মহুৱা ৰায়চৌধুৰী
| মহুৱা ৰায়চৌধুৰী (ইংৰাজী: Mahua Roy Choudhury ; | |
|---|---|
| চিত্ৰ:Mahua Roychoudhury.jpeg দাদাৰ কীৰ্তি (১৯৮০) ছবিত মহুৱা ৰায়চৌধুৰী | |
| জন্ম | ২৪ ছেপ্টেম্বৰ, ১৯৫৮[1] |
| মৃত্যু | ২২ জুলাই, ১৯৮৫ (২৬ বছৰ) কলকাতা, পশ্চিম বংগ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৩-১৯৮৫ |
| জনা যায় |
|
মহুৱা ৰায়চৌধুৰী (ইংৰাজী: Mahua Roy Choudhury ; ২৪ ছেপ্টেম্বৰ ১৯৫৮ – ২২ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক বাংলা ছবিত কৰা কামৰ বাবে জনা যায়।[2] তেওঁক বাংলা চলচ্চিত্ৰৰ অন্যতম সফল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।[3] ফিল্মফেয়াৰ বঁটাকে ধৰি তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। ১৯৮৭ চনত ৫ম ডামাস্কাছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আদমি আৰু ঔৰত (১৯৮৪) ছবিত অভিনয় কৰাৰ বাবে মৰণোত্তৰভাৱে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰা হয়।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৮ চনৰ ২৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৰায়চৌধুৰীৰ মূল নাম শিপ্ৰা ৰায় চৌধুৰী। পৰিচালক তৰুণ মজুমদাৰে তেওঁৰ ‘মহুৱা’ নাম ৰাখে। তৰুণ মজুমদাৰে তেওঁক আৱিষ্কাৰ কৰে আৰু সন্ধ্যা ৰায়ে তেওঁক চলচ্চিত্ৰৰ বাবে প্ৰস্তুত কৰি তোলে। মহুৱা ৰায় চৌধুৰী আছিল দমদমৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ নীলাঞ্জন ৰায়চৌধুৰী আছিল এজন নৃত্যশিল্পী।
কৰ্মজীৱন
[সম্পাদনা কৰক]আমোল পালেকাৰৰ সৈতে তপন সিনহাৰ ছবি ‘আদমি ঔৰ ঔৰত’ত তেওঁৰ অসাধাৰণ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। আনকি এটা সময়ো আছিল, যেতিয়া বাংলা ছবিবোৰ কেৱল তেওঁৰ নামেৰেই চলিছিল। অতি কম সময়ৰ ভিতৰতে মহুৱাই বিপুল সফলতা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৮৩ চনত লাল গোলাপৰ ছবিখনেৰে তেওঁ বাংলা চলচ্চিত্ৰক হেৰোৱা মৰ্যদা ঘূৰাই আনিবলৈ সক্ষম হৈছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mahua Raychowdhury". ibollytv.com. Archived from the original on 27 September 2015. https://web.archive.org/web/20150927202142/http://www.ibollytv.com/actor.php?name=Mahua%20Roy%20Chowdhury। আহৰণ কৰা হৈছে: 27 September 2015.
- ↑ "Mahua Roy Chowdhury movies, filmography, biography and songs". Cinestaan. https://www.cinestaan.com/people/mahua-roy-chowdhury-9823। আহৰণ কৰা হৈছে: 22 July 2019.
- ↑ "Mahua Raychowdhury profile". in.com. Archived from the original on 28 September 2015. https://web.archive.org/web/20150928133129/http://www.in.com/mahua-roychowdhury/profile-50002595.html। আহৰণ কৰা হৈছে: 27 September 2015.
- ↑ "Mahua Roychoudhury: A Death Most Foul — Out of Pandora" (en-GB ভাষাত). Out of Pandora. 4 May 2017. Archived from the original on 24 December 2017. https://web.archive.org/web/20171224213852/https://outofpandora.com/mahua-roychoudhury-death-foul/.
- ↑ "Queen of Bengali cinema Mahua Roychowdhury death remains a suspense drama". 15 August 1985. https://www.indiatoday.in/magazine/society-the-arts/films/story/19850815-queen-of-bengali-cinema-mahua-roychowdhury-death-remains-a-suspense-drama-770294-2013-12-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মহুৱা ৰায়চৌধুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।