মাও জে দঙ |
|---|
毛泽东 | | | চীনৰ কমিউনিষ্ট দলৰ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি |
|---|
কাৰ্যকাল ১৯ জুন, ১৯৪৫ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ (&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩" বছৰ, &এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৮" দিন) | | সহকাৰী |
লিউ চাওকী (ইংৰাজী: Liu Shaoqi) লিন বাইআও(ইংৰাজী: Lin Biao) ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) হোৱা গোৱ'ফেঙ(ইংৰাজী: Hua Guofeng) |
|---|
| পূৰ্বসূৰী |
নিজে (চেণ্ট্ৰেল প'লিৎবুৰ'ৰ সভাপতি ৰূপে) |
|---|
| উত্তৰসূৰী |
হোৱা গোৱ'ফেঙ (ইংৰাজী: Hua Guofeng) |
|---|
| চীনৰ কমিউনিষ্ট দলৰ চেণ্ট্ৰেল প'লিৎবুৰ'ৰ প্ৰথম সভাপতি |
|---|
কাৰ্যকাল ২০ মাৰ্চ, ১৯৪৩ – ২৮ ছেপ্তেম্বৰ, ১৯৫৮ (&এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১" বছৰ, &এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১".এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "১" দিন) | | পূৰ্বসূৰী |
ঝেঙ ৱেণ্টিআন (ইংৰাজী: Zhang Wentian) (সাধাৰণ সম্পাদক ৰূপে) |
|---|
| উত্তৰসূৰী |
নিজে (চেণ্ট্ৰেল কমিটিৰ সভাপতি ৰূপে) |
|---|
| প্ৰথম CPC চেণ্ট্ৰেল মিলিটেৰী কমিছনৰ সভাপতি |
|---|
কাৰ্যকাল ২৩ আগষ্ট, ১৯৪৫ – ১৯৪৯ ৮ ছেপ্তেম্বৰ, ১৯৫৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | | পূৰ্বসূৰী |
পদৰ সৃষ্টি |
|---|
| উত্তৰসূৰী |
হোৱা গোৱ'ফেঙ (ইংৰাজী: Hua Guofeng) |
|---|
| প্ৰথম CPPCCৰ নেচনেল কমিটিৰ সভাপতি |
|---|
কাৰ্যকাল ২১ ছেপ্তেম্বৰ, ১৯৪৯ – ৫ ডিচেম্বৰ, ১৯৫৪ Honorary Chairman ২৫ ডিচেম্বৰ, ১৯৫৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | | পূৰ্বসূৰী |
পদৰ সৃষ্টি |
|---|
| উত্তৰসূৰী |
ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) |
|---|
| পিপলছ ৰিপাব্লিক অফ চাইনাৰ প্ৰথম সভাপতি |
|---|
কাৰ্যকাল ২৭ ছেপ্তেম্বৰ, ১৯৫৪ – ২৭ এপ্ৰিল, ১৯৫৯ | | Premier |
ঝৌ এনলাই (ইংৰাজী: Zhou Enlai) |
|---|
| সহকাৰী |
ঝু ডে (ইংৰাজী: Zhu De) |
|---|
| পূৰ্বসূৰী |
পদৰ সৃষ্টি |
|---|
| উত্তৰসূৰী |
লিউ চাওকী (ইংৰাজী: Liu Shaoqi) |
|---|
নেচনেল পিপল কংগ্ৰেছৰ সদস্য |
|---|
কাৰ্যকাল ১৫ ছেপ্তেম্বৰ, ১৯৫৪ – ১৮ এপ্ৰিল, ১৯৫৯ ২১ ডেচেম্বৰ ১৯৬৪ – ৯ ছেপ্তেম্বৰ, ১৯৭৬ | | সমষ্টি |
বেইজিঙ (৫৪–৫৯,৬৪–৭৬) |
|---|
| ব্যক্তিগত তথ্য |
|---|
| জন্ম |
ডিচেম্বৰ ২৬ , ১৮৯৩ চাওচান, হুনান, চীন |
|---|
| মৃত্যু |
ছেপ্টেম্বৰ ৯ , ১৯৭৬ (৮২ বছৰ) বেইজিঙ, চীন |
|---|
| সমাধিস্থল |
চেয়াৰমেন মাও মেম'ৰিয়েল হল, বেইজিঙ, চীন |
|---|
| ৰাষ্ট্ৰীয়তা |
হান চীনা |
|---|
| ৰাজনৈতিক দল |
কমিউনিষ্ট পাৰ্টী অফ চাইনা (ইংৰাজী: Communist Party of China) |
|---|
| দাম্পত্যসঙ্গী |
লুঅ' য়িশিও (ইংৰাজী: Luo Yixiu) (১৯০৭-১৯১০) য়াঙ কাইহুই (ইংৰাজী: Yang Kaihui) (১৯২০-১৯৩০) হে জিঝেন (ইংৰাজী: He Zizhen) (১৯৩০-১৯৩৭) জিয়াঙ কিঙ(ইংৰাজী: Jiang Qing) (১৯৩৯–১৯৭৬) |
মাও জে দঙ (ইংৰাজী: Mao Zedong) হৈছে চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ (ইংৰাজী: Hunan Province) ছাও ছান (Shaoshan) নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে[1][2][3][4] । খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল । কিন্তু শিশু অৱস্থাৰ পৰাই সকলো কথাৰ প্ৰতি সূক্ষ্মদৃষ্টি সম্পন্ন মাওৱে ছাত্ৰাৱস্থাতে উপলব্ধি কৰে যে পৃথিৱীৰ বৃহত্তম জনগোষ্ঠীটোৰ কৃষক শ্ৰমিক সকলৰ দুখ দৈন্যতা আঁতৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহুতো কৰিবলগীয়া আছে। তেওঁ লগতে এইটোও উপলব্ধি কৰে যে শ্ৰমিক শ্ৰেণীৰ জৰ্জৰিত জীৱনৰ যন্ত্ৰণা দূৰ কৰাৰ একমাত্ৰ উপায় বিপ্লৱ। সেয়ে তেওঁ তেওঁৰ উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণত গুৰুত্ব দিয়ে আৰু দেউতাকে তেওঁ শিক্ষা গ্ৰহণৰ বাবে খৰচ যোগাবলৈ অমান্তি হোৱাত মাওৱে তেওঁৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ কৰি নিজৰ অধ্যয়নৰ খৰচ যোগাৰ কৰে।
পৃথিৱীৰ এক তৃতীয়াংশ জনতাৰ ভাগ্য পৰিবৰ্তনৰ ইপ্সিত লক্ষ্য আগত ৰাখি মাওৱে প্ৰথমতে অধ্যয়ন কৰিবলৈ লয় চীনৰ অতীত ইতিহাস। এই সময়ত মাওক বুৰঞ্জীৰ দুটা ঘটনাই বৰকৈ আকৃষ্ট কৰে। এটা হ’ল ১৮৫০ চনৰ পৰা ১৮৬৫ চনলৈ টাইপিং (Taiping) বিপ্লৱৰ নেতাসকলৰ নেতৃত্বত শ্ৰমিক শ্ৰেণী মুক্ত হ’বলৈ চলোৱা প্ৰচেষ্টা আৰু আনটো হ’ল চানয়েট চেনৰ নেতৃত্বত মাঞ্চু শাসকৰ বিৰুদ্ধে মুক্তি অভিযান[5]।
১৯১৯ চনত, ২৬ বছৰ বয়সত মাওৱে সমগ্ৰ চীন ভ্ৰমণৰ অন্তত ছাংহাইত উপস্থিত হয় আৰু প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ আৰু ফৰাচী মিত্ৰ গোষ্ঠীয়ে চীনৰ প্ৰতি বিশ্বাসঘাতকতা কৰাৰ প্ৰতিবাদত ছাত্ৰ সকলে আৰম্ভ কৰা বিক্ষোভ প্ৰদৰ্শনত যোগ দিয়ে।
ইয়াৰ পিছত ১৯২১ চনত মাও জে দং চীন কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা চে-টু-ছিওৰ (Chen-Tu-Hsiu) সান্নিধ্যলৈ আহে আৰু কমিউনিষ্ট ভাৱাদৰ্শ গ্ৰহণ কৰি ছাংহাইত অনুষ্ঠিত চীন কমিউনিষ্ট পাৰ্টিৰ সভাত যোগ দিয়ে।
১৯২৬ চনত চীনৰ শাসনভাৰ চিয়াং কাই চেকৰ নেতৃত্বাধীন কুমিন্টাং দলৰ হাতলৈ যায়। এই সময়ত মাও-চে দঙৰ ৰাজনৈতিক কাৰ্য্যদক্ষতালৈ লক্ষ্য কৰি কুমিয়েন্টাং শাসক বৰ্গই তেওঁক চৰকাৰী প্ৰচাৰ বিভাগৰ পৰিচালন সঞ্চালক পদত নিয়োগ কৰাৰ লগতে, জাতীয় কৃষক আন্দোলন অনুষ্ঠানৰ মূৰব্বী নিযুক্ত কৰে। কিন্তু ইয়াৰ এবছৰৰ ভিতৰতে কৃষক আন্দোলন অনুষ্ঠানৰ ওপৰত যুগুতোৱা মাও জে দঙৰ এখন প্ৰতিবেদন (Report on an Investigation into the peasant Movement in Unan) ৰ ভিত্তিত তেওঁক প্ৰতিক্ৰিয়াশীল আখ্যা দি পলিটবুৰো আৰু পাৰ্টি কমিটীৰ পৰা নিলম্বিত কৰা হয়। অৱশ্যে ইয়াৰ লগে লগেই মাওৰ নেতৃত্বত আৰম্ভ হয় এটা কৃষক আন্দোলন। তেওঁ য়ুনান প্ৰদেশৰ কৃষকসকলক সংঘবদ্ধ কৰি আৰম্ভ কৰা এই আন্দোলন অৱশ্যে বেছিদিন চলিবলৈ নাপালে। কুমিন্টাং শাসনে এই আন্দোলন অতি নিষ্ঠুৰভাবে দমন কৰে আৰু মাও জে দঙক বন্দী কৰি তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়ে। বন্দী অৱস্থাৰ পৰা মাও পলাই সাৰে আৰু এহেজাৰ জনমান কৃষক বিপ্লৱীক লগত লৈ ছিঙকাংছাঙ বৰফে আবৰা দুৰ্গম অঞ্চলত আশ্ৰয় লয়গৈ আৰু তাৰ পৰাই পৰিচালনা কৰিবলৈ লয় তেওঁৰ আন্দোলনৰ কাৰ্য্যসূচী। ছিঙকাংছাঙত এই ভাৱে থাকোতেই ১৯২৮ চনৰ মে মাহত তেওঁৰ বিৰুদ্ধে এটা কুমিয়েন্টাং সৈন্যদল পঠোৱা হয়। কিন্তু মাওৰ দলৰ হাতত এই সৈন্য দলৰ শোচনীয় পৰাজত ঘটে আৰু পৰাস্ত হোৱা সৈন্য সকলৰ সকলো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি মাৱে তাৰ সহায়ত গঠন কৰে লাল সৈনিক প্ৰথম বাহিনী। এই সময়ত মাওৰ কাৰ্য্যকলাপে ছোভিয়েত নেতৃবৰ্গৰ দৃষ্টি আকৰ্ষণ কৰে আৰু মস্কোত অনুষ্ঠিত ছোভিয়েত কমিউনিষ্ট পাৰ্টিৰ ষষ্ঠ কংগ্ৰেছৰ অধিবেশনত মাও জে দঙক কেন্দ্ৰীয় কমিটি আৰু পলিটবুৰ’ৰ সদস্য ভুক্ত কৰা হয়।
মাও জে দঙৰ ডেকা অৱস্থাৰ এক প্ৰতিকৃতি, চীনৰ য়ুনান প্ৰদেশত
১৯৩০ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৩৩ চনৰ অক্টোবৰ মাহৰ ভিতৰত ছিয়াংকাই ছেকে মাও জে দঙৰ বিপ্লৱী আস্থান ধ্বংস কৰিবৰ বাবে চাৰিটা সু-সজ্জিত সামৰিক আভিযান চলায় কিন্তু প্ৰতিবাৰেই কুমিয়েন্টাং সেনাদল মাওৰ গেৰিলা বাহিনীৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। এই কেইটা কুমিয়েন্টাং আভিযানক নিৰৰ্থক কৰি প্ৰমাণ কৰা লাল বাহিনীৰ কৃতকাৰ্য্যতাৰ গুৰিতেই আছিল মাওৰ ৰণনীতি, গেৰিলা ৰণ-কৌশল আৰু কঠোৰ নিয়মানুবৰ্তিতাৰ শাসন। অৱশ্যে স্থানীয় কৃষক জনগোষ্ঠী আৰু তেওঁৰ প্ৰধান সহায়ক চু-টেইৰ অৱদানো এই কৃতকাৰ্য্যতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
১৯৩১ চনত মাও জে দঙৰ আলোকচিত্ৰ
মাও জে দঙৰ বিপ্লৱী বাহিনীৰ বিৰুদ্ধে পঞ্চমটো অভিযান পঠোৱাৰ পূৰ্বে চিয়াংকাই ছেকে এইবাৰ জাৰ্মান সমৰবিদ সকলৰ সৈতে আলোচনাত বহি সমৰ কৌশল তৈয়াৰ কৰে। সেই অনুসৰি ১৯৩৪ চনৰ প্ৰথম ভাগতে প্ৰায় এক নিযুত সৈন্য মোতায়েন কৰে। এই বিপুল সংখ্যক সৈন্যই মাওৰ বিপ্লৱী বাহিনীৰ আস্থান চাৰিওফালৰ পৰা ঘেৰি ধৰে। কিন্তু ইতিমধ্যেই সেই আস্থান ত্যাগ কৰি লাল বাহিনী বহুদূৰলৈ আঁতৰি গৈ নতুন ছাউনী তৈয়াৰ কৰে। কুমিয়েন্টাং বাহিনীৰ এই অভিযানো ব্যৰ্থ হয়। সেই বছৰৰে অক্টোবৰ মাহত মাও জে দঙৰ নেতৃত্বত আৰম্ভ হয় ৰাজনৈতিক বুৰঞ্জীৰ এটি অভূতপূৰ্ব ঘটনা ’লং মাৰ্চ’। এবছৰ ধৰি নানান বিপদ বিঘিনিৰ মাজেদি চলা এই পদযাত্ৰাৰ অন্তত ১৯৩৫ চনৰ অক্টোবৰ মাহত মাওৰ দল উপস্থিত হয় উত্তৰ চেনছীত। ইয়াতেই আৰম্ভ হয় লাল বাহিনীৰ পুনৰ গঠন। গেৰিলা বাহিনীৰ পুনৰ গঠন, তেওঁলোকক শিক্ষাদান আৰু অন্যান্য কাৰ্য্যসূচী অব্যাহত ৰাখিও মাও জে দঙে সমানে জনসংগঠনৰ কামো চলাই যায়। দেশ আৰু দেশৰ জনতাৰ খাতিৰত নিজ স্বাৰ্থত্যাগৰ তুলনাবিহীন আদৰ্শ দাঙি ধৰি পৰৱৰ্তী ১২ বছৰ কাল মাওৱে অতিবাহিত কৰে তেওঁৰ বৈপ্লৱিক কাৰ্য্যক্ষেত্ৰৰ প্ৰসাৰতা ঘটাই। ১৯৪৯ চনত ১ অক্টোবৰ তাৰিখে কমিউনিষ্ট নেতাসকল অগ্ৰসৰ হয় বেইজিঙৰ ফালে, আৰু ৫৫ বছৰ বয়সত ভৰি দিয়া মহান জননেতা মাও জে দঙক ’চেয়াৰমেন’ হিচাপে লৈ গঠিত হয় ’চেন্ট্ৰেল পিপল্ছ গভৰ্ণমেন্ট’। ৮০ কোটি জনতাই মাও জে দঙক আদৰি লয়। বিশ্বৰ মুঠ জন সংখ্যাৰ এক তৃতীয়াংশ লোকৰ বসতি বৃহত্ চীনত প্ৰতিষ্ঠিত হয় কমিউনিষ্ট সাধাৰণ তন্ত্ৰ। দেশৰ শাসনভাৰ হাতত লৈ মাওৱে পূৰ্বতকৈ অধিক তত্পৰতাৰে কাম কৰিবলৈ লয়। কুমিয়েন্টাং সকলৰ হাতত উৱলি যোৱা অৰ্থনীতি টনকিয়াল কৰাৰ দিশত। মাৱে তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ আঁচনি কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগে। ইয়াৰ পিছতে আৰম্ভ হয় সাংস্কৃতিক বিপ্লৱ। মাওৰ চিন্তা ভাৱনা কেন্দ্ৰীভূত হয় দেশৰ সৰ্বাঙ্গীণ উন্নতিৰ লক্ষ্যত।
১৯৪৯ চনত ক্ষমতা দখল কৰাৰ পৰা সুদীৰ্ঘ ২৭ বছৰ কাল দেশক সফল নেতৃত্ব দিয়াৰ লগতে বহুতো সঙ্কটৰ পৰা ৰক্ষা কৰাৰ অন্তত ১৯৭৬ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। বহুতো ক্ষেত্ৰত তেওঁ শাসন কালতেই আন্তৰ্জাতিক মত বিৰোধৰ সৃষ্টি হয় যদিও তেওঁ কোনো বাহিৰা শক্তিৰ কথালৈ কৰ্ণপাত নকৰি কেৱল দেশৰ বাবে মঙ্গলজনক কৰ্তব্য সমূহ সমাধান কৰি গৈছিল।
- Carter, Peter (1976). Mao. প্ৰকাশক London: Oxford University Press. ISBN 978-0192731408.
- Chang, Jung; Halliday, Jon (2005). Mao: The Unknown Story. প্ৰকাশক London: Ted Smart. ISBN 978-0224071260.
- Dikötter, Frank (2010). Mao's Great Famine: The History of China's Most Devastating Catastrophe, 1958–62. প্ৰকাশক London: Bloomsbury Publishing PLC. ISBN 978-0747595083.
- Feigon, Lee (2002). Mao: A Reinterpretation. প্ৰকাশক Chicago: Ivan R. Dee. ISBN 978-1566634588.
- Gao, Mobo (2008). The Battle for China's Past: Mao and the Cultural Revolution. প্ৰকাশক London: Pluto Press. ISBN 978-0745327808.
- Hollingworth, Clare (1985). Mao and the Men Against Him. প্ৰকাশক London: Jonathan Cape. ISBN 978-0224017608.
- Li, Zhisui (1994). The Private Life of Chairman Mao: The Memoirs of Mao's Personal Physician. প্ৰকাশক London: Random House. ISBN 978-0701140186.
- MacFarquhar, Roderick; Schoenhals, Michael (2008). Mao's Last Revolution. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 978-0674027480.
- Schram, Simon (1966). Mao Tse-Tung. প্ৰকাশক London: Penguin Books. ISBN 978-0140208405.
- সাধাৰন
- মন্তব্য
| Persondata
|
| Name
|
Zedong, Mao
|
| Alternative names
|
|
| Short description
|
毛泽东; 毛泽东; Máo Zédōng; Mao Tse-tung
|
| Date of birth
|
December 26, 1893
|
| Place of birth
|
Hunan, China
|
| Date of death
|
September 9, 1976
|
| Place of death
|
Beijing, China
|
|