মাইক্ৰিক্সালাছ এড’নিছ
| Micrixalus adonis | |
|---|---|
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Amphibian |
| বৰ্গ: | Frog |
| পৰিয়াল: | Micrixalus |
| গণ: | Micrixalus |
| প্ৰজাতি: | M. adonis |
| দ্বৈৰাশিক নামকৰণ | |
| Micrixalus adonis Biju et al., 2014[1] | |
মাইক্ৰিক্সালাছ এড’নিছ (ইংৰাজী: Micrixalus adonis) হৈছে মাইক্ৰিক্সালিডে পৰিয়ালৰ এটা নতুনকৈ বৰ্ণনা কৰা ভেকুলী প্ৰজাতি। ই দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি, পালঘাট আৰু শ্বেনকোটাৰ মাজৰ অঞ্চলত ই সীমাৱদ্ধ।[2][1] এই প্ৰজাতিটোৰ বাবে সাধাৰণ নাম সুন্দৰ নৃত্যৰতা ভেকুলী (beautiful dancing frog) হিচাপে প্ৰস্তাৱ কৰা হৈছে, ইয়াৰ উজ্জ্বল চহকী ৰঙৰ বাবেই এই নাম প্ৰস্তাৱ কৰা হৈছে।[1]
বিৱৰণ
[সম্পাদনা কৰক]এম. এডনিছ কথিত মাইক্ৰিক্সালাছ ফাস্কাছ গোটৰ অন্তভুৰ্ক্ত, এই গোটত এম.ফুস্কাছ, এম.হেৰেই, এম.কোদায়াৰী, এম.মল্লানী, আৰু এম.নেলিয়াম্পাথি আদি প্ৰজাতি অন্তৰ্ভুক্ত। এই প্ৰজাতিবোৰৰ শাৰীৰিক বৈশিষ্ট্য একে, য'ত চিকুন শৰীৰ, পৃষ্ঠীয় ভাঁজৰ উপস্থিতি আৰু অন্যান্যৰ লগতে শৰীৰৰ আগফালৰ অৰ্ধেক অংশত V আকৃতিৰ গ্ৰন্থিৰ উঠঙা অংশ থাকে। মাইক্ৰিক্সালাছ ফাস্কাছ গোটৰ ভিতৰৰ আন প্ৰজাতিৰ সৈতে মিল থকাৰ বিপৰীতে এম.এড’নিছৰ মূৰৰ আকৃতি আটাইতকৈ লক্ষণীয়ভাৱে পৃথক, যিটো পাৰ্শ্বীয়ভাৱে ঘূৰণীয়া। মতাবোৰৰ থুঁতৰিৰ পৰা গুহ্যদ্বাৰলৈকে দৈৰ্ঘ্য ২২–২৪ মিলিমিটাৰ (০.৮৭–০.৯৪ ইঞ্চি) আৰু মাইকীবোৰৰ ২৭–৩০ মিলিমিটাৰ (১.১–১.২ ইঞ্চি)।[1]
এই প্ৰজাতিটোৰ ঠেঙত পতা দেখা পোৱা নায়ায়, পিছফালৰ অংগৰ পৃষ্ঠীয় অংশত ঝলমলীয়া ৰঙৰ উপস্থিতি আৰু টঙালি নিচিনা থাকে আৰু আৰু বাসস্থানৰ পছন্দৰ পৰা অনুমান কৰিব পাৰি যে ই এই আচৰণৰ অধিকাৰী।।[1]
বাসস্থান
[সম্পাদনা কৰক]ইয়াৰ প্ৰাকৃতিক বাসস্থান হৈছে বনাঞ্চলৰ আচ্ছাদন থকা নদী। কোনো সংৰক্ষিত অঞ্চলৰ পৰা ইয়াৰ উপস্থিতিৰ বিষয়ে জনা নাযায়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 Biju, S. D.; Sonali Garg; K. V. Gururaja; Yogesh Shouche; Sandeep A. Walujkar (2014). "DNA barcoding reveals unprecedented diversity in Dancing Frogs of India (Micrixalidae, Micrixalus): a taxonomic revision with description of 14 new species". Ceylon Journal of Science (Biological Sciences) খণ্ড 43 (1): 37–123. doi:10.4038/cjsbs.v43i1.6850.
- ↑ Frost, Darrel R. (2016). "Micrixalus adonis Biju, Garg, Gururaja, Shouche, and Walukar, 2014". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Micrixalidae/Micrixalus/Micrixalus-adonis। আহৰণ কৰা হৈছে: 21 April 2016.