সমললৈ যাওক

মহুৱা মৈত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহুৱা মৈত্ৰ
সাংসদ, লোকসভাৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে' ২০১৯
পূৰ্বসূৰী তাপস পাল
সমষ্টি কৃষ্ণনগৰ
পশ্চিম বংগ বিধান সভা
কাৰ্যকাল
২৮ মে ২০১৬ – ২৩ মে ২০১৯
পূৰ্বসূৰী সমৰেন্দ্ৰনাথ ঘোষ
উত্তৰসূৰী বিমেলন্দু সিনহা ৰয়
সমষ্টি কৰিমপুৰ
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
কাৰ্যকাল
১৩ নৱেম্বৰ ২০২১ (2021-11-13) – ৪ মে' ২০২২ (2022-05-04)
পূৰ্বসূৰী নতুন কাৰ্যালয় স্থাপিত
উত্তৰসূৰী কীৰ্তি আজাদ
ব্যক্তিগত তথ্য
জন্ম ১২ অক্টোবৰ, ১৯৭৪ (৫০ বছৰ)[1][2]
লাবাক, কাছাৰ, অসম
ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছ

মহুৱা মৈত্ৰ (ইংৰাজী: Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ[3]।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ সদনলৈ নিৰ্বাচিত হয়।[4] ভাৰতীয় সংসদত দিয়া ‘Early signs of fasicism’ভাষণৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ ওপৰত দৃষ্টি আবদ্ধ হৈছিল।[5]

মৈত্ৰই ২০১৬ চনৰ পৰা ২০১৯ চনলৈ কৰিমপুৰক প্ৰতিনিধিত্ব কৰি পশ্চিমবংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,[6] আৰু তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৩ চনৰ ১৩ নৱেম্বৰত মৈত্ৰক কৃষ্ণনগৰ (নাদিয়া উত্তৰ)ৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হিচাপে নিযুক্তি দিয়া হয়। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ জে পি মৰ্গান চেজৰ বিনিয়োগ বেংকাৰ আছিল।[7]এনআইচি পৰ্টেলৰ লগইন আৰু পাছৱৰ্ড ভাগ-বতোৱাৰা কৰাৰ বাবে নগদ প্ৰশ্নৰ গোচৰত লোকসভা নৈতিকতা সমিতিৰ পৰামৰ্শৰ পিছত ২০২৩ চনৰ ৮ ডিচেম্বৰত মৈত্ৰক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰি বহিষ্কাৰ কৰা হয়।[8][9]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

অসমৰ কাছাৰ জিলাৰ লাবাকত ১৯৭৪ চনৰ ১২ অক্টোবৰত দ্বীপেন্দ্ৰ লাল মৈত্ৰৰ ঘৰত মৈত্ৰৰ জন্ম হয়। তেওঁৰ ঘৰ বঙালী হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ আৰু তেওঁৰ এগৰাকী ভগ্নী আছে।[1][10][11]

মৈত্ৰ কলিকতাৰ গোখলে সোঁৱৰণী বালিকা বিদ্যালয়লৈ গৈছিল। ১৯৯৮ চনত আমেৰিকাৰ মেছাচুচেটছৰ মাউণ্ট হলিয়ক কলেজ চাউথ হেডলীৰ পৰা অৰ্থনীতি আৰু গণিতত স্নাতক ডিগ্ৰী লাভ কৰে।.[12]

মৈত্ৰই নিউয়ৰ্ক চহৰ আৰু লণ্ডনত জে পি মৰ্গান চেজৰ বিনিয়োগ বেংকাৰ হিচাপে কাম কৰিছিল।[13]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০০৯ চনত লণ্ডনৰ জে পি মৰ্গান চেজৰ উপ-সভাপতিৰ পদ এৰি ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰে।[13] ইয়াৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যুৱ শাখা ভাৰতীয় যুৱ কংগ্ৰেছত যোগদান কৰে য'ত তেওঁ "আম আদমি কা চিপাহী" প্ৰকল্পত ৰাহুল গান্ধীৰ অন্যতম বিশ্বাসযোগ্য ব্যক্তি আছিল।[14] ২০১০ চনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দললৈ যায়।[13] ২০১৬ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত পশ্চিম বংগৰ নাদিয়া জিলাৰ কৰিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।[13] তেওঁ পশ্চিম বংগৰ কৃষ্ণনগৰৰ পৰা ১৭ সংখ্যক লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।[15][16]

২০২১ চনৰ ১৩ নৱেম্বৰত ২০২২ চনৰ গোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দলটোক প্ৰস্তুত কৰিবলৈ টিএমচি দলৰ গোৱা ইন-চাৰ্জ হিচাপে নিযুক্তি দিয়া হয়।[17]

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৪৪,০০০+ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল আৰু নিৰ্ণায়ক জয়ৰে সংসদলৈ উভতি আহে।[18]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মৈত্ৰৰ বিবাহ ডেনিছ বিত্তীয় ব্যক্তি লাৰ্ছ ব্ৰ'ৰছনৰ সৈতে হৈছিল আৰু পিছত তেওঁৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল।[19] প্ৰায় তিনি বছৰ ধৰি অধিবক্তা জয় অনন্ত দেহাদ্ৰাইৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল।[20][21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Members : Lok Sabha". loksabhaph.nic.in. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5049। আহৰণ কৰা হৈছে: 1 March 2021. 
  2. De, Shobhaa (29 June 2019). "India is 'drunk' on Mahua: A political star is born". The Asian Age. https://www.asianage.com/opinion/oped/290619/india-is-drunk-on-mahua-a-political-star-is-born.html। আহৰণ কৰা হৈছে: 9 August 2020. 
  3. "Who is Mahua Moitra?". The Indian Express. 27 June 2019. https://indianexpress.com/article/who-is/who-is-mahua-moitra-5803133/। আহৰণ কৰা হৈছে: 28 June 2019. 
  4. "Election Results 2019: Privacy Warrior Mahua Moitra Wins West Bengal's Krishnanagar" (en ভাষাত). HuffPost. 23 May 2019. https://www.huffingtonpost.in/entry/elections-2019-mahua-moitra-bengal_in_5ce5780fe4b0db9c29917531. 
  5. "Bullish Wins & Bearish Losses: Here are the key contests and results of 2024 Lok Sabha polls". Economic Times. 6 June 2024. https://economictimes.indiatimes.com/news/elections/lok-sabha/india/bullish-wins-bearish-losses-here-are-the-key-contests-of-2024-lok-sabha-results/articleshow/110713130.cms. 
  6. "West Bengal 2016 Mahua Moitra (Winner) Karimpur". MyNeta. http://www.myneta.info/westbengal2016/candidate.php?candidate_id=967। আহৰণ কৰা হৈছে: 5 June 2016. 
  7. "Ex-investment banker Mahua Moitra has assets of over Rs 2.5 cr". India Today. http://indiatoday.intoday.in/story/ex-investment-banker-mahua-moitra-has-assets-of-over-rs-2.5-cr/1/632716.html। আহৰণ কৰা হৈছে: 5 June 2016. 
  8. Sharm, Nonika (8 December 2023). "Parliament Winter Session LIVE Updates: Lok Sabha Expels Trinamool MP Mahua Moitra, House Adjourned". NDTV. https://www.ndtv.com/india-news/parliament-winter-session-live-updates-ethics-panel-to-submit-mahua-moitra-report-today-4644414. 
  9. Phukan, Sandeep (8 December 2023). "Mahua Moitra expelled from Lok Sabha after cash for query allegation". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/ethics-panel-report-mahua-moitras-expulsion-lok-sabha/article67617491.ece. 
  10. "Mahua Moitra| National Portal of India". https://www.india.gov.in/my-government/indian-parliament/mahua-moitra। আহৰণ কৰা হৈছে: 24 February 2023. 
  11. Yadav, Puneet Nicholas (28 June 2019). "BJP Succeeded In Creating Impression Of 'Nameless, Faceless Enemy' Coming For Hindus: Mahua Moitra". Outlook. https://www.outlookindia.com/website/story/india-news-bjp-succeeded-in-creating-impression-of-nameless-faceless-enemy-coming-for-hindus-mahua-moitra/333167। আহৰণ কৰা হৈছে: 26 September 2020. "I am a Hindu and neither I nor anyone from my family, ever felt it necessary to assert or to tattoo the fact on our foreheads that we are Hindus or Brahmins." 
  12. Feuerstein, Christian (9 May 2021). "Mahua Moitra '98 speech decries fascism". Mount Holyoke College. Archived from the original on 12 May 2021. https://web.archive.org/web/20210512035425/https://www.mtholyoke.edu/media/mahua-moitra-98-speech-decries-fascism। আহৰণ কৰা হৈছে: 9 May 2021. 
  13. 13.0 13.1 13.2 13.3 Bhattacharya, Ravik (11 May 2010). "Key Youth Cong face in Bengal flirts with Trinamool". Indian Express Archives. http://archive.indianexpress.com/news/key-youth-cong-face-in-bengal-flirts-with-trinamool/617255/। আহৰণ কৰা হৈছে: 19 July 2017. 
  14. De, Shobhaa (29 June 2019). "India is 'drunk' on Mahua: A political star is born". The Asian Age. https://www.asianage.com/opinion/oped/290619/india-is-drunk-on-mahua-a-political-star-is-born.html। আহৰণ কৰা হৈছে: 28 November 2019. 
  15. "Winner and Runner up Candidate in Karimpur assembly constituency". Elections.in. http://www.elections.in/west-bengal/assembly-constituencies/karimpur.html। আহৰণ কৰা হৈছে: 5 June 2016. 
  16. "Mahua Moitra Karimpur". NDTV. http://www.ndtv.com/elections/west-bengal/karimpur-mla-results। আহৰণ কৰা হৈছে: 5 June 2016. 
  17. "TMC appoints Mahua Moitra as party's Goa in-charge ahead of Assembly polls" (en ভাষাত). The Indian Express. 13 November 2021. https://indianexpress.com/article/cities/goa/trinamool-congress-mahua-moitra-goa-in-charge-assembly-polls-7621320/. 
  18. "Lok Sabha Election 2024: After expulsion, Mahua Moitra set to return to Parliament with a bang". The Times of India. 4 June 2024. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/lok-sabha-election-2024-after-expulsion-mahua-moitra-set-to-return-to-parliament-with-a-bang/articleshow/110710928.cms. 
  19. "Interview of Mahua Moitra by Sheela Bhatt, NewsX, 4 July 2019". NewsX. 4 July 2019. https://www.youtube.com/watch?v=DCyGHPgNlJQ&t=17m33s। আহৰণ কৰা হৈছে: 19 September 2020. 
  20. शुक्‍ला, अमित (24 October 2023). "महुआ मोइत्रा के 'एक्‍स' किसे कर रहे हैं Miss, पोस्‍ट किया पुराना वीडियो जब साथ था वो". Navbharat Times. https://navbharattimes.indiatimes.com/india/mahua-moitra-ex-jai-anant-dehadrai-missing-henry-posted-old-video-when-they-live-together/articleshow/104674356.cms. 
  21. Rajpurohit, Shivnarayan (18 October 2023). "Mahua Moitra's 'jilted ex', former ToI columnist, lawyer: Who is Jai Anant Dehadrai?". Newslaundry. https://www.newslaundry.com/2023/10/18/mahua-moitras-jilted-ex-former-toi-columnist-lawyer-who-is-jai-anant-dehadrai.