মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান
| মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান | |
|---|---|
| Nepali: मकालु बरुण राष्ट्रिय निकुञ्ज | |
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য | |
| Location in Province No. 1 | |
| অৱস্থান | প্ৰদেশ নং ১, নেপাল। |
| মাটিকালি | 1,500 বৰ্গ কি.মি. (1.5×109 বৰ্গ মিটাৰ) |
| প্ৰতিস্থা | ১৯৯২ |
| কৰ্তৃপক্ষ | ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ |
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Makalu Barun National Park) নেপালৰ হিমালয়ৰ এখন ৰাষ্ট্ৰীয় উদ্যান যিখন ১৯৯২ চনত সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশৰ সম্প্ৰসাৰণ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ লগতে বৰফেৰে আবৃত শৃংগসমূহকো আগুৰি থকা আৰু ৮,০০০ মিটাৰ (২৬,০০০ ফুট)তকৈ অধিক উচ্চতালৈকে বিস্তৃত ই বিশ্বৰ একমাত্ৰ সংৰক্ষিত অঞ্চল। ইয়াৰ আয়তন সোলুখুম্বু আৰু সাংখুৱাছাভা জিলাৰ ১৫০০ বৰ্গ কিলোমিটাৰ (৫৮০ বৰ্গমাইল) আৰু দক্ষিণ আৰু দক্ষিণ-পূব দিশত ৮৩০ বৰ্গ কিলোমিটাৰ (৩২০ বৰ্গমাইল) আয়তনৰ বাফাৰজোনেৰে আগুৰি আছে।[1]
৮,৪৬৩ মিটাৰ (২৭,৭৬৬ ফুট) উচ্চতাৰ মাকালুৰ শিখৰসমূহ বিশ্বৰ পঞ্চম সৰ্বোচ্চ পৰ্বত, চামালাং (৭,৩১৯ মিটাৰ (২৪,০১২ ফুট)), বাৰুণ্টছে (৭,১২৯ মিটাৰ (২৩,৩৮৯ ফুট)) আৰু মেৰা (৬,৬৫৪ মিটাৰ (২১,৮৩১ ফুট)) ৰাষ্ট্ৰীয় উদ্যানখনত অন্তৰ্ভুক্ত কৰা হৈছে। সংৰক্ষিত অঞ্চলটো পশ্চিমৰ পৰা পূবলৈ প্ৰায় ৬৬ কিলোমিটাৰ (৪১ মাইল) আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় ৪৪ কিলোমিটাৰ (২৭ মাইল)লৈকে বিস্তৃত। ৩৪৪–৩৭৭ মিটাৰ (১,১২৯–১,২৩৭ ফুট) উচ্চতাত অৱস্থিত দক্ষিণ-পূব দিশৰ অৰুণ নদী উপত্যকাৰ পৰা মাকালুৰ শিখৰলৈকে প্ৰায় ৮,০২৫ মিটাৰ (২৬,৩২৯ ফুট) উচ্চতা বৃদ্ধি হৈছে।[2] ৰাষ্ট্ৰীয় উদ্যানখনে উত্তৰ দিশত তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ক'মোলাংমা ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষিত বনাঞ্চলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে।[3]
এই সংৰক্ষিত অঞ্চলটো পৱিত্ৰ হিমালয়ৰ ভূ-প্ৰকৃতিৰ অংশ।[4]
ইতিহাস
[সম্পাদনা কৰক]
১৯৮০ চনৰ আৰম্ভণি আৰু মাজভাগত ইয়াৰ সভাপতি ডেনিয়েল চি টেইলৰৰ অধীনত দ্য মাউণ্টেন ইনষ্টিটিউট (টিএমআই)ৰ কৰ্মীসকলে বৰুণ উপত্যকাত জৰীপ চলাই য়েটিৰ ৰহস্যৰ কোনো ব্যাখ্যা পোৱা যাব নেকি সেই বিষয়ে অধ্যয়ন কৰে।[5] তেতিয়াৰ সেই জৰীপবোৰে এই উপত্যকাৰ অসাধাৰণ জৈৱিক সমৃদ্ধিৰ কথা উন্মোচন কৰিলে। এই সমীক্ষাসমূহৰ ফলাফলত নতুন সংৰক্ষিত অঞ্চল সৃষ্টিৰ প্ৰতি আগ্ৰহ জন্মিছিল। ১৯৮৫ চনত প্ৰস্তাৱ প্ৰণয়ন কৰা হয়।[6] ১৯৮৮ চনত ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগ আৰু টিএমআইৰ যৌথ প্ৰচেষ্টা হিচাপে মাকালু-বৰুণ সংৰক্ষণ এলেকা প্ৰকল্প (এমবিএনপিচিএ) আৰম্ভ কৰা হয়।[3]
১৯৯১ চনত এমবিএনপিচিএ আনুষ্ঠানিকভাৱে গেজেট বা ঘোষণা কৰা হৈছিল। সেই সময়ত সংৰক্ষণ এলেকাৰ ১২খন গাঁও উন্নয়ন সমিতিত প্ৰায় ৩২,০০০ লোক বাস কৰিছিল, যিসকল মূলতঃ লিম্বু, শ্বেৰপা, যক্ষ্খা, গুৰুং, তামাং, মগৰ, নেৱাৰ, ব্ৰাহ্মণ আৰু ছেত্ৰী জনগোষ্ঠীৰ খেতিয়ক। এটা উদ্ভাৱনীমূলক সম্প্ৰদায়ভিত্তিক সংৰক্ষণ পদ্ধতিয়ে স্থানীয় সম্প্ৰদায়ৰ সৈতে জীৱ বৈচিত্ৰ্য পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নিৰ্দিষ্ট বনাঞ্চলসমূহ বহনক্ষম ভিত্তিত ব্যৱহাৰ কৰাৰ আইনী অধিকাৰৰ সৈতে সম্প্ৰদায় বন ব্যৱহাৰকাৰী গোট সৃষ্টি কৰা হৈছিল। স্থানীয় লোকসকলৰ মাজত কৃষিৰ বাহিৰেও নিয়োগৰ সুযোগ সম্প্ৰসাৰণৰ উপায় হিচাপে ইক’টুৰিজিমক প্ৰচাৰ কৰা হৈছিল আৰু একে সময়তে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ কম কৰা হৈছিল। মানৱ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা চৰম ক্ষেত্ৰৰ বাহিৰে এমবিএনপিচিএত বিৰল আৰু বিপন্ন বন্যপ্ৰাণী চিকাৰ আৰু ফান্দত পেলোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছিল৷ বিপন্ন প্ৰজাতিৰ ফলত হোৱা শস্য আৰু পশুধনৰ ক্ষতিৰ বাবেও কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল।[7]
১৯৯৯ চনত সংৰক্ষণ অঞ্চলটোক বাফাৰ জ'নলৈ ৰূপান্তৰিত কৰা হয়।[1] বাফাৰ জ'ন ব্যৱস্থাপনা নিৰ্দেশিকাৰ অধীনত বনাঞ্চল, বন্যপ্ৰাণী আৰু সাংস্কৃতিক সম্পদৰ সংৰক্ষণে শীৰ্ষ অগ্ৰাধিকাৰ লাভ কৰে, তাৰ পাছত অন্যান্য প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বিকল্প শক্তিৰ বিকাশে অগ্ৰাধিকাৰ লাভ কৰিলে৷[8]
অৰুণ নদীৰ হিমবাহৰ দ্বাৰা পৰিচালিত উপনৈ বৰুণ নদীৰ দুৰ্গম উপত্যকাবোৰে শেষৰ বাকী থকা কিছুমান অতীতৰ অৰণ্য আৰু আলপাইন ঘাঁহনিৰ মূল্যৱান ভঁৰাল৷ বৈজ্ঞানিক অধ্যয়ন, পৰিৱেশ নিৰীক্ষণ, শিক্ষা আৰু জিনীয় সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ আৰু প্ৰক্ৰিয়াসমূহক অবিক্ষিপ্ত অৱস্থাত সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই অঞ্চলটোক কঠোৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছে।[2]
জলবায়ু
[সম্পাদনা কৰক]হিমালয়ৰ পূব জলবায়ু অঞ্চলত অৱস্থিত এই উদ্যানখন জুন মাহৰপৰা আৰম্ভ হৈ ছেপ্টেম্বৰৰ শেষৰফালে বাৰিষা কমি আহে। এই মাহবোৰত বাৰ্ষিক ৪,০০০ মিলিমিটাৰ (১৬০ ইঞ্চি) বৰষুণৰ প্ৰায় ৭০% বৰষুণ হয়। এপ্ৰিল মাহত প্ৰথম বাৰিষাৰ ডাৱৰ এই অঞ্চলত দেখা যায়। সমগ্ৰ অঞ্চলটোৰ উচ্চতাৰ অত্যন্ত পাৰ্থক্যৰ বাবে তাপমাত্ৰা বহু পৰিমাণে ভিন্ন হয়। তলৰ উচ্চতাত গোটেই শীতকালছোৱা নাতিশীতোষ্ণ আৰু এপ্ৰিল আৰু মে’ মাহত গৰম হয়। গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চলসমূহ হিমমুক্ত, গড় মাহিলী গড় উষ্ণতা ১৮ °C (৬৪ °F)তকৈ অধিক।[9]
গছ-গছনি
[সম্পাদনা কৰক]
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যানত পূব হিমালয়ৰ বাবে বৈশিষ্ট্যপূৰ্ণ বনপ্ৰকাৰৰ অধিক বৈচিত্ৰ্য প্ৰদৰ্শিত হৈছে, ৪০০ মিটাৰ (১,৩০০ ফুট) উচ্চতাৰ প্ৰায় গ্ৰীষ্মমণ্ডলীয় ডিপ্টেৰ'কাৰ্প মৌচুমী অৰণ্যৰপৰা আৰম্ভ কৰি ৪,০০০ মিটাৰ (১৩,০০০ ফুট) উচ্চতাত ছাবআলপাইন কনিফাৰ অৰণ্য বিস্তৃত। ঋতু অনুসৰি আৰ্দ্ৰতাৰ উপলব্ধতা, উষ্ণতা আৰু বিভিন্ন উচ্চতা আৰু ঢালত থকা বৰফৰ আৱৰণৰ ওপৰত নিৰ্ভৰ কৰি অৰণ্য ভিন্ ভিন্ হয়। ২০০০ মিটাৰ (৬,৬০০ ফুট) তলৰ বনাঞ্চলসমূহ জীৱিকাৰ বাবে কৰা কৃষি-কৰ্মৰদ্বাৰা প্ৰবলভাৱে প্ৰভাবিত হৈছে, ফলত তাত কেৱল কিছুমান পৰিৱেশগতভাৱে উল্লেখযোগ্য বনহে আছেগৈ। শীতল, আৰ্দ্ৰ জলবায়ুৱে কৃষি কাৰ্যকলাপ দমন কৰাৰ ফলত ২০০০ মিটাৰ (৬,৬০০ ফুট) ওপৰৰ অৰণ্য সাধাৰণতে বিস্তৃত। বনাঞ্চলসমূহে পাঁচটা জীৱ জলবায়ু অঞ্চলত বিস্তৃত[2]:
- ক্ৰান্তীয় – ১০০০ মিটাৰ (৩,৩০০ ফুট) তলত শাল বনৰ সৈতে;
- উপগ্ৰীষ্মমণ্ডলীয় – ১০০০ৰপৰা ২০০০ মিটাৰ (৩,৩০০ৰপৰা ৬,৬০০ ফুট) উচ্চতাত শ্বিমা আৰু কাষ্টানোপ্চিছৰ বন আছে;
- তলৰ আৰু ওপৰৰ নাতিশীতোষ্ণ – ২০০০ৰপৰা ৩,০০০ মিটাৰ (৬,৬০০ৰপৰা ৯,৮০০ ফুট) আৰু প্ৰধানকৈ বহল পাতৰ চিৰসেউজ প্ৰজাতিৰ ওক আৰু লৰেল পৰিয়ালৰ আৰু বহল পাতৰ পৰ্ণপাতী মেপেল আৰু মেগনোলিয়াৰ বন;
- ছাবআলপাইন – ৩,০০০ৰপৰা ৪,০০০ মিটাৰ (৯,৮০০ৰপৰা ১৩,১০০ ফুট) উচ্চতাত হিমালয়ৰ ভূৰ্জবৃক্ষ আৰু পূব হিমালয়ান দেৱদাৰুজাতীয় চিৰসেউজ গছ-বিশেষ; এই বনত জুনিপাৰ আৰু দেৱদাৰুজাতীয় চিৰসেউজ গছ-বিশেষৰ দৰে কনিফাৰৰ প্ৰাধান্য আছে।
৪,০০০ মিটাৰ (১৩,০০০ ফুট)ৰ ওপৰৰ উচ্চতাত থকা আলপাইন চৰণীয়া পথাৰ ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ বামন ৰ'ড'ডেণ্ড্ৰন আৰু জুনিপাৰ, সুগন্ধি বনৌষধি আৰু সূক্ষ্ম বনৰীয়া ফুলৰে সমৃদ্ধিশালী৷ ৫,০০০ মিটাৰ (১৬,০০০ ফুট) ওপৰৰ অঞ্চলত প্ৰধানকৈ শিল আৰু বৰফ আছে আৰু ইয়াৰ গছ-গছনি কম।[3]
উদ্ভিদবিদসকলে ইয়াত ৩,১২৮বিধ প্ৰজাতিৰ ফুল ফুলা উদ্ভিদ লিপিৱদ্ধ কৰিছে, ইয়াৰ ভিতৰত আছে নেপালৰ ৩০ বিধ ৰ'ড'ডেণ্ড্ৰনৰ ভিতৰৰ ২৫বিধ, ৪৮বিধ প্ৰাইমৰ'জ, ৪৭বিধ অৰ্কিড, ১৯বিধ বাঁহ, ১৫বিধ ওক গছ, ৮৬বিধ খাদ্য বৃক্ষ আৰু ৬৭বিধ অৰ্থনৈতিকভাৱে মূল্যৱান সুগন্ধি আৰু ঔষধি উদ্ভিদ।[10]
প্ৰাণী
[সম্পাদনা কৰক]
এই সংৰক্ষিত অঞ্চলটো বহুতো বৈচিত্ৰ্যপূৰ্ণ প্ৰাণীৰ বাসস্থান। ইয়াত ৩১৫বিধ প্ৰজাতিৰ পখিলা, ৪৩বিধ প্ৰজাতিৰ সৰীসৃপ আৰু ১৬বিধ প্ৰজাতিৰ উভচৰ প্ৰাণী আছে। ইয়াত থকা বহু পুখুৰী, বিল আৰু নদীত ৭৮বিধ প্ৰজাতিৰ মাছ আছে।[3] পক্ষীবিজ্ঞানীসকলে ঈগল আৰু অন্যান্য চিকাৰী চৰাইৰপৰা আৰম্ভ কৰি বগা ডিঙিৰ ষ্টৰ্ক আৰু চানবাৰ্ডলৈকে ৪৪০বিধ প্ৰজাতিৰ চৰাই ইয়াত লিপিৱদ্ধ কৰিছে। ১৬টা বিৰল বা সংৰক্ষিত চৰাইৰ প্ৰজাতিৰ ভিতৰত গলমণিকা, ব্লাইথছ মাছৰোকা, নীলা মাছৰোকা, নীলাকান্ধৰ পিটা, শেঁতা নীলা ফ্লাইকেচাৰ, চুলটান টিট, ৰূপালী কাণৰ মেছিয়া, স্পেনী বেবলাৰ আৰু বগা নেপযুক্ত ইউহিনা আদি উল্লেখযোগ্য।[1]
৮৮টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ ভিতৰত তুষাৰৰ নাহৰফুটুকী, ভাৰতীয় নাহৰফুটুকী, গোধাফুটুকী, হেপা, লতামাকৰি, সোণালী শিয়াল, হিমালয়ৰ কুকুৰনেচিয়া, ৰঙা শিয়াল, ৰঙা পাণ্ডা, ক'লা ভালুক, হনুমান বান্দৰ, অসমীয়া বান্দৰ, হিমালয়ৰ থৰ, হিমালয়ৰ গোৰাল, মুণ্টজাক, কস্তুৰীমৃগ, সুগৰী পহু, হিমালয়ৰ চেৰ', বনগাহৰি, উৰণীয়া কেৰ্কেটুৱা, উদ, দাগযুক্ত লিনছাং, ৱেজেল আৰু হিমালয়ৰ মাৰ্মট।[3] ২০০৯ চনৰ মে' মাহত প্ৰাণীবিজ্ঞানীসকলে ২,৫১৭ মিটাৰ (৮,২৫৮ ফুট) উচ্চতাত এছিয়ান সোণালী মেকুৰীৰ প্ৰথম কেমেৰা ফান্দৰ ছবি লাভ কৰে।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). "Makalu Barun National Park". Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. প্ৰকাশক Kathmandu: International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. পৃষ্ঠা. 55–57. ISBN 978-92-9115-033-5. https://lib.icimod.org/record/7560.
- ↑ 2.0 2.1 2.2 Carpenter, C.; Zomer, R. (1996). "Forest ecology of the Makalu-Barun National Park and Conservation Area, Nepal". Mountain Research and Development খণ্ড 16 (2): 135–148. doi:10.2307/3674007.
- ↑ 3.0 3.1 3.2 3.3 3.4 Jha, S. G. (2003). Linkages between biological and cultural diversity for participatory management: Nepal’s experiences with Makalu-Barun National Park and buffer zone Archived 2011-07-22 at the Wayback Machine. Journal of the National Science Foundation of Sri Lanka 31 (1&2): 41–56.
- ↑ Gurung, C. P.; Maskey, T. M.; Poudel, N.; Lama, Y.; Wagley, M. P.; Manandhar, A.; Khaling, S.; Thapa, G. et al. (2006). "The Sacred Himalayan Landscape: Conceptualizing, Visioning, and Planning for Conservation of Biodiversity, Culture and Livelihoods in the Eastern Himalaya". Conservation Biology in Asia. প্ৰকাশক Kathmandu: Nepal Society for Conservation Biology, Asia Section and Resources Himalaya Foundation. পৃষ্ঠা. 10–20. ISBN 99946-996-9-5. https://conbio.org/images/content_groups/Asia/Chapter%201_Gurung_Himalayan%20Landscape.pdf.
- ↑ “Yeti: The Ecology of a Mystery” (New Delhi: Oxford University Press 2017)
- ↑ Taylor-Ide, D. and T. B. Shrestha (1985). "The Makalu-Barun Park: a proposal". In McNeely, J. A.. People and Protected Areas in the Hindu Kush-Himalaya: International Workshop on the Management of National Parks and Protected Areas in the Hindu Kush-Himalaya. প্ৰকাশক Kathmandu, Nepal: King Mahendra Trust for Nature Conservation. পৃষ্ঠা. 129–132.
- ↑ Mehta, J. N. and S. R. Kellert (1998). Local attitudes toward community-based conservation policy and programmes in Nepal: a case study in the Makalu-Barun Conservation Area. Environmental Conservation 25 (4): 320–333.
- ↑ Heinen, J. T. and J. N. Mehta (2000). Emerging Issues in Legal and Procedural Aspects of Buffer Zone Management with Case Studies from Nepal. Journal of Environment and Development 9 (1): 45–67.
- ↑ Zomer R. J., Ustin S. L. and Carpenter C. C. (2001). Land Cover Change Along Tropical and Subtropical Riparian Corridors Within the Makalu Barun National Park and Conservation Area, Nepal. Mountain Research and Development 21: 175–183.
- ↑ Shrestha, T. B., Sakya R., Nepali, H. S. (1990). Scientific Report on field survey of 1989: General and Phyto-ecology Working paper No. 8, Makalu-Barun Conservation Project, Kathmandu, Nepal.
- ↑ Ghimirey, Y., Pal, P. (2009). First camera trap image of Asiatic golden cat in Nepal Archived 2011-07-26 at the Wayback Machine. Cat News 51: 17.