মাইয়া ৱিলিয়ামছ
| মাইয়া ৱিলিয়ামছ | |
|---|---|
| জন্ম | ১৮ ডিচেম্বৰ, ১৯৬২ (৬৩ বছৰ) ক'ৰভেলিছ, অ'ৰিগন, যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| দাম্পত্যসংগী | পেট্ৰিক এম. ভেৰ'ন |
| সন্তান | ৩ |
| ৱেবছাইট | www |
মাইয়া ৱিলিয়ামছ (জন্ম ১৮ ডিচেম্বৰ ১৯৬২) এগৰাকী আমেৰিকান লেখিকা, টেলিভিছন প্ৰযোজক, আৰু চিত্ৰনাট্যকাৰ।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৱিলিয়ামছে ক'ৰভেলিছ, অ'ৰিগনত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতা প্ৰসিদ্ধ বনসম্পদ বিশেষজ্ঞ কেৰ'ল বি. ৱিলিয়ামছ জুনিয়ৰ। ৱিলিয়ামছ নিউ হেভেন, কানেক্টিকাট আৰু বাৰ্কলে, কেলিফ'ৰ্নিয়াত ডাঙৰ-দীঘল হৈছিল। তেওঁ বাৰ্কলে উচ্চতৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৮৪ চনত হাৰ্ভাৰ্ড কলেজৰ পৰা স্নাতক হয়, য'ত তেওঁ দ্য হাৰ্ভাৰ্ড লেম্পুন-ৰ প্ৰথম আফ্ৰিকান-আমেৰিকান বিষয়াসভাৰ সদস্য আছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]ৱিলিয়ামছে কেইবাখনো টেলিভিছন শৃংখলাৰ চিত্ৰনাট্য লিখিছে আৰু প্ৰযোজনা কৰিছে, যেনে ৰক, এমেন, দ্য ফ্ৰেচ প্ৰিন্স অৱ বেল এয়াৰ, দ্য ৱেয়ান্স ব্ৰ'ছ., এমএডি টিভি, ৰাগ্ৰাটছ, ফিউচাৰামা আৰু দ্য হণ্টেড হাথাৱেজ।[2][3]
উইলিয়ামছে ২০০৪ চনত তেওঁৰ প্ৰথমখন শিশুসাহিত্য গ্ৰন্থ, দ্য গ'ল্ডেন আৱাৰ লিখে, যি ফ্ৰান্স বিপ্লৱৰ সময়ৰ এক সময়ভ্ৰমণ কাহিনী। তাৰ পিছত তেওঁ দ্য আৱাৰ অৱ দ্য ক'ব্ৰা (২০০৬), প্ৰাচীন মিচৰৰ আধাৰত, আৰু দ্য আৱাৰ অৱ দ্য আউটল (২০০৭), উনবিংশ শতিকাৰ কেলিফ'ৰ্ণিয়াৰ আধাৰত, প্ৰকাশ কৰে। তেওঁৰ সমসাময়িক খ্যাতিৰ বিপদ লৈ লিখা গ্ৰন্থ দ্য ফিজি হুইজ কিড: দ্য ৰাইজ এণ্ড ফল অৱ এ হলিউড ন'বডি ২০১০ চনত প্ৰকাশ পায়। তেওঁৰ আটাইতকৈ সাম্প্ৰতিক গ্ৰন্থ হৈছে মিডিল স্কুল কুল (২০১৪)।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৱিলিয়ামছে টিভি লেখক পেট্ৰিক এম. ভেৰ'ন, সন্তান আৰু এটা কুকুৰৰ সৈতে পেচিফিক পেলিচেডছত বাস কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Borrelli, Christopher (29 January 2014). "Alexis Wilkinson's path to Harvard Lampoon president's chair". chicagotribune.com. https://www.chicagotribune.com/entertainment/ct-xpm-2014-01-29-ct-alexis-wilkinson-harvard-lampoon-20140130-story.html। আহৰণ কৰা হৈছে: 16 December 2018.
- ↑ মাইয়া ৱিলিয়ামছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ↑ "Maiya Williams | Penguin Random House" (en-US ভাষাত). PenguinRandomhouse.com. https://www.penguinrandomhouse.com/authors/166691/maiya-williams/। আহৰণ কৰা হৈছে: 2025-01-03.
- ↑ "Maiya Williams". www.fantasticfiction.com. Archived from the original on 16 December 2018. https://web.archive.org/web/20181216210837/https://www.fantasticfiction.com/w/maiya-williams/। আহৰণ কৰা হৈছে: 16 December 2018.
- ↑ "Maiya Williams - Author of The Golden Hour Series". Maiya Williams. https://www.maiyawilliams.com/। আহৰণ কৰা হৈছে: 16 December 2018.