মাইলছ ব্ৰনছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাইলছ ব্ৰনছন এগৰাকী আমেৰিকান ব্যেটিষ্ট মিশ্যনাৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে। তেখেতৰ কাৰ্য্যৰ ভিতৰত তেখেতে প্ৰণীত কৰা অসমীয়া অভিধানখন মূখ্য। ১৯৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ৰনছনে তাৰ এবছৰ আগতেই অহা নাথান ব্ৰাউন ‌আৰু অ' টি কাট্টাৰৰ প্ৰমূখ সহযোগী আছিল।