মহৎ ঐতিহ্য
| মহৎ ঐতিহ্য | |
|---|---|
| লেখক | নলিনীধৰ ভট্টাচাৰ্য |
| প্ৰচ্ছদ শিল্পী | সুব্ৰত চৌধুৰী |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বিষয় | বিশ্বসাহিত্য |
| প্ৰকাৰ | সাহিত্য সমালোচনা |
| প্ৰকাশক | ষ্টুডেণ্টচ ষ্ট’ৰচ |
| প্ৰকাশ | জানুৱাৰী, ১৯৯৯ |
| মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা) |
| পৃষ্ঠা সংখ্যা | ১২২ |
| আই.এচ.বি.এন. | 81-7665-009-9। |
মহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন।[1] গ্ৰন্থখনৰ লেখক হ’ল কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য। গ্ৰন্থখনে ২০০২ চনত সমালোচনা শিতানত সাহিত্য অকাদেমি বঁটা লাভ কৰে।[2]
বিষয়বস্তু
[সম্পাদনা কৰক]গ্ৰন্থখনত মুঠ এঘাৰটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। লেখকে 'মোৰ একেষাৰ' শীৰ্ষক ভূমিকাখনত কোৱা অনুসৰি প্ৰবন্ধসমূহত বিশ্বসাহিত্যৰ শিৰোমণি স্বৰূপ কেইজনমান লেখকৰ শ্ৰেষ্ঠ ৰচনাসমূহৰ আভাস দিয়াৰ প্ৰয়াস কৰিছে। অন্তৰ্ভুক্ত হোৱা প্ৰবন্ধকেইটা হ’ল: ‘আত্মিক যাত্ৰাৰ কাব্য : ডিভাইন কমেডি’; ‘গ্ৰীক নাটকৰ চৰিত্ৰ’; ‘শ্বেক্সপিয়েৰৰ নাট আৰু সমাজ-চিন্তা’; ‘টলষ্টয়বাদ আৰু টলষ্টয়ৰ উপন্যাস’; ‘ফাউষ্ট : আধুনিক জীৱনৰ ইলিয়াড’; ‘পাশ্চাত্যৰ প্ৰথম কমেডি : দি ফ্ৰগছ’; ‘কবি এলিয়টৰ সমাজবোধ’; ‘ৰবীন্দ্ৰনাথ আৰু জাতীয়তাবাদ’; ‘চুটিগল্পত ঐতিহ্য-জিজ্ঞাসা আৰু উত্তৰণশীল চেতনা’; ‘সাহিত্যকলা আৰু আত্ম-পৰিচয়ৰ সমস্যা’ আৰু ‘উপন্যাস আৰু জনজীৱন’। গ্ৰন্থখনত ওপৰঞ্চি হিচাপেও এটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। সেইটো হ’ল ‘গেটেৰ ‘ফাউষ্ট’ৰ অসমীয়া অনুবাদ’।[1]
প্ৰকাশৰ ইতিহাস
[সম্পাদনা কৰক]গ্ৰন্থখন প্ৰথম প্ৰকাশ পায় ১৯৯৯ চনৰ জানুৱাৰী মাহত। প্ৰকাশ কৰে গুৱাহাটীৰ ষ্টুডেণ্টচ ষ্ট’ৰচে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 মহৎ ঐতিহ্য, নলিনীধৰ ভট্টাচাৰ্য, ষ্টুডেণ্টচ ষ্টৰচ, ১৯৯৯, ISBN 81-7665-009-9।
- ↑ https://sahitya-akademi.gov.in/awards/akademi%20samman_suchi.jsp