মাকি আছাকাৱা
মাকি আছাকাৱা | |
|---|---|
| জন্ম | ২৭ জানুৱাৰী, ১৯৪২ মিকাৱা, ইছিকাৱা, জাপান |
| মৃত্যুৰ তাৰিখ | ১৭ জানুৱাৰী, ২০১০ (৬৭ বছৰ) নাগয়া, আইচি, জাপান |
| পেচা |
|
| সক্ৰিয়তাৰ বছৰ | ১৯৬৭–২০১০ |
মাকি আছাকাৱা (জাপানী: 浅川マキ, ইংৰাজী: Maki Asakawa; ২৭ জানুৱাৰী, ১৯৪২ – ১৭ জানুৱাৰী, ২০১০) এগৰাকী জাপানী গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। "আণ্ডাৰগ্ৰাউণ্ডৰ ৰাণী" (アングラの女王, Anggura no Joō) হিচাপে পৰিচিত[1][2][3] মাকি আছাকাৱা জাপানৰ নগৰীয়া প্ৰতিসংস্কৃতিৰ (counterculture) এগৰাকী গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ আছিল।[4]
দ্য জাপান টাইমছত লিখা হৈছিল যে তেওঁ "১৯৭০ চনত দ্য ৱৰ্ল্ড অৱ মাকি আছাকাৱাৰ জৰিয়তে নিজৰ নাম উজলাইছিল" ইয়াৰোপৰি তেওঁ "য়ো গা আকেতাৰা" আৰু "কামোমে"ৰ দৰে গীতৰ বাবেও পৰিচিত, লগতে ডাৰ্কনেছ কালেকচনৰ বাবেও পৰিচিত।[5] অলমিউজিকৰ থম জুৰেকে তেওঁৰ এলবাম ব্লু স্পিৰিট ব্লুজক (১৯৭২) "হয়তো তেওঁৰ আটাইতকৈ স্মৰণীয় ৰেকৰ্ডিং" বুলি বৰ্ণনা কৰিছিল আৰু কৈছিল যে তেওঁৰ মাকি II (১৯৭১) আৰু কেট নেপৰ (১৯৮২) গীতসমূহো সুপৰিচিত।[6] বেন ৰেটলিফে লিখিছে, "তেওঁ কৰা কিছুমান আটাইতকৈ তীব্ৰ ৰেকৰ্ডিং আছিল ইংৰাজী ভাষাৰ কভাৰ বা আমেৰিকাৰ জাজ ষ্টেণ্ডাৰ্ড, ব্লুজ গীত আৰু ধ্ৰুপদী গীতসমূহ জাপানীজ ভাষাত কেৱল একাউষ্টিক গীটাৰ আৰু ড্ৰাম ব্যৱহাৰ কৰি কৰা পুনৰ নিৰ্মাণ। তেওঁ গীত বোৰ লাহে লাহে গাইছিল, তেওঁৰ কণ্ঠত ওজন আছিল।"[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "アングラの女王・浅川マキ、プロデューサー寺本幸司と辿る影と闇の世界" (Japanese ভাষাত). Rolling Stone Japan. May 16, 2023. https://rollingstonejapan.com/articles/detail/39515/6/1/1। আহৰণ কৰা হৈছে: August 24, 2024.
- ↑ "アングラの女王「浅川マキ」当時プロデューサーが語る秘話 " (Japanese ভাষাত). Nippon Hōsō News Online. Nippon Broadcasting System. January 12, 2020. https://news.1242.com/article/124677। আহৰণ কৰা হৈছে: August 24, 2024.
- ↑ "【わがまちの偉人】 旧美川町 アングラの女王と呼ばれた歌手 浅川マキ" (Japanese ভাষাত). Chunichi Shimbun. October 15, 2020. https://www.chunichi.co.jp/article/137632। আহৰণ কৰা হৈছে: August 24, 2024.
- ↑ ""The World of Maki Asakawa" - Songs from the Japanese Post-War Counterculture | SOAS University of London" (en ভাষাত). www.soas.ac.uk. https://www.soas.ac.uk/jrc/events/seminar-and-events/23may2017-the-world-of-maki-asakawa---songs-from-the-japanese-post-war-counterculture.html। আহৰণ কৰা হৈছে: 2021-01-09.[সংযোগবিহীন উৎস]
- ↑ "Obituary: Maki Asakawa" (en-US ভাষাত). The Japan Times. 2010-01-19. https://www.japantimes.co.jp/news/2010/01/19/national/obituary-maki-asakawa/.
- ↑ Jurek, Thom. "Maki Asakawa | Biography & History" (en ভাষাত). AllMusic. https://www.allmusic.com/artist/maki-asakawa-mn0002115174/biography। আহৰণ কৰা হৈছে: 2021-01-09.
- ↑ Ratliff, Ben (2015-10-28). "New Works by Negro Leo, Maki Asakawa, Ben Monder and Gemma (Published 2015)" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2015/11/01/arts/music/new-works-by-negro-leo-maki-asakawa-ben-monder-and-gemma.html.