সমললৈ যাওক

মাছানি আম্মান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুলমিগু শ্ৰী মাছানি আম্মান মন্দিৰ

মাছানি আম্মানৰ মূল মূৰ্তিক চিত্ৰিত কৰা পোষ্টাৰ
নাম
অন্য নাম আনাইমালাই মাছানি আম্মান মন্দিৰ
আনুস্থানিক নাম অৰুলমিগু শ্ৰী মাছানি আম্মান মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য তামিলনাডু
জিলা কোইম্বাটৰ
এলেকা আনাআমালাই
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী দ্ৰাবিড়ীয় স্থাপত্য
ৱেবছাইট Official Website

মাছানি আম্মান হ'ল হিন্দু দেৱী। তামিলনাডুৰ কিছুমান বিশেষ শ্ৰেণীয়ে তেওঁক মূলতঃ পৰিয়াল দেৱী (কুলদেৱী) হিচাপে পূজা কৰে, য'ত তেওঁক আদি পৰাশক্তিৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।[1] ভাৰতৰ তামিলনাডু ৰাজ্যৰ কইম্বাটুৰ জিলাৰ পোল্লাচি অঞ্চলৰ আনাইমালাইত তেওঁৰ মুখ্য মন্দিৰ অৱস্থিত।[2][3]

আৰুলমিগু শ্ৰী মাছানি আম্মান মন্দিৰ আনাইমালাইত অৱস্থিত এক অতি পূজনীয় মন্দিৰ, যিটো পোলাচিৰ দক্ষিণ-পশ্চিম দিশত প্ৰায় ২৪ কিলোমিটাৰ (১৫ মাইল) দূৰৈত অৱস্থিত। দেৱীক মূৰৰ পৰা ভৰিলৈকে ১৫ ফুট জোখত হেলান ভংগীমাত দেখা যায়, যিটো ৰূপ অতি অনন্য। ই আলিয়াৰ নদী আৰু উপৰ নদীৰ সংগমস্থলীত অৱস্থিত।[4] ইয়াত এটা জনবিশ্বাস আছে যে মাছানি আম্মানে তেওঁৰ ত্ৰিশূলৰ চাৰিওফালে ঘূৰি থকা ব্যক্তিজনৰ যিকোনো ৰোগ নিৰাময় কৰে৷[5] [6] ঋতুস্ৰাৱৰ সমস্যাৰ পৰাও এই দেৱীয়ে সকাহ দিয়ে।[5]

কিংবদন্তী

[সম্পাদনা কৰক]

স্থানীয় পৰম্পৰা অনুসৰি অন্নমলাই প্ৰাচীন কালত নান্নুৰ নামেৰে জনাজাত আছিল আৰু এই অঞ্চলত নান্নুৰণৰ শাসন আছিল। তেওঁৰ ঘন আমৰ বাগিচাৰ পৰা ফল ছিঙি লোৱা সকলক কঠোৰ শাস্তি দিয়াৰ কথা ঘোষণা কৰিছিল। এদিন এগৰাকী মহিলাই ল’বলগীয়া কঠোৰ ব্যৱস্থা নাজানি এবিধ ফল সেৱন কৰিলে। সাধাৰণ জনতাৰ অনুৰোধৰ পিছতো নান্নুৰণে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছত বিজয়মংগলমৰ সমীপত হোৱা কাজিয়াত গাঁৱৰ ৰাইজে নান্নুৰনক হত্যা কৰি আত্মবলি দিয়া মহিলাগৰাকীক পূজা কৰিবলৈ মন্দিৰ নিৰ্মাণ কৰা হয়। যিহেতু মহিলাগৰাকীক হত্যা কৰা হৈছিল সেয়ে দেৱীগৰাকীক মাছানী বুলি কোৱা হৈছিল যাৰ অৰ্থ পুৰণি তামিল ভাষাত সাধাৰণ। পাছলৈ এই দেৱী মাছানি আম্মান নামেৰে পৰিচিত হ’ল।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Singh, Nagendra Kr (2006) (en ভাষাত). Global Encyclopaedia of the South Indian Dalit's Ethnography. 2. Global Vision Publishing House. পৃষ্ঠা. 180. ISBN 978-81-8220-167-5. https://books.google.com/books?id=Xcpa_T-7oVQC&dq=masani+amman&pg=PA180. 
  2. "Masani Amman temple". kovaizone.in. Archived from the original on 29 January 2020. https://web.archive.org/web/20200129085039/http://www.kovaizone.in/coimbatore-tourist-attraction/coimbatore-temples/masani-amman-temple-pollachi.html. 
  3. "Masaniamman Temple". tripadvisor.in. https://www.tripadvisor.in/Attraction_Review-g297675-d3704924-Reviews-Masaniamman_Temple-Coimbatore_Coimbatore_District_Tamil_Nadu.html. 
  4. 4.0 4.1 "Grind Chillies at Masani Amman Temple and Get Your Wishes Granted!". nativeplanet.com. 5 August 2016. https://www.nativeplanet.com/travel-guide/grind-chillies-at-masani-amman-temple-get-your-wishes-grante-002302.html. "Grind Chillies at Masani Amman Temple and Get Your Wishes Granted!". nativeplanet.com. 5 August 2016. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "nativeplanet.com" defined multiple times with different content
  5. 5.0 5.1 "Sri Masaniamman temple". National Tamil Deity Temples. Dinamalar. https://temple.dinamalar.com/en/new_en.php?id=710. "Sri Masaniamman temple". National Tamil Deity Temples. Dinamalar.
  6. Subramanian K R (29 August 2015). "மிளகாய் அரைத்து பூசினால்... நீதி வழங்கும் மாசாணியம்மன்" (Tamil ভাষাত). oneindia.com. https://tamil.oneindia.com/astrology/news/temple-darshan-anaimalai-masaniamman-234526.html. Subramanian K R (29 August 2015). "மிளகாய் அரைத்து பூசினால்... நீதி வழங்கும் மாசாணியம்மன்" (in Tamil). oneindia.com.