মাংগ (জাতি)


মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী , জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস কৰা হয়।[1] বৰ্তমান ভাৰতত এইসকলক অনুসূচীত জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। মাতংগসকলৰ মূল উৎস নৰ্মদা উপত্যকাৰ পৰা বুলি জনা যায়। বৃটিছ শাসনকালত ইহঁতক অপৰাধী উপজাতি আইনৰ অধীনত অপৰাধী উপজাতি হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল।[2]
ধৰ্ম
[সম্পাদনা কৰক]মাতংগ জাতিৰ বহুতেই হিন্দুধৰ্ম পালন কৰে। বৰ্তমান সময়ত ইহঁত বি. আৰ. আম্বেদকাৰ আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ অনুসাৰী। ইহঁতে সকলো মূল হিন্দু উৎসৱ পালন কৰে। লগতে, মৈসাম্মা দেৱীৰ বছৰেকীয়া জাতৰাও উদযাপন কৰে, য'ত ভেড়া আৰু ছাগলী বলি দিয়া হয় আৰু মাংসৰ ভোজ কৰা হয়।[3]
২০১১ চনৰ জনগণনা অনুসৰি, মহাৰাষ্ট্ৰত ৩৫,৮৩১জন মাতংগ বৌদ্ধ আছিল।[4]
সমাজ আৰু সংস্কৃতি
[সম্পাদনা কৰক]বৃটিছ শাসনৰ পূৰ্বে, মাটাংসকল ১২জন বংশানুক্ৰমিক গাঁও সেৱকৰ ভিতৰত এজন আছিল, যাক বাৰা বলুতেদাৰ বুলি জনা যায়। বংশগত ৰছী নিৰ্মাতা আৰু গাঁৱৰ মনোৰঞ্জক। তেওঁলোকৰ সেৱাৰ বাবে তেওঁলোকে গাঁৱৰ উৎপাদিত সামগ্ৰীৰ অংশ লাভ কৰিছিল। এই জাতি হিন্দু আছিল আৰু জৱাল (প্ৰথম চুলি কটা), শ্বেন্দি, লগ্ন, আৰু অন্ত্যেষ্টিক্ৰিয়া আদি হিন্দু ৰীতি-নীতি পালন কৰিছিল।[5]
বিংশ শতিকাৰ আৰম্ভণিতে, মাতংগসকলে নিজৰ অধিকাৰৰ বাবে জাতি সংগঠন গঠন কৰিবলৈ আৰম্ভ কৰে। ১৯২৩ চনত মাতংগ ছচাইটি আৰু ১৯৩২ চনত মাতংগ সমাজ স্থাপন কৰা হয়।[6][7]
প্ৰসিদ্ধ ব্যক্তি
[সম্পাদনা কৰক]- আন্নাভাউ শাঠে – মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক।
- লাহুজী ৰঘুজী সালভে – মহাৰাষ্ট্ৰৰ সমাজ সংস্কাৰক।
অধিক পঢ়িবলৈ চাওক
[সম্পাদনা কৰক]- Constable, Philip (May 2001). "The Marginalization of a Dalit Martial Race in Late Nineteenth- and Early Twentieth-Century Western India". The Journal of Asian Studies খণ্ড 60 (2): 439–478. doi:10.2307/2659700. PMID 18268829.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Mang (caste) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Robert Vane Russell (1916). pt. II. Descriptive articles on the principal castes and tribes of the Central Provinces. Macmillan and Co., limited. পৃষ্ঠা. 188–. https://books.google.com/books?id=xGXhAAAAMAAJ&pg=PA188। আহৰণ কৰা হৈছে: 14 August 2012.
- ↑ Bates, Crispin (1995). "Race, Caste and Tribe in Central India: the early origins of Indian anthropometry". In Robb, Peter. The Concept of Race in South Asia. প্ৰকাশক Delhi: Oxford University Press. পৃষ্ঠা. 227. ISBN 978-0-19-563767-0. https://books.google.com/books?id=PwNkQgAACAAJ। আহৰণ কৰা হৈছে: 2011-12-01.
- ↑ http://lsi.gov.in:8081/jspui/bitstream/123456789/2806/1/41944_1961_ETH.pdf সাঁচ:Bare URL PDF
- ↑ "महाराष्ट्रातील अनुसूचित जातींची धर्मनिहाय लोकसंख्या". 23 February 2024. https://www.dhammabharat.com/religion-wise-population-of-scheduled-castes-in-maharashtra/.
- ↑ Krishnaji Nageshrao Chitnis (1994). Glimpses of Maratha Socio-economic History. Atlantic Publishers & Dist. পৃষ্ঠা. 125, 135. ISBN 978-81-7156-347-0. https://books.google.com/books?id=k--C9xHsSnEC&pg=PP15.
- ↑ Surajit Sinha (1 January 1993). Anthropology of Weaker Sections. Concept Publishing Company. পৃষ্ঠা. 330–. ISBN 978-81-7022-491-4. https://books.google.com/books?id=pjVdJMBeXU8C&pg=PA330। আহৰণ কৰা হৈছে: 24 August 2013.
- ↑ Prahlad Gangaram Jogdand (1991). Dalit movement in Maharashtra. Kanak Publications. https://books.google.com/books?id=1VpuAAAAMAAJ। আহৰণ কৰা হৈছে: 24 August 2013.