মাকো
অৱয়ব

মাকো হ'ল তাঁত ববৰ কাৰণে ব্যৱহাৰ কৰা যতন, য’ত মহুৰা ভৰাই তাঁত বোৱা হয়।[1] অসমত প্ৰচলিত মাকোৰ ভাগ দুটা হ'ল: চৰিয়া মাকো আৰু ফলীয়া মাকো। বিহুগীতত 'ক'লীয়া নাহৰৰ মাকো' আৰু 'হাতীদাঁতৰ মাকো'ৰ উল্লেখ আছে। নাৱৰ দৰে দুমূৰ জোঙা চাৰিসিৰীয়া মাকোৰ মাজ ভাগ খুলি (মাকো বাকচ) তাত শলা লগাই সূতাৰ মহুৰাটো ৰাখি কাপোৰ বোৱা হয়।
সাহিত্যত মাকো
[সম্পাদনা কৰক]বিহুগীতৰ ভিন্ন কলিত মাকোৰ উল্লেখ আছে-
- 'বহো তাঁতৰ শালত চকু আলিবাটত ঘনে মাকো সৰি পৰে'।
- 'মাকোৰ ঘিট্ ঘটনি গামখাৰুৰ বাজনি'।
খণ্ড বাক্য হিচাপে 'মাকো মাৰ' শব্দটোৱে 'ঘনাই অহা-যোৱা কৰা' বা 'মাকো যেন চলন-ফুৰণ হোৱা' অৰ্থাৎ চঞ্চল আৰু ক্ষিপ্ৰ স্বভাৱৰ হোৱা বুজায়।
ইয়াকলৈ সাঁথৰৰো সৃষ্টি হৈছে। যেনে-
- দুইফালে ঢাপ
মাজে মাজে যায় কাৰ্শলা সাপ। - আলিৰ মূৰত জেঠীৰ বাহ
পুৱাই কি কি কৰে ৰজাৰ পুতেক বন্দীত পৰি
ঘনে অহা-যোৱা কৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "মাকো" (as ভাষাত). Xobdo. https://www.xobdo.org/dic/মাকো। আহৰণ কৰা হৈছে: ১১ আগষ্ট ২০২৫.
- ↑ নাৰায়ণ দাস( মুখ্য সম্পাদক) অসমৰ সংস্কৃতি- কোষ,প্ৰকাশক: জ্যোতি প্ৰকাশন পৃষ্ঠা. ৫০২