মহুৱা মুখাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহুৱা মুখাৰ্জী
পেচা নৃত্যশিল্পী, গৱেষক
নৃত্য গৌড়ীয় নৃত্য

মহুৱা মুখাৰ্জী (ইংৰাজী: Mahua Mukherjee) ভাৰতৰ এগৰাকী নৃত্যশিল্পী৷ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ গৌড়ীয় নৃত্য ৰূপৰ প্ৰতিষ্ঠাতা৷[1]তেওঁক মহুৱা মুখোপাধ্যায় বুলিও জনা যায়৷ নৃত্যৰ লগতে তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ গৱেষক আৰু শিক্ষয়িত্ৰী আৰু সূক্ষ্ম কলা অনুষদৰ ডীন৷[2][3]তেওঁ তেওঁৰ স্বামী অমিতাভ মুখাৰ্জীৰ সৈতে ১৯৮০ চনৰ পৰাই তেওঁলোকৰ কেৰিয়াৰৰ জৰিয়তে গৌড়ীয় নৃত্য শৈলীক পুনৰুজ্জীৱিত কৰি আহিছে৷[4] তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওকলাহোমা বিশ্ববিদ্যালয়ত অতিথি অধ্যাপিকা হিচাপে নৃত্য কৰাৰ লগতে বক্তৃতাও দিছে।[5] তেওঁ ব্ৰতীন্দ্ৰনাথ মুখাৰ্জী, শশী মাহাতো, নৰোত্তম সান্যাল, গম্ভীৰ সিং মুধা, মুকুন্দ দাস ভট্টাচাৰ্য আৰু অন্যান্য বহুতৰে পৰা চৌ নৃত্য, নাচনী নাচ, কুশান নাচ আৰু কীৰ্তনীয়া নাচৰ পৰম্পৰা আয়ত্ব কৰিছে৷[6]ইয়াৰ উপৰিও মহুৱা মুখাৰ্জী গৌড়িয়া নৃত্য ভাৰতী আৰু মিত্ৰয়ন ইনষ্টিটিউটৰ পৰিচালক। শিল্পী হিচাপে তেওঁ নিজক ১৯৯৩ চনত প্ৰতিষ্ঠা কৰে৷ মাদ্ৰাজত কলানিধি নাৰায়ণনৰ উদ্যোগত অনুষ্ঠিত হোৱা “নৃত্য মহাসন্মিলন’’ত নৃত্যৰ বিষয়ে “ডেমনষ্ট্ৰেছন’’ দিছিল৷ ইয়াৰ পাছত দিল্লীত তেওঁ একক নৃত্য প্ৰদৰ্শন কৰে৷ ইয়াৰ পিছৰ পৰাই একাডেমী অফ ফাইন আৰ্টচ্ ৰ ৰাণু মুখোপাধ্যায় সহ বিভিন্ন ঠাইত নৃত্যানুষ্ঠান পৰিৱেশন কৰে৷ ত্ৰিভঙ্গী আৰু অতিভঙ্গী ব্যৱহৃত গৌড়ীয় নৃত্য অসমসহ ভাৰতৰ নানা ঠাইত জনপ্ৰিয় হোৱাৰ উপৰি বাংলদেশতো ইয়াৰ প্ৰচাৰ হৈছে৷[7] গৌড় শিক্ষাগত অৰ্হতা হিচাপে তেওঁ উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ আৰু পি,এইচ,ডি ডিগ্ৰী লাভ কৰিছে। তদুপৰি তেওঁ ভাৰত নাট্যমৰ প্ৰশিক্ষণো লৈছিল। ভাৰতীয় নৃত্য শিল্পৰ জগতখনত তেওঁক নৃত্যৰ “নিজৰা’’ হিচাপে গণ্য কৰা হয়।[2] মহুৱা মুখাৰ্জীক বিষয়বস্তু হিচাপে লৈ নাইজেৰিয়ান লেখক তনুৰে ৱাইজডে প্ৰকাশ কৰা "The Beauty I Have Seen: A Trilogy" শীৰ্ষক গ্ৰন্থত এটা কবিতা সন্নিৱিষ্ট কৰা হৈছে৷[8] তেওঁ Geetmay Tanmay - Trance in Motion নামৰ ডকুমেণ্টৰী ছবি এখনতো অভিনয় কৰিছে৷ এইখন ভাৰতৰ ফিল্ম বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল৷[9] নৃত্য, অভিনয় আৰু শিক্ষা এই তিনি বিভাগৰ সৈতে জড়িত থকাৰ উপৰি তেওঁ লেখামেলাও কৰিছে৷ তেওঁ গৌড়ীয় নৃত্যৰ ওপৰত বেঙ্গল ক্লাচিকেল ডান্স(গৌড়ীয় নৃত্য, প্ৰাচীন বাংলাৰ শাস্ত্ৰীয় নৃত্যধাৰা) নামেৰে এখনি গ্ৰন্থ প্ৰণয়ন কৰে৷ এই গ্ৰন্থখন কলকাতাৰ “দা এছিয়াটিক ছোচাইটী’’ৰ পৰা প্ৰকাশ কৰা হৈছে৷ [10]

গ্ৰন্থ প্ৰণয়ন[সম্পাদনা কৰক]

মহুৱা মুখাৰ্জীয়ে বংগীয় শাস্ত্ৰীয় গৌড়ীয় নৃত্যৰ বিষয়ে এখন গ্ৰন্থও প্ৰণয়ন কৰিছিল। গ্ৰন্থখন প্ৰকাশ কৰিছিল কলকাতাৰ এছিয়াটিক ছোচাইটিয়ে।[11]


তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Foster, S. (2009-06-10) (en ভাষাত). Worlding Dance. Springer. ISBN 9780230236844. https://books.google.com/books?id=re3MCwAAQBAJ&q=gaudiya+dance&pg=PA142. 
  2. 2.0 2.1 Bharatram, Kumudha (9 April 2011). "Dance of the ancients". The Hindu. http://www.thehindu.com/features/friday-review/dance/dance-of-the-ancients/article1608014.ece। আহৰণ কৰা হৈছে: 7 January 2014. 
  3. "Members of The Faculties". Rabindra Bharati University. Archived from the original on 12 December 2013. https://web.archive.org/web/20131212203809/http://www.rbu.ac.in/faculty.php। আহৰণ কৰা হৈছে: 14 January 2014. 
  4. Alom, Zahangir (11 November 2013). "Of euphoria and grace in dancing devotion". The Daily Star (Bangladesh). Archived from the original on 7 January 2014. https://web.archive.org/web/20140107192137/http://archive.thedailystar.net/beta2/news/of-euphoria-and-grace-in-dancing-devotion/। আহৰণ কৰা হৈছে: 7 January 2014. 
  5. Parul (7 June 2013). "Summer players". Indian Express. http://indianexpress.com/article/cities/chandigarh/summer-players/। আহৰণ কৰা হৈছে: 7 January 2014. 
  6. Rajan, Anjana (26 December 2006). "The wheel has come full circle". The Hindu. Archived from the original on 8 November 2012. https://web.archive.org/web/20121108051652/http://www.hindu.com/ms/2006/12/26/stories/2006122600040100.htm। আহৰণ কৰা হৈছে: 7 January 2014. 
  7. https://bartamanpatrika.com/detailNews.php?cID=29&nID=180523&nPID=20190803
  8. Tanure Ojaide (2010). The Beauty I Have Seen: A Trilogy. African Books Collective. পৃষ্ঠা. 88. ISBN 978-9788422297. https://books.google.com/books?id=vbPWUNyy4FQC&q=mahua+mukherje&pg=PA88. 
  9. "Trance in Motion : Short film by Films Division". Gadurr Media, YouTube. https://www.youtube.com/watch?v=Wry7y9Xnp_E। আহৰণ কৰা হৈছে: 7 January 2013. 
  10. Mukherjee, Mahua (2000) (bn ভাষাত). Gaudiya Nritya. প্ৰকাশক Kolkata: The Asiatic Society. 
  11. Mukherjee, Mahua (2000) (bn ভাষাত). Gaudiya Nritya. প্ৰকাশক Kolkata: The Asiatic Society.