সমললৈ যাওক

মাইয়া দ্য ডন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইয়া দ্য ডন

২০২২ চনত মাইয়া দ্য ডন
পৃষ্ঠভূমি
জন্ম নাম মাইয়া আৰ্লি
জন্ম ১৫ মাৰ্চ, ২০০২
নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ ধৰণ হিপ্‌ হ'প্
পেচা
  • ৰেপাৰ্
  • গীতিকাৰ
সক্ৰিয়তাৰ বছৰ ২০২২–বৰ্তমান
লেবেল RCA

মাইয়া আৰ্লি, পেছাদাৰীভাৱে মাইয়া দ্য ডন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান ৰেপাৰ আৰু গীতিকাৰ। তেওঁ তেওঁৰ গীত "টেলফি"ৰ বাবে বেছিকৈ পৰিচিত।

জীৱন আৰু জীৱিকা

[সম্পাদনা কৰক]

মাইয়া আৰ্লি[1] নিউয়ৰ্কৰ ব্ৰুকলিনত জন্মগ্ৰহণ কৰিছিল।[2] কৈশোৰ কালৰ পৰাই তেওঁ ৰেপিং উপভোগ কৰিছিল আৰু নিজৰ ভায়েকৰ সৈতে বেটল ৰেপ কৰিছিল।[3][4]

"মাইয়া দ্য ডন" নামৰে, তেওঁ প্ৰথমে টিক্‌টক্‌ত বিউটি-সম্পৰ্কীয় সামগ্ৰীবোৰৰ ভিডিঅ' তৈয়াৰ কৰিছিল।[1] ২০২২ চনত, প্ৰায় ৫ লাখ অনুসৰণকাৰী থাকোঁতে, তেওঁ সংগীত সৃষ্টি আৰু মুক্তিৰ দিশত ধাবিত হয়।[1][2] "চিৰাক" আৰু "২২২" শীৰ্ষক গানসমূহৰ জৰিয়তে তেওঁ টিক্‌টক্‌ত জনপ্ৰিয়তা লাভ কৰে।[1]

তেওঁৰ সফল গীত "টেলফি" ২০২২ চনৰ অক্টোবৰ মাহত মুক্তি পায়, আৰু ইউটিউবত প্ৰায় ১০ লাখ দৰ্শন লাভ কৰে।[2][5] এই গীতটো টেলফাৰ ব্ৰেণ্ডৰ জনপ্ৰিয় বেগৰ বিষয়ে উল্লেখ কৰে।[2]

২০২৩ চনৰ জানুৱাৰীত, তেওঁ আৰু ব্ৰুকলিনৰ আন এজন ৰেপাৰ লোলা ব্ৰুক ফ্ল’ মিলিৰ "Conceited" ৰিমিক্সত বিশেষ শিল্পী হিচাপে অংশ গ্ৰহণ কৰে।[2] তেওঁ নিউ ইয়ৰ্ক ফেশ্বন উইকত MEFeater-ৰ গেলেনটাইনৰ অনুষ্ঠানত পৰিৱেশন কৰে।[6] ২০২৩ চনৰ মাৰ্চত, টিক্‌টকে #WomeninHipHop অভিযানৰ অংশ হিচাপে তেওঁক "Visionary Voices" সন্মান প্ৰদান কৰে।[1]

২০২৩ চনৰ শেষৰ ফালে, তেওঁ ফ্ল’ মিলিৰ "থেংচ ফ'ৰ কামিং হিয়াৰ, হো" পৰ্য্যটনত সহায়ক শিল্পী হিচাপে অংশগ্ৰহণ কৰে।[7]

তেওঁৰ প্ৰথম এলবাম "Hot Commodity" RCAৰ অধীনত ২০২৩ চনৰ অক্টোবৰ মাহত মুক্তি পাইছিল।[8]

২০২৪ চনত, তেওঁ XXL Freshman Class ২০২৪ৰ বাবে নিৰ্বাচিত হৈছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Victoria, Kenyatta (March 2023). "How TikTok Propels The Career Of A Rapstress" (en-US ভাষাত). Essence. https://girlsunited.essence.com/article/how-tiktok-propels-the-career-of-a-rapstress/ আহৰণ কৰা হৈছে: March 2, 2023.
  2. 1 2 3 4 5 Garrett, Ural (February 6, 2023). "Maiya The Don Talks Growing A Social Media Following And New Music" (en ভাষাত). BET. https://www.bet.com/article/tu7h6o/maiya-the-don-talks-growing-a-social-media-following-and-new-music আহৰণ কৰা হৈছে: March 2, 2023.
  3. McNab, Kaitlyn (February 24, 2023). "TikTok's Rap Girlies Are the Future of Hip-Hop" (en-US ভাষাত). Teen Vogue. https://www.teenvogue.com/story/the-next-generation-of-female-rap-lives-on-tiktok আহৰণ কৰা হৈছে: March 2, 2023.
  4. "Flo Milli Debuts "Conceited" Remix Featuring Lola Brooke and Maiya the Don". Hypebeast. January 30, 2023. https://hypebeast.com/2023/1/flo-milli-conceited-remix-stream-listen আহৰণ কৰা হৈছে: March 2, 2023.
  5. Pierre, Alphonse (October 10, 2022). "Listen to Maiya the Don's "Telfy": The Ones" (en-US ভাষাত). Pitchfork. https://pitchfork.com/thepitch/maiya-the-don-telfy-new-song-listen/ আহৰণ কৰা হৈছে: March 2, 2023.
  6. Rice, Kyle (February 23, 2023). "NYFW 2023's Biggest Music and Culture Moments" (en-US ভাষাত). Rolling Stone. https://www.rollingstone.com/music/music-pictures/nyfw-2023-music-and-culture-moments-1234681035/ আহৰণ কৰা হৈছে: March 2, 2023.
  7. Kearns, Sarah (September 6, 2023). "Flo Milli To Hit the Road on 'Thanks for Coming Here, Ho Tour'". hypebeast. https://hypebeast.com/2023/9/flo-milli-thanks-for-coming-here-ho-tour আহৰণ কৰা হৈছে: October 1, 2023.
  8. Green, Dylan. "Hot Commodity". Pitchfork. https://pitchfork.com/reviews/albums/maiya-the-don-hot-commodity/ আহৰণ কৰা হৈছে: 29 July 2024.