মাই ভাগি
মাই ভাগি | |
---|---|
![]() ১৯৭০ চনত মাই ভাগি | |
স্থানীয় নাম | مائي ڀاڳي |
জন্ম | চি. ২৯২০ |
মৃত্যু | ০৭ জুলাই, ১৯৮৬ (৬৬ বছৰ) |
পেচা | লোক-সংগীত |
সক্ৰিয় হৈ থকা সময় | ১৯৫৮ - ১৯৮৬ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ১৯৮১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা |
মাই ভাগি (সিন্ধী: مائي ڀاڳي , আনুমানিক ১৯২০ – ৭ জুলাই ১৯৮৬) এগৰাকী সিন্ধী লোক-গায়িকা আৰু সংগীতজ্ঞ৷
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]১৯২০ চনত সিন্ধ প্ৰদেশৰ থৰৰ মিথিত মাই ভাগিৰ জন্ম হয়।[1] থৰ মৰুভূমিৰ এখন গাঁৱত তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃৰ নাম ৱানহ্যুন ফকিৰ আৰু মাকৰ নাম খাদিজা মগনহাৰ। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই সেই সময়ত সেই অঞ্চলৰ পৰিচিত গায়ক আছিল।[2]
মাই ভাগিৰ জন্মৰ নাম আছিল ভাগ ভৰী (যাৰ অৰ্থ 'ভাগ্যৱান ব্যক্তি')। ১৬ বছৰ বয়সত ইছলামকোট থাৰপাৰকাৰত লোকগায়িকা হোথি ফকিৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত ১৯৫০ চনত স্থায়ীভাৱে মিথি থাৰপাৰকাৰলৈ স্থানান্তৰিত হয়।[3] পাকিস্তানী লোকগায়িকা আবিদা পাৰবীনৰ স্বামী অনাতাঁৰ কেন্দ্ৰৰ প্ৰযোজক শ্বেখ গুলাম হুছেইনে তেওঁক ৰেডিঅ’ পাকিস্তানৰ ষ্টুডিঅ’ত বাণীবদ্ধ কৰাৰ সুযোগ দিছিল আৰু পিছলৈ তেওঁৰ বাণীবদ্ধ কৰা গীতসমূহ ৰেডিঅ’ত বজাইছিল। ১৯৬০ চনৰ পৰা হায়দৰাবাদৰ ৰেডিঅ' পাকিস্তানত তেওঁৰ লোকগীত 'খাৰী নিম কে নিচে' (নিম গছৰ তলত) গান গাবলৈ আৰম্ভ কৰে।[2][1] এই প্ৰথম ৰেডিঅ’ সম্প্ৰচাৰৰ বাবে ভাগিক মাত্ৰ ২০ টকাহে দিয়া হৈছিল। পাকিস্তানৰ এখন ডাঙৰ বাতৰি কাকতৰ মতে, "কিন্তু ১৯৭৪ চনত চৰকাৰী পিটিভিত গান গোৱাৰ পিছতহে এই গীতটো ৰাষ্ট্ৰীয় মূলসুঁতিৰ জনপ্ৰিয় হৈ ভগিক সিন্ধী/থাৰী লোক তাৰকালৈ ৰূপান্তৰিত কৰে"।[2][3][1]
তেওঁৰ আন আন লোকগীত 'সমন সাই মান তা গোলি গুলাম তোহিঞ্জী দাৰ জী' পাকিস্তানী জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু তেওঁ তাৰকা শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল, তেওঁৰ লোকগীত 'মুৰ্লি ৱাৰী মান মহিয়ো'ও সিন্ধৰ গ্ৰাম্য অঞ্চলত জনপ্ৰিয় হৈ পৰিছিল। পাকিস্তান চৰকাৰে তেওঁক বহিঃৰাজ্য ভ্ৰমণ কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায় আৰু ১৯৮৬ চনৰ ৭ জুলাইত মৃত্যুৰ আগলৈকে তেওঁ সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ অব্যাহত ৰাখিছিল।[1][2]
মাই ভাগিৰ সম্পূৰ্ণ তথ্যচিত্ৰ জনপ্ৰিয় সিন্ধী সংগীত ৱেবছাইট 'মিডিয়া মিউজিক মেনিয়া'ত পঢ়িব পাৰি[1][2] আৰু মাই ভাগিৰ সম্পূৰ্ণ বিশদ জীৱনী আৰু নিৰ্বাচিত শ্ৰেষ্ঠ গীতসমূহ শুনিব পাৰি।[4]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ১৯৮১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা।[3]
- শ্বাহ আব্দুল লতিফ ভিত্তাই বঁটা৷[3]
- সচল সৰ্মাষ্ট বঁটা৷[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Death anniversary of legendary folk singer Mai Bhagi being observed today". Radio Pakistan website. 7 July 2022. https://www.radio.gov.pk/07-07-2022/death-anniversary-of-legendary-folk-singer-mai-bhagi-being-observed-today। আহৰণ কৰা হৈছে: 27 June 2024.
- ↑ 2.0 2.1 2.2 2.3 2.4 Nadeem F. Paracha (15 May 2014). "12 songs from Pakistan's mountains, deserts, shrines and streets". Dawn newspaper. https://www.dawn.com/news/1106484/.
- ↑ 3.0 3.1 3.2 3.3 3.4 "30th Death Anniversary of Mai Bhagi observed". The Pioneer website. 8 July 2016. http://thepioneer.com.pk/30th-death-of-anniversary-of-mai-baghi-being-observed-today/। আহৰণ কৰা হৈছে: 27 June 2024.
- ↑ "'Complete Biography and Songs of Mai Bhagi'" (en ভাষাত). Media Music Mania - Best Music Songs Download. Archived from the original on 2023-02-07. https://web.archive.org/web/20230207092144/https://www.mediamusicmania.com/mai-bhagi/। আহৰণ কৰা হৈছে: 2025-02-24.