সমললৈ যাওক

মাই ভাগো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাই ভাগো
মাই ভাগো যুদ্ধৰ সময়ত, গুৰদ্বাৰা বাবা অটল ৰায়ৰ পৰা মুক্তিৰ যুদ্ধ (যাক 'খিদ্ৰাণৰ যুদ্ধ' বুলিও জনা যায়) চিত্ৰিত কৰা মিউৰেলৰ পৰা, প্ৰায় ১৯ শতিকাৰ (এতিয়া নাই)
দাম্পত্য সঙ্গী পাট্টিৰ ভাই নিধন সিং
পিতৃ ভাই মালো শ্বাহ
ধৰ্ম শিখ ধৰ্ম

মাতা ভাগ কৌৰ নামেৰেও পৰিচিত মাই ভাগো ১৭০৫ চনত মোগলৰ বিৰুদ্ধে শিখ সৈনিকৰ নেতৃত্ব দিয়া এগৰাকী শিখ যুঁজাৰি মহিলা। যুদ্ধক্ষেত্ৰত এগৰাকী ব্যতিক্ৰমী দক্ষ যোদ্ধা আছিল আৰু শিখ ধৰ্মত এগৰাকী যোদ্ধা সন্ত হিচাপে তেওঁক শ্ৰদ্ধা কৰা হয়। আনন্দপুৰ চাহাবৰ ঘেৰাওত গুৰু গোবিন্দ সিংহক পৰিত্যাগ কৰা ৪০ জন শিখ (চালি মুক্তে)ক একত্ৰিত কৰি যুদ্ধলৈ ঘূৰাই অনাৰ বাবে তেওঁ পৰিচিত আছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]
মাই ভাগো গুৰুদ্বাৰা

মাই ভাগোৰ জন্ম হৈছিল জাট পৰিয়ালত,[1][2][3] তেওঁৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ গাঁও চাভল কলনত, বৰ্তমানৰ পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ ঝাবল কলনত থকা এটা শিখ পৰিয়ালত।[4] মাই ভাগো জন্ম-সূত্ৰে এগৰাকী অটল শিখ আৰু তেওঁৰ লালন-পালন আছিল এক ভক্তিময় শিখ পৰিয়ালত। মাই ভাগোৰ পিতৃ মালো শ্বাহে গুৰু হৰগোবিন্দৰ সেনাবাহিনীত নামভৰ্তি কৰিছিল[5] আৰু পিতৃৰ দৰে মাই ভগোৱেও শাস্তৰ বিদ্যা (অস্ত্ৰৰ প্ৰশিক্ষণ) শিকিছিল। মাই ভগো ভাই পেৰো শ্বাহৰ নাতিনী আছিল যি পঞ্চম শিখ গুৰু গুৰু অৰ্জন দেৱ (১৫৬৩–১৬০৬)ৰ সময়ত শিখ ধৰ্ম গ্ৰহণ কৰা ৮৪খন গাঁৱৰ প্ৰধান বিখ্যাত ভাই লংগাহৰ কনিষ্ঠ ভাতৃ আছিল।[6][7] তেওঁৰ দুজন ভাতৃ আছিল দিলবাগ সিং আৰু ভাগ সিং।[8] সৰুতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক গুৰু গোবিন্দ সিঙৰ দৰ্শন (আভাস) কৰিবলৈ আনন্দপুৰ চাহাবলৈ লৈ গৈছিল। পট্টিৰ ভাই নিধান সিংহৰ সৈতে তেওঁৰ বিবাহ হয়।[9]

মোগলৰ সংঘৰ্ষ

[সম্পাদনা কৰক]

গুৰুজনক দখল কৰাৰ প্ৰয়াসত সম্ৰাট ঔৰংজেবৰ নিৰ্দেশত ৱাজিৰ খানৰ (চিৰহিন্দৰ) নেতৃত্বত বৃহৎ মোগল সৈন্যই লাহোৰ আৰু কাশ্মীৰৰ মোগল সেনাৰ সমান্তৰালভাৱে আনন্দপুৰ চাহাবলৈ যায়।[10]

চলি মুক্তে (৪০ জন "মুক্ত" শিখ) স্বাধীন কৰা

[সম্পাদনা কৰক]

১৭০৪ চনৰ আশে-পাশে[11] মোগল পাহাৰীয়া মুখিয়ালসকলে আনন্দপুৰ চাহাবক ঘেৰি ধৰিছিল আৰু খাদ্যৰ ব্যৱস্থা বন্ধ কৰি ইয়াক খালী কৰিবলৈ দাবী জনাইছিল আৰু কেইমাহমানৰ ঘেৰাও চলাইছিল।[12] তেওঁলোকে ঘোষণা কৰে যে যিকোনো শিখে ক'ব যে "তেওঁ আৰু গুৰু গোবিন্দ অনুগামী শিখ নহয়", তেওঁক অস্পৃশ্য কৰি ৰখা হ'ব আৰু "মৃত্যুসম" কৰা হ'ব। মহান সিং ৰাতৌলৰ নেতৃত্বত ৪০ জনীয়া শিখ (চালি মুক্তে)[13] এটা দলে গুৰু গোবিন্দ সিঙক কয় যে তেওঁলোক এতিয়া তেওঁৰ শিখ নহয়। গুৰুৱে তেওঁলোকক ক'লে যে "আমি আৰু আপোনালোকৰ শিখ নহয়" বুলি লিখা এখন নথি লিখি চহী কৰিব লাগিব। চল্লিছজন শিখে (এজনৰ বাহিৰে: ‘বেদাৱ’) এই নথিখনত নিজৰ নাম লিখিছিল, আৰু গুৰু গোবিন্দ সিংহক এৰি থৈ গৈছিল।

মাই ভগোৰ প্ৰতিশোধ

[সম্পাদনা কৰক]

গুৰু গোবিন্দ সিংহৰ হকে যুঁজিবলৈ আনন্দপুৰলৈ যোৱা তেওঁৰ চুবুৰিৰ শিখ কেইজনমানে প্ৰতিকূল পৰিস্থিতিত তেওঁক এৰি থৈ যোৱা কথা শুনি মাই ভাগো বিচলিত হৈ পৰিল। তেওঁ সিহঁতক মুকলিকৈ সমালোচনা কৰিছিল; তেওঁৰ ঠাট্টা শুনি এই শিখসকলে তেওঁলোকৰ বিশ্বাসঘাতকতাত লাজ পাইছিল।[14]মাই ভাগোৱে পলায়নকাৰীসকলক একত্ৰিত কৰিলে, আৰু গুৰুজনক লগ ধৰি তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ মান্তি কৰিলে। তেওঁ সিহঁতৰ লগত (আৰু আন কিছুমান শিখৰ লগত) মালৱা পাৰ হৈ যোৱা গুৰুজনক বিচাৰিবলৈ ৰাওনা হ’ল।

গুৰুৰ আনন্দপুৰ গড় ত্যাগ

[সম্পাদনা কৰক]

কোৰআনৰ প্ৰতিলিপিত ঔৰংজেবৰ স্বাক্ষৰিত শপত লৈ এজন দূত উপস্থিত হৈ গুৰুজনক আশ্বাস দিলে যে যদি তেওঁ দুৰ্গৰ পৰা ওলাই আহে তেন্তে সন্মানীয় চৰ্তত স্থায়ী শান্তিৰ আলোচনা হ’ব। সম্ৰাটৰ শপতক আৰু অধিক সমৰ্থন কৰে মোগল সেনাৰ সকলো জেনেৰেল আৰু পাহাৰীয়া মুৰব্বীসকলৰ স্বাক্ষৰিত শপতে।[15] গুৰু গোবিন্দ সিঙে এই আশ্বাসবোৰক বিশ্বাস কৰা নাছিল,[16] কিন্তু মোগলৰ প্ৰকৃত মুখ দেখুৱাবলৈ গুৰুজনে তথাপিও দুৰ্গটো এৰি যোৱাৰ সিদ্ধান্ত লয়।

গুৰু পৰিয়ালৰ বিচ্ছেদ

[সম্পাদনা কৰক]

ইফালে গুৰু গোবিন্দ সিঙে আনন্দপুৰৰ গড় খালী কৰে। ইতিমধ্যে তেওঁৰ সন্তানসকলক বিশ্বাসঘাতক মোগল সেনা আৰু পাহাৰীয়া মুৰব্বীসকলে ৰিট্ৰিটত পৃথক কৰি পেলাইছিল। কনিষ্ঠ দুজন সাহিবজাদা জোৰাৱাৰ সিং আৰু সাহিবজাদা ফাতেহ সিং আইতাক মাতা গুজৰি (গুৰু গোবিন্দ সিং জীৰ মাতৃ)ৰ লগত গৈছিল আৰু ডাঙৰ দুজন সাহিবজাদা অজিত সিং আৰু সাহিবজাদা ঝুঝাৰ সিং পিতৃৰ লগত গৈছিল। চামকৌৰ যুদ্ধত গুৰুজনাৰ জ্যেষ্ঠ পুত্ৰক হত্যা কৰি শ্বহীদ লাভ কৰে। পাঞ্জ প্যাৰেৰ আদেশত গুৰুৱে চামকৌৰ এৰি গুচি গ'ল।[17] গুৰু গোবিন্দ সিঙৰ সৈন্যই ঔৰংজেবৰ সাম্ৰাজ্যবাদী মোগল শক্তিৰ সৈতে দিনে নিশাই মালভা অঞ্চলৰ জংঘলৰ মাজেৰে যাত্ৰা কৰিছিল।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Thornton, S. A. (2008). Smith, Bonnie G.. ed. The Oxford Encyclopedia of Women in World History. 1. Oxford University Press. পৃষ্ঠা. 226. ISBN 978-0-19-514890-9. "BHAGO, MAI (fl. 1699–1708), ... Hers was a family of the Dhillon clan of the jat ..." 
  2. Smith, Bonnie G. (2008) (en ভাষাত). The Oxford Encyclopedia of Women in World History. Oxford University Press. পৃষ্ঠা. 226. ISBN 978-0-19-514890-9. https://books.google.com/books?id=EFI7tr9XK6EC&pg=PA226. "BHAGO, MAI (1699-1708), Sikh soldier and bodyguard for Guru Gobind Singh. Mai Bhago was bom the daughter of Malo Shah in Jhabal village in what is now the Amritsar district of Punjab. Hers was a family of the Dhillon clan of the Jats" 
  3. Gayer, Laurent (2012). "Des « Princesses » chez les « Lions ». Parcours de vie de recrues féminines dans la Guérilla Sikhe (1984-1995)". In Jaffrelot, Christophe; Mohammad-Arif, Aminah (French ভাষাত). Politique et religions en Asie du Sud: le sécularisme dans tous ses états?. Éditions de l’École des hautes études en sciences sociales. পৃষ্ঠা. 287. doi:10.4000/books.editionsehess.22356. ISBN 978-2-7132-2323-5. https://books.google.com/books?id=qEb8DwAAQBAJ. "Mai Bhago, une Jat du clan Dhillon, s'illustra au début du XVIIIe siècle en combattant les armées mogholes pour le compte de Gourou Gobind Singh." 
  4. "Search Gurbani : Gurbani Research Website" (en ভাষাত). www.searchgurbani.com. https://www.searchgurbani.com/। আহৰণ কৰা হৈছে: 2022-05-22. 
  5. Smith, Bonnie (2008). The Oxford encyclopedia of Women in World History, Volume 4. Oxford University Press. পৃষ্ঠা. 226. ISBN 9780195148909. https://archive.org/details/oxfordencycloped0000unse_k2h2/page/226. 
  6. Dalbir Singh Dhillon (1988). Sikhism Origin and Development. Atlantic Publishers & Distributors. পৃষ্ঠা. 152. https://books.google.com/books?id=osnkLKPMWykC&pg=PA144। আহৰণ কৰা হৈছে: 30 July 2011. 
  7. Sagoo, Harbans (2001). Banda Singh Bahadur and Sikh Sovereignty. Deep & Deep Publications. ISBN 9788176293006. https://books.google.com/books?id=MIL4xwcCmxkC. 
  8. Nihang, Nidar; Singh, Parmjit (2008). In the Master's Presence: the Sikh's of Hazoor Sahib. প্ৰকাশক London: Kashi House. পৃষ্ঠা. 54. ISBN 9780956016829. 
  9. Arneja, Simran (2009). Ik Onkar One God. Simran Kaur Arneja. পৃষ্ঠা. 102. ISBN 9788184650938. 
  10. Shaw, Jeffrey; Demy, Timothy (2017). War and Religion: an Encyclopedia of Faith and Conflict. ABC-CLIO. পৃষ্ঠা. 576. ISBN 9781610695176. 
  11. Fenech, Louis (2013). The Sikh Zafar-namah of Guru Gobind Singh: A Discursive Blade in the Heart of The Mughal Empire. প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 18. ISBN 9780199931453. 
  12. Singh, Teja; Jaggi, Rattan (1988). Essays in Sikhism. Languages Department Punjab. পৃষ্ঠা. 57. 
  13. Singh, Harbans (2005). The Encyclopedia of Sikhism (Second সম্পাদনা). প্ৰকাশক New Delhi: Hemkunt Press. পৃষ্ঠা. 42. ISBN 9788170103011. 
  14. Kohli, M. S. (2003). Miracles of Ardaas: Incredible Adventures and Survivals. Indus Publishing. পৃষ্ঠা. 168. ISBN 9788173871528. 
  15. Singh, Harjinder. Brave Shaheeds of Chamkaur Sahib. Akaal Publishers. পৃষ্ঠা. 1. 
  16. Anand, T K (2005). Essence of Sikhism – 7. প্ৰকাশক New Delhi: Vikas Publishing House. পৃষ্ঠা. 37. ISBN 9788125919483. 
  17. Singh, Pushpendra (2015). The Hawk Hunters. প্ৰকাশক Mumbai: Leadstart Publishing Pvt Ltd. ISBN 9789352013395. 
  18. Randhir, G. S. (2016). Sikh Shrines in India. প্ৰকাশক New Delhi: Publications Division Ministry of Information & Broadcasting. ISBN 9788123022604.