সমললৈ যাওক

মাছাই জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাছাই
২০০৫ চনত গোট খোৱা এটা মাছাই জনগোষ্ঠীয় লোকৰ দল
মুঠ জনসংখ্যা
প্ৰায় ৮ মিলিয়ন
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 কেনিয়া ১,১৮৯,৫২২ (২০১৯) [1]
 তাঞ্জানিয়া প্ৰায় 7,000,000 (2015) [2]
ভাষাসমূহ

Maa, Swahili, English

ধৰ্ম

Maasai religion, other traditional African religions, Islam

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

Samburu, Ilchamus,Zigua, Sambaa,Bondei,Luo, other Nilotic peoples

মাছাই জনগোষ্ঠী (ইংৰাজী: Maasai People) 'আফ্ৰিকাৰ গ্ৰেট লেক' অঞ্চলত অৱস্থিত কেনিয়াৰ উত্তৰ, মধ‍্য ‍‍‍‍‍‍আৰু দক্ষিণাঞ্চলত আৰু টাঞ্জানিয়াৰ উত্তৰাঞ্চলত বসবাস কৰা এটা নিলোটিক জনগোষ্ঠী। এই জনগোষ্ঠীৰ স্থানীয় ভাষা, 'মাছাই ভাষা'টো ডিংকা, কালেনজিন আৰু নিউৰ সৈতে জডিত এটা নিলোটিক ভাষা। বৰ্তমান কিছু সংখ‍্যক জেষ্ঠ মাছাই লোকৰ বাহিৰে অধিকাংশ মাছাই লোকে কেনিয়া আৰু টাঞ্জানিয়াৰ চৰকাৰী ভাষা 'কিস্বহিলী' আৰু ইংৰাজী ক’ব জানে। [3]

জনসংখ্যা

[সম্পাদনা কৰক]

মাছাই জনগোষ্ঠীৰ জনসংখ্যা ১৯৮৯ চনৰ পৰিসংখ্যা অনুসৰি কেনিয়াত সবমুঠ ৩৭৭,০৮৯ জনৰ পৰা ২০১৯ চনত ১,১৮৯,৫২২ জনলৈ বৃদ্ধি হৈছে। অৱশ্যে বহু সংখ্যক মাছাই লোকে এই পৰিসংখ্যাক চৰকাৰৰ অনাৱশ্যক হস্তক্ষেপ ৰূপে বিবেচনা কৰে আৰু সেয়ে তেওঁলোকে এনে পৰিসংখ্যাত ভাগ নলয় নতুবা ভুল তথ্যৰ যোগান ধৰে।[4][5]

মাছাই জনগোষ্ঠীৰ লোকসকল দক্ষিণ চুডানেৰে আহি আফ্ৰিকান গ্ৰেট লেক অঞ্চলত বসবাস কৰি আহিছে। মাছাই জাতিলোককে ধৰি অন্য নিলোটিক ভাষী, যেনে তোৰকানা আৰু কালেলজিন আদি লোকসকল পশুপালক আৰু এওঁলোক ভয়ংকৰ যোদ্ধা তথা পশুচোৰ হিচাপে প্ৰখ্যাত। পূব আফ্ৰিকাত বসবাস কৰা মাছাই তথা অন্য জনগোষ্ঠীৰ লোকসকলে কাষৰীয়া কুছিটিক ভাষী জাতিবোৰৰ পৰা বিভিন্ন ৰীতি-নীতি আৰু কলা-কৌশল আহৰণ কৰিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য হৈছে বয়স অনুসৰি সামাজিক ব্যৱস্থা, যৌনাংগ বিকৃতকৰণ (circumcision) আৰু শব্দভাণ্ডাৰ আদি।[6][7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "2019 Kenya Population and Housing Census Volume IV: Distribution of Population by Socio-Economic Characteristics". Kenya National Bureau of Statistics. https://www.knbs.or.ke/?wpdmpro=2019-kenya-population-and-housing-census-volume-iv-distribution-of-population-by-socio-economic-characteristics&wpdmdl=5730&ind=7HRl6KateNzKXCJaxxaHSh1qe6C1M6VHznmVmKGBKgO5qIMXjby1XHM2u_swXdiR। আহৰণ কৰা হৈছে: 24 March 2020. 
  2. Ethnologue report for language code:mas Archived 2008-10-23 at the Wayback Machine ethnologue.com, '453,000 in Kenya (1994 I. Larsen BTL) ... 430,000 in Tanzania (1993)', Gordon, Raymond G., Jr. (ed.), 2005. Shai Amelie has Languages of the World, Fifteenth edition. Dallas, Tex.: SIL International
  3. {{cite web |url=https://web.archive.org/web/20120715234704/http://www.africanpeople.info/ African People Ethnography | Maasai]
  4. "The Maasai People". Maasai Association. http://maasai-association.org/maasai.html। আহৰণ কৰা হৈছে: June 27, 2022. 
  5. "Kenya - Population Distribution". kenya.rcbowen.com. http://kenya.rcbowen.com/people/population.html। আহৰণ কৰা হৈছে: 2007-08-25. 
  6. Collins, Robert O. (2006). The southern Sudan in historical perspective. Transaction Publishers. পৃষ্ঠা. 9–10. 
  7. S. Wandibba et al., p.19–20.