মাঘনোৱা দ’ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাঘনোৱা দৌলৰ পৰা পুনঃনিৰ্দেশিত)
মাঘনোৱা দ’ল

মাঘনোৱা দ’লৰ সম্মুখভাগৰ দৃশ্য
মাঘনোৱা দ’ল is located in Assam
মাঘনোৱা দ’ল
অসমত স্থান
ভূ-স্থানাংক 26°57′30.48″N 93°47′54.45″E / 26.9584667°N 93.7984583°E / 26.9584667; 93.7984583
নাম
অন্য নাম ফুলবাৰী দ’ল
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
এলেকা নাৰায়ণপুৰৰ ফুলবাৰী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী কালী, শিৱ
স্থাপত্য শৈলী আহোম যুগীয়া
মন্দিৰৰ সংখ্যা এটা
ইতিহাস
প্ৰতিস্থাপক কোনো আহোম স্বৰ্গদেউ

মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলানাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা যায়। মানৰ আক্ৰমণৰ সময়ত দলৈ আৰু পূজাৰীসকলে ইয়াৰপৰা যাওঁতে দ’লৰ মুখ্য প্ৰতিমা (বিগ্ৰহ) ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। পিছত কলাবাৰী ঘৰ সাজি প্ৰতিমা ভাগ স্থাপন কৰা হয়। এইয়াই হ’ল বৰ্তমানৰ বৰকালিকা থান[1]

দ’লৰ বিৱৰণ[সম্পাদনা কৰক]

মাঘনোৱা দ’লটোৰ চাৰিওফালে প্ৰায় ৫ ফুট ওখ ইটাৰ বেৰ। দ’লত লাগি থকা বুলনি ঘৰৰ পাৰ প্ৰায় ১২৫ হাত দূৰত ইটাৰ বেৰত লাগি থকা বাট চ’ৰাসহ মন্দিৰ প্ৰাংগণত সোমাবলৈ এখন মাত্ৰ দুৱাৰ আছে। ইটাৰ গড়ৰ চাৰিওফালে এটি মাটিৰ গড়। মাটিৰ গড়ৰ ভিতৰৰ কালি প্ৰায় ৩৩/১৫ লোচা। গড়ৰ দক্ষিণ পূব চুকটো মাঘনোৱা বিলত লাগিছে। মাঘনোৱা বিলৰ কালি ৮৯/১৮ লোচা। দ’লটো আঠকোণীয়া আৰু সন্মুখৰ গাতে লাগি আছে বুলনি ঘৰ। দ’লটো মাটিৰ তললৈ কিমান সোমাই গৈছে সেয়া অনুমেয় নহয়। বৰ্তমান ই প্ৰায় ৩০ হাত ওখ। আঠকোণীয়া দ’লটোৰ প্ৰত্যেক বাহুৰ বাহিৰফালৰ দীঘ ৯ হাত। দ’লটোৰ বেৰৰ সাতহাত ওখত এটা কাৰ্নিচ আছে। কাৰ্নিচৰ তলৰ পৰা মাটিত লগা বেৰৰ অংশৰ মাজ ভাগ মৃদঙৰ দৰে পেটুৱা। দ’লটোৰ কাৰ্নিচৰ তলতে প্ৰত্যেক বেৰত শাৰীত পাঁচ খনকৈ দুশাৰী মূৰ্তি লগোৱা আছিল। বৰ্তমান সিমান মূৰ্তি নাই আৰু দ’লটোৰ কলচীও নাই। দ’লৰ বেৰবিলাক সাতফুট মান ডাঠ। বুলনি ঘৰ দীঘে বাৰ হাত, পথালিয়ে ন হাত আৰু ওখৈ প্ৰায় আঠ হাত। ইয়াৰ বেৰ প্ৰায় তিনি ফুট ডাঠ। দুয়োফালৰ বেৰত চাৰিওটাকৈ চাকি থোৱা থাকে। বেৰত লগোৱা তিনিখন ভগা আৰু আঠখন ভাল মূৰ্তি ইয়াত সজাই থোৱা আছে।[2]

বুৰঞ্জী[সম্পাদনা কৰক]

এই দ’লটো কোনে নিৰ্মাণ কৰিছিল ক’তো পোৱা নাযায়। ঘৰ আৰু ইটাৰ ঠাঁচ চাই এই দ’ল আহোম ৰজা সকলেই নিৰ্মাণ কৰিছিল বুলি ক’ব পাৰি। আনন্দ চন্দ্ৰ আগৰৱালাই "কামৰূপ তীৰ্থৰ বিৱৰণ" প্ৰবন্ধত (আৱাহন ৫ম বছৰ) মাঘনোৱা দ’লৰ পাৰতে বিভাণ্ডক মুণিৰ আশ্ৰম আছে বুলি লিখিছে।

মাঘনোৱা দ'লৰ সম্মুখভাগত স্থাপিত তথ্য ফলকত উল্লেখ কৰা তথ্য অনুসৰি দ’লটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। ওৱেদ চাহাবৰ বুৰঞ্জীৰ মতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১-১৭৬৯) পিচলা নৈত স্নান কৰি ফুলবাৰী দেৱালয়ত গোঁসানী সেৱা কৰি ৪,০০০ তিৰোতা আৰু ল’ৰা ছোৱালীক কাপোৰ, টকা আৰু সোণ দান কৰে।

বৰ্তমান[সম্পাদনা কৰক]

অৱহেলাৰ বাবে দ’লটিৰ প্ৰায়বোৰ সামগ্ৰীৰ নষ্ট সাধন হৈছে। এতিয়াও প্ৰতিবছৰে পূজাৰ বাবে বহু ভক্তৰ ইয়ালৈ আগমন ঘটে। কম বেছি পৰিমাণে পৰ্যটকো দেখিবলৈ পোৱা যায়।

চিত্ৰ-বীথিকা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শিৱ শৰ্মাৰ "বাৰ বৈষ্ণৱৰ স্থান নাৰায়ণপুৰ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সমন্বিতে ইয়াৰ সন্তসকল
  2. মহেশ্বৰ নেওগ- "পবিত্ৰ অসম"

বাহ্যিক সংযোগ[সম্পাদনা কৰক]