সমললৈ যাওক

মাগালিৰ মাট্টুম (২০১৭ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাগালিৰ মাট্টুম

পোষ্টাৰ
পৰিচালক ব্ৰহ্ম
ৰচনা ব্ৰহ্ম
প্ৰযোজক সূৰ্যা
ক্ৰিষ্টি ছিলুভপ্পন
অভিনয়ত
সংগীত পৰিচালক ঘিব্ৰণ
পৰিবেশক শক্তি ফিল্ম ফেক্টৰী
মুক্তি
১৫ ছেপ্টেম্বৰ ২০১৭ (2017-09-15)
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা তামিল

মাগালিৰ মাট্টুম ' (ইংৰাজী: Ladies Only) ২০১৭ চনৰ ভাৰতীয় তামিল কমেডী নাটক ছবি ব্ৰহ্মৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তামিল কমেডী নাট্যধৰ্মী ছবি। কুট্ট্ৰম কাদিথালৰ (২০১৫) পিছত পৰিচালকজনৰ এয়া দ্বিতীয়টো উদ্যোগ আছিল। ছবিখনত জ্যোতিকা, উৰ্বশী, ভানুপ্ৰিয়া, আৰু সৰন্য পোনভান্ননে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে নাছাৰ, লিভিংষ্টন, গোকুলনাথ, আৰু জি মাৰিমুথুৱে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত ৩৮ বছৰ পিছত লগ হোৱা তিনিগৰাকী স্কুলীয়া দিনৰ বান্ধৱীৰ কাহিনী কোৱা হৈছে, যি তিনিগৰাকী বান্ধৱীয়ে জীৱনকালক বিভিন্ন পুৰুষৰ হেঁচাৰ সন্মুখীন হৈছে। সূৰ্যাৰ দ্বাৰা প্ৰযোজিত আৰু ঘিবৰণৰ দ্বাৰা ৰচিত সংগীতৰ সৈতে এই ছবিখনৰ নিৰ্মাণ কাৰ্য ২০১৬ চনৰ জুলাই মাহৰ পৰা নিৰ্মাণ আৰম্ভ হয় আৰু ২০১৭ চনৰ ১৫ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পায়। মাগালিৰ মাট্টুমে সমালোচকৰ সাকাৰত্মক সমীক্ষা লাভ কৰে।[1][1] দক্ষিণ ফিল্মফেয়াৰ বঁটাত জ্যোতিকাই শ্ৰেষ্ঠ অভিনেত্ৰী শাখাৰ বাবে আৰু উৰ্বশী আৰু ভানুপ্ৰিয়াই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী শাখাৰ বাবে মনোনীত হয়।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Upadhyaya, Prakash (14 September 2017). "Magalir Mattum movie review: Critics give a thumbs-up to Jyothika". International Business Times, India Edition. https://www.ibtimes.co.in/magalir-mattum-movie-review-critics-give-thumbs-jyothika-742065 আহৰণ কৰা হৈছে: 19 September 2020.
  2. "Nominations for the 65th Jio Filmfare Awards (South) 2018". Filmfare.com. https://www.filmfare.com/features/nominations-for-the-65th-jio-filmfare-awards-south-2018_-28652.html আহৰণ কৰা হৈছে: 27 December 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]