সমললৈ যাওক

মাগালিৰ মাট্টুম (১৯৯৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাগালিৰ মাট্টুম

পোষ্টাৰ
পৰিচালক ছিংগীতম শ্ৰীনিবাস ৰাও
চিত্ৰনাট্য ক্ৰেজি মোহন
কাহিনী কমল হাছান
প্ৰযোজক কমল হাছান
অভিনয়ত নাছাৰ
ৰেৱতী
উৰ্ৱশী
ৰোহিনী
সংগীত পৰিচালক ইলায়ৰাজা
মুক্তি
২৫ ফেব্ৰুৱাৰী ১৯৯৪ (1994-02-25)
দৈৰ্ঘ্য
১৩২ মিনিট[1]
দেশ ভাৰত
ভাষা তামিল

মাগালিৰ মাট্টুম ' (ইংৰাজী: Magalir Mattum) ১৯৯৪ চনৰ ছিংগীতম শ্ৰীনিবাস ৰাওৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ব্যংগ ছবি। প্ৰযোজনা কমল হাছানৰ আৰু ৰচনা ক্ৰেজি মোহনৰ। ছবিখনত অভিনয় কৰিছে নাছাৰ, ৰেৱতী, উৰ্বশী আৰু ৰোহিনীয়ে। এইখনৰ কাহিনী তিনিগৰাকী মহিলাক লৈ কেন্দ্ৰীভূত, যি তেওঁলোকৰ কামুক অফিচ বচৰ বিৰুদ্ধে একগোট হোৱাৰ সিদ্ধান্ত লয়, যিয়ে তেওঁলোকক অহৰহ হাৰাশাস্তি কৰি থাকে।[2][3]

১৯৮০ চনৰ আমেৰিকান ছবি নাইন টু ফাইভৰ দ্বাৰা অনুপ্ৰাণিত হৈ হাছানে এটা কাহিনী লিখিছিল, যিটো পিছত মোহনে মাগালিৰ মাট্টুনৰ চিত্ৰনাট্যলৈ সম্প্ৰসাৰিত কৰে। স্বতন্ত্ৰ চিনেমাট’গ্ৰাফাৰ হিচাপে থিৰুনাবুকাৰাছুৰ প্ৰথম ছবি আছিল। পি.এন.সতীশে সম্পাদনা কৰিছিল। ইলাইয়াৰাজাই সংগীত ৰচনা কৰাৰ বিপৰীতে বালিয়ে গীতৰ কথা লিখিছিল।[4]

১৯৯৪ চনৰ ২৫ ফেব্ৰুৱাৰীত মুক্তি পোৱা মাগালিৰ মাট্টুমে ব্যৱসায়িকভাৱে সফলতা লাভ কৰে। ছবিখন ১৭৫ দিনতকৈও অধিক সময় ছবিগৃহত চলিছিল। অভিনয়ৰ বাবে উৰ্বশীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বিশেষ বঁটা লাভ কৰে। কৰ্মক্ষেত্ৰত মহিলাৰ হাৰাশাস্তি আৰু পুৰুষৰ দৃষ্টি দৰে বিষয়সমূহৰ বাবে ছবিখনে তামিল চলচ্চিত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় আৰু ভাৰতৰ মি টু (Me too) আন্দোলনৰ প্ৰাৰম্ভিক উদাহৰণ হিচাপে গণ্য কৰা হয়।[5]


বিষয়বস্তু

[সম্পাদনা কৰক]

মাগালিৰ মাট্টুমৰ বিষয়বস্তু কৰ্মক্ষেত্ৰত মহিলা কৰ্মচাৰীসকলে ভূগা হাৰাশাস্তি আৰু পুৰুষৰ দৃষ্টিৰ ওপৰত আধাৰিত।[15][20] সৌম্য ৰাজেন্দ্ৰনে চিফীৰ বাবে (Sify) লিখা ৰচনা এখনত উল্লেখ কৰিছে যে ছবিখনে মহিলা কৰ্মচাৰীসকলে সন্মুখীন হোৱা বহু সমস্যাৰ বিষয়ে আলোচনা কৰিছে, যেনে "দৰিদ্ৰতাৰ নাৰীকৰণ, এগৰাকী মধ্যবিত্তীয়, নতুন মাতৃৰ সমস্যা, যিয়ে জীৱিকা নিৰ্বাহৰ বাবে কামলৈ ঘূৰি আহিবলগীয়া হয়" আৰু "এগৰাকী অবিবাহিত, প্ৰতিভাৱান মহিলাৰ খং, যিয়ে নিজৰ চাকৰিটো ধৰি ৰাখিবলৈ হ'লে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব লাগে"।[6]

মুখ্য নাৰী চৰিত্ৰ সত্য, জানকী আৰু পাপাম্মাই সমাজৰ তিনিটা ভিন্ন শ্ৰেণীক প্ৰতিনিধিত্ব কৰে।[7] উৰ্বশীয়ে কয় যে ছবিখনৰ এইটো দেখুওৱাই উদ্দেশ্য আছিল "শ্ৰেণী পাৰ্থক্য নিৰ্বিশেষে মহিলাসকলে পিতৃতান্ত্রিক সমাজত একে সমস্যাৰ সন্মুখীন হয়"। তেওঁ জানকীক "এটা সাধাৰণ মধ্যবিত্তীয় মানসিকতা" প্ৰদৰ্শন কৰা বুলি বৰ্ণনা কৰে। পাপাম্মাক তেওঁৰ বিপৰীত, যিয়ে "এটা সাহসী আৰু লজ্জাহীন মনোভাৱ বহন কৰে", আৰু সত্য "এগৰাকী স্বতন্ত্ৰ মহিলা যিয়ে কথাবোৰৰ প্ৰতি অতি নিখুঁত"।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]