সমললৈ যাওক

মাইলাপুৰ গৌৰী আম্মাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইলাপুৰ গৌৰী আম্মাল
জন্ম গৌৰী আম্মাল
১৮৯২
মাইলাপুৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ জানুৱাৰী, ১৯৭১ (৭৯ বছৰ)
চেন্নাই, তামিননাড়ু[1]
ৰাষ্ট্ৰীয়তা ভাৰত
অন্য নাম মাইলাপুৰ গৌৰী আম্মা
পেচা ভাৰতনাট্যম নৃত্যশিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (১৯৫৯)


মাইলাপুৰ গৌৰী আম্মাল (ইংৰাজী: Mylapore Gowri Ammal ; ১৮৯২–১৯৭১) ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আছিল। তেওঁক মাইলাপুৰ গৌৰী আম্মা নামেৰেও জনা যায়। তেওঁ মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰত নৰ্তকী আছিল। ১৯৫৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়।

১৮৯২ চনত, তামিলনাডুৰ মাইলাপুৰৰ এটা দেৱদাসী পৰিয়ালত গৌৰী আম্মালৰ জন্ম হৈছিল।[2] তাইৰ মাক দোৰাইকন্নু আম্মালও আছিল এগৰাকী নৰ্তকী। মাক আৰু নেল্লুৰু মুনুস্বামী নট্টুৱনাৰৰ পৰা তেওঁ নৃত্য শিকিছিল। মন্দিৰৰ নৰ্তকী পৰিয়ালত জন্মগ্ৰহণ কৰা গৌৰী আম্মা মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰত সেৱা আগবঢ়োৱা শেষ ব্যক্তি আছিল।[3] কপালেশ্বৰ মন্দিৰৰ ফালৰ পৰা দিয়া সৰু ঘৰ এটাত তেওঁ বাস কৰিছিল, যেতিয়ালৈকে মন্দিৰত নৃত্য নিষিদ্ধ কৰা আইন প্ৰণয়ন হোৱা নাছিল।[3] নিজৰ সংৰক্ষকতা আৰু ঘৰ হেৰুৱাই গোটেই জীৱন যুৰি তেওঁ নৃত্য শিকাই ব্যতীত কৰিছিল।

১৯৭১ চনৰ ২২ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]