). "Order No.C.B 10632 LEGIS 244-49-3". The Mysore Gazette (Mysore: Director of Information and Publicity, Government of Karnataka). https://archive.org/details/karnataka-state-archives-RGVlcGFrNDIxMDg0-RGVlcGFrMw। আহৰণ কৰা হৈছে: 2026-05-14.
  23. ↑ "Mysore Palace". Deputy Directors Office. Mysore Palace Board, Karnataka, India. Archived from the original on 2014-12-20. https://web.archive.org/web/20141220002243/http://www.mysorepalace.gov.in/mysore_palace_history.htm। আহৰণ কৰা হৈছে: 2014-12-15.
  24. ↑ "Silver Kavacha to adorn Goddess Bhuvaneshwari at Palace temple". Star of Mysore. https://starofmysore.com/silver-kavacha-to-adorn-goddess-bhuvaneshwari-at-palace-temple/। আহৰণ কৰা হৈছে: 2026-05-14.
  25. ↑ Mohammed Fayaz. "The History of Mysore Palace: The Yaduraya Wodeyar Legacy". Vocal.Media. https://vocal.media/history/mysore-palace-a-history-and-stone-fusion-of-cultures। আহৰণ কৰা হৈছে: 2014-12-18.
  26. ↑ "Fire guts Mysuru Palace entrance". প্ৰকাশক India: The HinduTheHindu.com. 2017-05-12. https://www.thehindu.com/news/national/karnataka/fire-guts-mysuru-palace-entrance/article18434278.ece। আহৰণ কৰা হৈছে: 2026-05-18.
  27. ↑ W.G. Burn Murdoch 1908, পৃষ্ঠা. 176.
  28. 1 2 3 "Mysuru Palace". mysorepalace.karnataka.gov.in. Archived from the original on 2023-12-02. https://web.archive.org/web/20231202005933/https://mysorepalace.karnataka.gov.in/architecture.html। আহৰণ কৰা হৈছে: 2023-12-01.
  29. 1 2 "Architecture of Mysore Palace" (en ভাষাত). https://mysore.ind.in/architecture-of-mysore-palace। আহৰণ কৰা হৈছে: 2023-12-01.
  30. ↑ Bellur, Anushka (2017). "Mysuru Palace: How National Identity fought Colonial Power". https://academia.edu. "The Palace is perfectly symmetrical, with the main façade consisting of nine double-height arches upheld by ornamental pillars and flanked on each side by a tri-domed tower."
  31. ↑ DHNS 2011a: "A mix of designs has been used, from Indo-Saracenic to Hoysala influences to designs reminiscent of Greek architecture."