মহুলি
মহুলি বা মহুৱা (ওড়িয়া: ମହୁଲି) হৈছে উত্তৰ আৰু পশ্চিম ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড আৰু উত্তৰ মহাৰাষ্ট্ৰৰ আদিবাসীসকলে বিভিন্ন অনুষ্ঠানত সেৱন কৰা একপ্ৰকাৰৰ মাদক পানীয় (মদ)। ইয়াক মহুল (মহুৱা) গছৰ ফুলৰপৰা বিশেষ কিম্বন প্ৰক্ৰিয়াৰ জৰিয়তে তৈয়াৰ কৰা হয়। সাধাৰণতে ইয়াত এলকহলৰ পৰিমাণ ২৫–৪৫% থাকে।[1]

উৎপত্তি
[সম্পাদনা কৰক]ছত্তীসগঢ় আৰু ওড়িশাৰ পশ্চিম আৰু উত্তৰ অংশৰ বাষ্টাৰৰ জনজাতীয় লোকসকলে, ঝাৰখণ্ডৰ চাঁওতাল আৰু উত্তৰ মহাৰাষ্ট্ৰৰ জনজাতীয় লোকসকলে মহুৱা গছজোপা আৰু মহুৱা পানীয়ক তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে গণ্য কৰে। উদ্যাপন আৰু সন্ধিয়াৰ কাম-কাজৰ সময়ত ই এক বাধ্যতামূলক বস্তু।[2]
প্ৰস্তুতি
[সম্পাদনা কৰক]পানী, মহুল গছৰ ফুল আৰু চেনি হ'ল মহুলি প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা প্ৰধান উপাদান। গুড়িটোত এমুঠি ইউৰিয়া সাৰ মিহলাই ইষ্টৰ পুষ্টিকৰ উপাদান হ’ব লাগে। ফুলবোৰ গুড়ি কৰি কিম্বন কৰি মহুলি তৈয়াৰ কৰা হয়। বিশুদ্ধ মহুলি প্ৰায় স্বচ্ছ আৰু ইয়াৰ সুকীয়া, সহজে চিনাক্ত কৰিব পৰা গোন্ধ আছে। ই কিমান ডিষ্টিলেচন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বিশুদ্ধ মহুলিত এলকহলৰ পৰিমাণ প্ৰায় ২৫-৪৫% থাকে।[2]
প্ৰস্তুতি পদ্ধতি
[সম্পাদনা কৰক]- ৫ লিটাৰ মহুলি প্ৰস্তুত কৰিবলৈ প্ৰথমে ১ কেজি মহুল ফুল আৰু ৫০ লিটাৰ চেনি মিহলাই এটা পাত্ৰত পাঁচ দিন ৰাখিব লাগে।
- বাঁহৰ মেটেৰে ঢাকি দি কিম্বন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হয়।
- যেতিয়া এই মিশ্ৰণটো সম্পূৰ্ণ ক’লা হৈ পৰে তেতিয়া বেটাৰটো ৰেডি বুলি ধৰা হয়।
- এই মিশ্ৰণটো পাত্ৰত জুইত গৰম কৰি বাষ্পখিনি ডিষ্টিলেচনৰদ্বাৰা সংগ্ৰহ কৰি ঠাণ্ডা কৰা হয়।
- তাৰ পিছত এই সংগ্ৰহ কৰা বাষ্প ঠাণ্ডা কৰি দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়।
চিত্ৰ গেলেৰী
[সম্পাদনা কৰক]



মহুল বা মহুৱা গছ
[সম্পাদনা কৰক]মহুল বা মহুৱা এবিধ ভাৰতীয় গ্ৰীষ্মমণ্ডলীয় গছ, যি মূলতঃ মধ্য, দক্ষিণ, উত্তৰ ভাৰতৰ সমভূমি আৰু বনাঞ্চল, বাংলাদেশ, নেপাল, ম্যানমাৰ আৰু শ্ৰীলংকাত পোৱা যায়। ইয়াক সাধাৰণতে মধুকা, মাহুৰা, মদকাম, মহুৱা, মাখন গছ, মাহুৰা, মাহৱা, মহুৱা, মহুলো, ইলুপাই, মী বা ইপ্পা-চেট্টু বুলি জনা যায়। ই প্ৰায় ২০ মিটাৰ উচ্চতালৈকে বৃদ্ধি পোৱা, চিৰসেউজ বা অৰ্ধচিৰসেউজ পত্ৰযুক্ত আৰু ই Sapotaceae পৰিয়ালৰ অন্তৰ্গত। ভাৰতৰ মহাৰাষ্ট্ৰ, ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কেৰালা, গুজৰাট, পশ্চিমবংগ আৰু তামিলনাডু ৰাজ্যৰ গ্ৰীষ্মমণ্ডলীয়মিশ্ৰিত পৰ্ণপাতী অৰণ্যত ই এক বিশিষ্ট গছ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ India. Office of the Registrar General (1972). Census of India, 1961: Orissa. Manager of Publications. http://books.google.com/books?id=K8QgAQAAMAAJ। আহৰণ কৰা হৈছে: 8 July 2012.
- ↑ 2.0 2.1 Sahu, Amit (20 December 2010). "My Experiment with Indian Liquor". http://myexperimentwithindianliquor.blogspot.com/2010/12/mahuli-or-mahuwa-drink-of-tribals-of.html। আহৰণ কৰা হৈছে: 5 May 2017.
অধিক পঢ়ক
[সম্পাদনা কৰক]- Sugato Mukherjee (22 Nov 2022). "Mahua: The Indian liquor the British banned". BBC World Table. https://www.bbc.com/travel/article/20221121-mahua-the-indian-liquor-the-british-banned। আহৰণ কৰা হৈছে: 10 Mar 2023.
- "Tradition, Oppression and Resilience is in Every Pour of this Indian Spirit". Wine Enthusiast. 28 Dec 2020. https://www.winemag.com/2020/12/28/indian-spirit-mahua-history/। আহৰণ কৰা হৈছে: 10 Mar 2023.
- "Muhua Wine: Indian Traditional Alcohol". Arishtam. 17 Mar 2020. https://www.arishtam.com/mahua-wine/home-brew-tutorials/। আহৰণ কৰা হৈছে: 10 Mar 2023.
- "Photos: Making Mahua -- wine from a flower sacred to Chhattisgarh tribes". Hindustan Times. 12 Apr 2018. https://www.hindustantimes.com/photos/india-news/photos-making-mahua-wine-from-a-flower-sacred-to-chhattisgarh-tribes/photo-2KYp63yJQGyxqvs7vcfBBO.html। আহৰণ কৰা হৈছে: 10 Mar 2023.