মাইক, এক মুণ্ডবিহীন কুকুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাইক-এটা মুণ্ডবিহীন কুকুৰাৰ পৰা পুনঃনিৰ্দেশিত)
মাইক
অন্য নাম বিস্ময়কৰ মাইক, Mike the Headless Chicken, Miracle Mike
প্ৰজাতি Gallus gallus domesticus
Breed Wyandotte
লিংগ মতা
জন্ম এপ্ৰিল, ১৯৪৫
ফ্ৰুটিয়া, কলৰাডো, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু মাৰ্চ ১৯৪৭ (বয়স ২৩ মাহ)
ফিনিক্স, আৰিজোনা, আমেৰিকা যুক্তৰাষ্ট্ৰ
মালিক লইড ওলছেন

মাইক, এক মুণ্ডবিহীন কুকুৰা (২০ এপ্ৰিল, ১৯৪৫ - ১৭ মাৰ্চ, ১৯৪৭), যাক বিস্ময়কৰ কুকুৰা[1] হিচাপেও জনা যায়, আচলতে মুণ্ডচ্ছেদ কৰাৰ পাছতো ১৮ মাহ জীয়াই থকা এটা Wyandotte chicken প্ৰজাতিৰ কুকুৰা। প্ৰথমতে এই কথাটো গৰিষ্ঠসংখ্যকে উৰাবাতৰি বুলি ভাবিছিল যদিও কুকুৰাটো গৰাকীয়ে ইউটাহ বিশ্ববিদ্যালয়লৈ নি পাছত এই কথাটো প্ৰতিপন্ন কৰে।[1][2]

মুণ্ডচ্ছেদ[সম্পাদনা কৰক]

১৯৪৫ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে কলৰাডোৰ ফ্ৰুটিয়া নিবাসী কৃষক লইড ওলছেনে ৰাতিৰ সাঁজ খাবৰ বাবে তেওঁৰ ঘৈণীয়েকৰ মতামত অনুসৰি খাবৰ বাবে কুকুৰা মাংস কিনিবলৈ যায়। ওলছেনে গৈ চাৰে পাঁচমহীয়া Wyandotte chicken প্ৰজাতিৰ কুকুৰা 'মাইক'ক কিনি আনে। কুকুৰাটো কাটোতে মূৰটো ছেদ হ'ল, কিন্তু এখন কাণ আৰু মস্তিষ্কৰ শিৰা (brain stem) থাকি যায়।[3][4] ফলত কুকুৰাটোৰ মৃত্যু নঘটে আৰু সি পুনৰ তেনেদৰেই খোজ কঢ়া মেলা কামবোৰ, মাত মতা, খাদ্য বিচৰা আদি কৰি থাকিব পৰা হয়। কুকুৰাটোৰ তেনে অৱস্থা দেখি ওলছেনে তাৰ প্ৰতিপালন কৰাৰ সিদ্ধান্ত লয় আৰু ড্ৰপাৰৰ জৰিয়তে তাক গাখীৰ-পানীৰ এটা মিশ্ৰণ খাদ্য হিচাপে যোগান ধৰে।

জনাজাত[সম্পাদনা কৰক]

মাইকৰ কথাটো গম পোৱাৰ লগে লগে ই বিখ্যাত হৈ পৰে আৰু কুকুৰাটোৰ ফটো টাইম, লাইফ আদি বিখ্যাত আলোচনীতো ঠাই পায়।[3] ২৫ চেণ্টৰ টিকটৰ বিনিময়ত তাক চাবলৈ জনসাধাৰণক সুবিধা কৰি দিয়া হৈছিল আৰু তাৰ ফলত মালিক ওলছেনে প্ৰায় ৪,৫০০ আমেৰিকান ডলাৰ (বৰ্তমান ৪৮,৩০০) আৰ্জন কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৪৭ চনৰ মাৰ্চৰ এক নিশাত কুকুৰাটোৰ মৃত্যু ঘটে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Mike's Story". Mike the Headless Chicken. 2007. http://www.miketheheadlesschicken.org। আহৰণ কৰা হৈছে: 2012-05-28. 
  2. "The chicken that lived for 18 months without a head". BBC News Online. 10 September 2015. http://www.bbc.com/news/magazine-34198390। আহৰণ কৰা হৈছে: 12 September 2015. 
  3. 3.0 3.1 Lloyd, John; Mitchinson, John (2006). The Book of General Ignorance. Faber and Faber. ISBN 0-571-23368-6. 
  4. "The Rooster". Time Inc.. 1945-10-29. Archived from the original on 2009-01-31. https://web.archive.org/web/20090131170343/http://www.time.com/time/magazine/article/0,9171,776319,00.html। আহৰণ কৰা হৈছে: 2008-11-13.