মাইগ্ৰেণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনত ৰাখিব, ৱিকিপিডিয়াই কোনো চিকিৎসাৰ পৰামৰ্শ নিদিয়ে
মাইগ্ৰেণ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

মাইগ্ৰেণ মূৰৰ বিষত আক্ৰান্ত এগৰাকী ৰোগী।
আই.চি.ডি.-10 G43
আই.চি.ডি.-9 ৩৪৬
OMIM ১৫৭৩০০
ডিজিজেছ ডে'টাবে'ছ ৮২০৭ (মাইগ্ৰেন)
সাঁচ:DiseasesDB2 (বেছিলাৰ)
সাঁচ:DiseasesDB2 (এফএইচএম)
মেডলাইন প্লাছ ০০০৭০৯
ইমেডিচিন নিউৰ'/২১৮ নিউৰ'/৫১৭ এমাৰ্জ/২৩০ নিউৰ'/৫২৯
MeSH D008881

মাইগ্ৰেণ (ইংৰাজী: Migraine) এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱাৰ যেনে চকলেট, আঙুৰৰ ৰস, পনিৰ ইত্যাদিৰ প্ৰভাৱত পুনৰ নতুনকৈ ভয়ঙ্কৰ মূৰৰ বিষ আৰম্ভ হ'ব পাৰে। মাইগ্ৰেণৰ লগত আৰু বহুকেইটা স্নায়বিক উপসৰ্গ জৰিত হৈ থাকে, যেনে কিছুমান শব্দ আৰু পোহৰৰ অনুভূতি। উপসৰ্গ অনুহৰি মাইগ্ৰেণক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে।

"মাইগ্ৰৰেণ" শব্দৰ উৎপত্তি হৈছে গ্ৰীক শব্দ ἡμικρανία (হেমিক্ৰ'ণিয়া)ৰ পৰা, যাৰ অৰ্থ "মূৰৰ এফালৰ বেদনা"[1]। ἡμι- (হেমি-), "অৰ্ধ", আৰু κρανίον (ক্ৰ'ণিয়ন), "লাওখোলা"ৰ পৰা ইয়াৰ সৃষ্টি হৈছে।[2]

ৰোগতত্ব

কৰ্টিকেল স্প্ৰেডিং ডিপ্ৰেছনৰ এনিমেশ্বন।

মাইগ্ৰেণক একপ্ৰকাৰৰ নিউৰ'ভাস্কুলাৰ বিসংগতি বুলি গণ্য কৰা হয়।[3] কাৰণ এই সমস্যা প্ৰথমে মস্তিষ্কত সৃষ্টি হয় আৰু লাহে লাহে ৰক্তবাহিকালৈ প্ৰৱাহিত হয়।[4]

তথ্য সংগ্ৰহ

  1. Liddell, Henry George; Scott, Robert. "ἡμικρανία". A Greek-English Lexicon. http://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Dh%28mikrani%2Fa.  on Perseus
  2. Anderson, Kenneth; Anderson, Lois E.; Glanze, Walter D. (1994). Mosby's Medical, Nursing, and Allied Health Dictionary (4 সম্পাদনা). Mosby. পৃষ্ঠা. 998. ISBN 978-0-8151-6111-0. 
  3. Bartleson JD, Cutrer FM (May 2010). "Migraine update. Diagnosis and treatment". Minn Med খণ্ড 93 (5): 36–41. PMID 20572569. 
  4. The Headaches Chp. 29, Pg. 276