মাজু
| Mazu | |||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| চীনা নাম | |||||||||||||||||||||||||||
| পৰম্পৰাগত চীনা লিপি | 媽祖 | ||||||||||||||||||||||||||
| সৰলীকৃত চীনা লিপি | 妈祖 | ||||||||||||||||||||||||||
| আক্ষৰিক অৰ্থ | "Mother Ancestor" | ||||||||||||||||||||||||||
| |||||||||||||||||||||||||||
| Lin Moniang | |||||||||||||||||||||||||||
| Chinese | 林默娘 | ||||||||||||||||||||||||||
| |||||||||||||||||||||||||||
| Japanese name | |||||||||||||||||||||||||||
| Kanji | 媽祖 | ||||||||||||||||||||||||||
| |||||||||||||||||||||||||||
| Popular names | |||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| Granny Mazu | |||||||||||||||||||||||
| পৰম্পৰাগত চীনা লিপি | 媽祖婆 | ||||||||||||||||||||||
| সৰলীকৃত চীনা লিপি | 妈祖婆 | ||||||||||||||||||||||
| আক্ষৰিক অৰ্থ | Granny Mazu | ||||||||||||||||||||||
| |||||||||||||||||||||||
| Queen of Heaven | |||||||||||||||||||||||
| Chinese | 天后 | ||||||||||||||||||||||
| আক্ষৰিক অৰ্থ | Celestial Empress | ||||||||||||||||||||||
| |||||||||||||||||||||||
| Heavenly Consort | |||||||||||||||||||||||
| Chinese | 天妃 | ||||||||||||||||||||||
| আক্ষৰিক অৰ্থ | Celestial Consort | ||||||||||||||||||||||
| |||||||||||||||||||||||
| Mazu Belief and Customs | |
|---|---|
| দেশ | China |
| প্ৰসংগ | 227 |
| অঞ্চল | Asia and the Pacific |
| শিলালিপিৰ ইতিহাস | |
| শিলালিপি | 2009 (4th session) |
| তালিকা | Representative |
UNESCO Cultural Heritage | |
মাজু (ইংৰাজী: Mazu) বা মাৎসু হৈছে চীনা লোক-ধৰ্ম, চীনা বৌদ্ধ ধৰ্ম, কনফুচীয় ধৰ্ম আৰু তাও ধৰ্মৰ এগৰাকী সাগৰীয় দেৱী। তেওঁক আন কেইবাটাও নাম আৰু উপাধিৰে জনা যায়। মাজু হৈছে লিন মনিয়াং নামৰ ফুজিয়ানৰ এগৰাকী তান্ত্ৰিক মহিলা বা দেওধনীৰ দৈৱিক ৰূপ, যি দশম শতিকাৰ শেষৰ ফালে জীৱিত আছিল বুলি কোৱা হয়। তেওঁৰ মৃত্যুৰ পিছত, তেওঁ চীনা সাগৰীয় যাত্ৰী, বিশেষকৈ মাছমৰীয়া আৰু নাৱৰীয়া বা নাবিকসকলৰ এক আঞ্চলিক ৰক্ষক দেৱতা হিচাপে পূজিত হ’বলৈ ধৰে।[1]
তেওঁৰ উপাসনা চীনৰ উপকূলীয় অঞ্চলসমূহ আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ প্ৰবাসী চীনা সম্প্ৰদায়সমূহৰ মাজত বিয়পি পৰিছিল, য’ত কিছুমান মাজু মন্দিৰ টাইৱানৰ বিখ্যাত মন্দিৰসমূহৰ সৈতে জড়িত। পৰম্পৰাগতভাৱে বিশ্বাস কৰা হৈছিল যে মাজুৱে সাগৰত বিচৰণ কৰি অলৌকিক হস্তক্ষেপৰ জৰিয়তে নিজৰ ভক্তসকলক সুৰক্ষা প্ৰদান কৰে। অৱশ্যে তেওঁৰ আধুনিক উপাসনা কেৱল সাগৰতে সীমাৱদ্ধ হৈ থকা নাই আৰু বৰ্তমান তেওঁক স্বৰ্গৰ ৰাণী হিচাপে গণ্য কৰা হয়।
টাইৱানৰ ধৰ্মীয় সংস্কৃতিত মাজুৰ পূজা অতি জনপ্ৰিয়, কিয়নো টাইৱানত বসতি স্থাপন কৰা প্ৰাৰম্ভিক চীনা লোকসকলৰ বেছিভাগেই ফুজিয়ানৰ 'হকলো' সম্প্ৰদায়ৰ আছিল। তেওঁৰ মন্দিৰৰ উৎসৱ টাইৱানৰ এক প্ৰধান অনুষ্ঠান, যাৰ আটাইতকৈ ডাঙৰ উদযাপন 'দাজিয়া' আৰু 'বেইগাং' নামৰ মন্দিৰৰ আশে-পাশে অনুষ্ঠিত হয়।
নাম আৰু উপাধিসমূহ
[সম্পাদনা কৰক]মাজু বা মাৎসু শব্দৰ অৰ্থ হৈছে "মাতৃপুৰুষ" , "মাতৃ" বা "আইতা"। লিন মনিয়াংক তলত দিয়া অন্যান্য নাম আৰু উপাধিৰেও পূজা কৰা হয়:[2][3][4]
- মাজুপো: ফুজিয়ানত প্ৰচলিত এক জনপ্ৰিয় নাম, যাৰ অৰ্থ "আইতা মাজু"।[5]
- আ-মা: মাকাওত প্ৰচলিত এক জনপ্ৰিয় নাম, যাৰ অৰ্থ "মা" বা "আইতা"।[6]
- লিংহুই ফুৰেন: ১১৫৬ চনত প্ৰদত্ত এটা চৰকাৰী উপাধি, যাৰ অৰ্থ "অলৌকিক কৰুণাময়ী মহিলা" (Lady of Numinous Grace)।[7]
- লিংহুই ফেই: ১১৯২ চនত প্ৰদত্ত এটা চৰকাৰী উপাধি, যাৰ অৰ্থ "অলৌকিক কৰুণাৰ ৰাজকুমাৰী"।
- তিয়ানফেই: ১২৮১ চনত প্ৰদত্ত এটা চৰকাৰী উপাধি, যাৰ অৰ্থ "স্বৰ্গৰ ৰাজকুমাৰী"।
- তিয়ানহাউ: ১৬৮৩ চনত প্ৰদত্ত এটা চৰকাৰী উপাধি, যাৰ অৰ্থ "স্বৰ্গৰ ৰাণী বা সম্ৰাজ্ঞী"। এই নামটো ঘাইকৈ মূল চীন ভূখণ্ড, হংকং আৰু ভিয়েটনামত ব্যৱহাৰ কৰা হয়।
- তিয়ানচাং চেংমু: যাৰ অৰ্থ "পবিত্ৰ স্বৰ্গীয় মাতৃ"; এই উপাধিটো ঘাইকৈ টাইৱানত ব্যৱহাৰ কৰা হয়।
- চেননিউ: অৰ্থাৎ "ঐশ্বৰিক নাৰী"।
- গুপোজু: যাৰ অৰ্থ "বৰ-আইদেউ"। "লিন" উপাধি থকা বংশধৰসকলে একে উপাধি ভাগ কৰাৰ বাবে এই অনানুষ্ঠানিক নামটো ব্যৱহাৰ কৰে।
যদিও মাজুৰ বহুতো মন্দিৰত তেওঁৰ চৰকাৰী উপাধি 'তিয়ানহাউ' আৰু 'তিয়ানফেই'ক সন্মান জনোৱা হয়, তথাপিও কোনো জৰুৰীকালীন বিপদৰ সময়ত তেওঁক এই চৰকাৰী নামেৰে প্ৰাৰ্থনা নকৰাটো এটা নিয়ম বা পৰম্পৰাত পৰিণত হৈছিল। লোকবিশ্বাস অনুসৰি, নিজৰ কোনো চৰকাৰী উপাধি শুনিলে মাজুৱে ভক্তৰ আবেদন গ্ৰহণ কৰাৰ পূৰ্বে নিজৰ পদমৰ্যাদাৰ সৈতে খাপ খোৱাকৈ সাজ-পোছাক পৰিধান কৰাটো কৰ্তব্য বুলি ভাবিব পাৰে (যাৰ ফলত সহায় কৰাত পলম হ’ব পাৰে)। ইয়াৰ বিপৰীতে, তেওঁক কেৱল "মাজু" বুলি মাতি কৰা প্ৰাৰ্থনাৰ উত্তৰ অতি সোনকালে পোৱা যায় বুলি বিশ্বাস কৰা হয়।[9] [10][11]
ইতিহাস
[সম্পাদনা কৰক]ঐতিহাসিক লিন মনিয়াং -ৰ বিষয়ে খুব কম তথ্য পোৱা যায়। স্পষ্টতঃ তেওঁ দশম শতিকাৰ শেষৰ ফালে ফুজিয়ানৰ পুতিয়ান কাউণ্টিৰ মেইঝৌ দ্বীপৰ এটা সৰু মাছমৰীয়া গাঁৱৰ এগৰাকী দেওধনী বা তান্ত্ৰিক মহিলা আছিল. সম্ভৱতঃ তেওঁ ঠিক দ্বীপটোত থকা নাছিল, বৰঞ্চ তাৰ ওচৰৰে মূল ভূখণ্ডতহে বাস কৰিছিল। এই সময়ছোৱাত উত্তৰ চীনৰ আক্ৰমণৰ পৰা পলাই অহা শৰণাৰ্থীসকলৰ আগমনৰ ফলত ফুজিয়ান অঞ্চলটো যথেষ্ট পৰিমাণে চীনাকৰণ হৈছিল। গতিকে একাংশ গৱেষকৰ মতে মাজুৰ ধৰ্মীয় উপাসনা ধাৰাটো চীনা আৰু স্থানীয় খিলঞ্জীয়া সংস্কৃতিৰ এক সংমিশ্ৰণ আছিল. তেওঁৰ উপাসনাৰ আটাইতকেই প্ৰাৰম্ভিক অভিলেখ পোৱা যায় ইয়াৰ দুই শতিকাৰ পিছৰ, অৰ্থাৎ ১১৫০ চনৰ এটা শিলালিপিত। তাত উল্লেখ আছে যে "তেওঁ মানুহৰ ভাল আৰু বেয়া ভাগ্যৰ ভৱিষ্যদ্বাণী কৰিব পাৰিছিল" আৰু "তেওঁৰ মৃত্যুৰ পিছত মানুহে তেওঁৰ জন্মভূমি দ্বীপটোত তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছিল"।
পৌৰাণিক কাহিনী
[সম্পাদনা কৰক]লিন মনিয়াঙৰ জীৱনক কেন্দ্ৰ কৰি গঢ়ি উঠা পৌৰাণিক কাহিনীসমূহ ঘাইকৈ দ্বাদশ শতিকাৰ ভিতৰত সুপ্ৰতিষ্ঠিত হৈছিল।
কোৱা হয় যে তেওঁ মিন ৰাজ্যৰ কোৱানঝৌৰ সেনাধিপতি লিউ চংক্সিঅ’ৰ শাসনকালত (মৃত্যু: ৯৬২ খ্ৰীষ্টাব্দ) জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত এই দিনটোক চীনা চান্দ্ৰ পঞ্জিকাৰ তৃতীয় মাহৰ ২৩ তম দিন (খ্ৰীষ্টাব্দ ৯৬০, চং ৰাজবংশৰ প্ৰথম বছৰ) হিচাপে স্থিৰ কৰা হয়। অৱশ্যে মিং যুগৰ শেষৰ ফালৰ এক ধৰ্মীয় সংগ্ৰহত তেওঁৰ জন্ম বহু আগৰ, অৰ্থাৎ ৭৪২ চনত হোৱা বুলি দেখুওৱা হৈছে।[12]
প্ৰাৰম্ভিক উৎসসমূহত তেওঁক কেৱল "মিছ লিন" বুলি উল্লেখ কৰা হৈছে। তেওঁৰ প্ৰদত্ত নাম 'মো' (যাৰ অৰ্থ "নীৰৱ") বা 'মনিয়াং' ("নীৰৱ ছোৱালী") পিছলৈহে প্ৰচলিত হয়। কোৱা হয় যে জন্মৰ সময়ত বা তাৰ পিছৰ প্ৰথমটো মাহত তেওঁ কান্দা নাছিল বাবেই এই নামটো বাছনি কৰা হৈছিল। চাৰি বছৰ বয়সলৈকে তেওঁ এজন অতি শান্ত আৰু চিন্তাশীল শিশু আছিল। তেওঁ লিন ইউয়ানৰ ষষ্ঠ বা সপ্তম কন্যা আছিল বুলি কোৱা হয়। লিন ইউানক সাধাৰণতে এজন স্থানীয় মাছমৰীয়া হিচাপে স্মৰণ কৰা হয়, যদিও ১৫৯৩ চনৰ ঐতিহাসিক নথিপত্ৰত তেওঁক পুতিয়ানৰ এজন প্ৰধান সামৰিক পৰিদৰ্শক বুলিও অভিহিত কৰা হৈছে। তেওঁলোকৰ পৰিয়ালটো গাঁৱৰ মাজত বৰ সহায়ক আৰু জনপ্ৰিয় আছিল।[13]
বৌদ্ধ মন্দিৰসমূহত মাজুৰ উপস্থিতিৰ যৌক্তিকতা প্ৰদৰ্শন কৰিবলৈ পৰৱৰ্তী সময়ৰ আখ্যানসমূহত কোৱা হৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে এটা পুত্ৰ সন্তানৰ বাবে কৰুণাৰ দেৱী, গুৱানিন ৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, কিন্তু তাৰ পৰিৱৰ্তে আন এজনী কন্যা সন্তানহে লাভ কৰিলে। এটা সংস্কৰণ অনুসৰি, তেওঁৰ মাতৃয়ে সপোনত গুৱানিনে গৰ্ভধাৰণৰ বাবে এটা যাদুকৰী বড়ি দিয়া দেখিছিল আৰু সাৰ পাই সাঁচাকৈয়ে হাতত সেই বড়িটো পাইছিল। পৰম্পৰাগত পদ্ধতিৰে জন্ম হোৱাৰ পৰিৱৰ্তে, মাজু জন্মৰ সময়ত তেওঁৰ মাতৃৰ গৰ্ভৰ পৰা এটা সুগন্ধি ৰঙা পোহৰৰ জিলিকনিৰ দৰে ওলাই আহিছিল। মাজুক গুৱানিনৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত বা আনকি গুৱানিনৰে এক অৱতাৰ বুলি কোৱা হৈছিল। শৈশৱত এটা মন্দিৰ দৰ্শন কৰোঁতে গুৱানিনৰ এটা মূৰ্তি দেখি মাজু মন্ত্ৰমুগ্ধ হৈ পৰিছিল আৰু তাৰ পিছৰে পৰা তেওঁ এগৰাকী নিষ্ঠাবান বৌদ্ধ ধৰ্মালম্বী হৈ পৰিছিল।[16]
শৈশৱ আৰু অলৌকিক ক্ষমতা
[সম্পাদনা কৰক]বৰ্তমান সময়ত প্ৰচলিত কাহিনী অনুসৰি, মাজুৱে অতি কম বয়সতে ধৰ্মীয় সাহিত্যসমূহৰ গভীৰ অধ্যয়ন কৰিছিল। তেওঁ ৮ বছৰ বয়সতে কনফুচীয় ধৰ্মগ্ৰন্থ আৰু ১১ বছৰ বয়সৰ ভিতৰত প্ৰধান বৌদ্ধ সূত্ৰসমূহ আয়ত্ত কৰিছিল। তেওঁৰ বংশধৰ লিন ইয়াওয়ু (১৫৮৯) আৰু লিন লিনচাং (১৬৭০) নামৰ দুজন ব্যক্তিয়ে সংগ্ৰহ কৰা ঐতিহাসিক নথি "তিয়ানফেই জিয়ানচেং লু" (স্বৰ্গৰ ৰাজকুমাৰীৰ ঐশ্বৰিক আশীৰ্বাদৰ আখ্যান)-ত দাবী কৰা হৈছে যে, মাজু সৰু ছোৱালী হৈ থাকোঁতেই শ্বুয়ান্টং নামৰ এজন তাওবাদী গুৰুৱে (আন কিছুমান কাহিনীত এজন বৌদ্ধ ভিক্ষু) তেওঁক দেখা কৰিছিল আৰু তেওঁৰ মাজত থকা 'বুদ্ধত্ব' চিনাক্ত কৰিছিল। ১৩ বছৰ বয়সৰ ভিতৰত তেওঁ সেই গুৰুজনে এৰি যোৱা জ্ঞানৰ কিতাপখন সম্পূৰ্ণৰূপে আয়ত্ত কৰে আৰু ভৱিষ্যত দৰ্শন কৰাৰ লগতে শাৰীৰিকভাৱে ভ্ৰমণ নকৰাকৈ কেৱল আত্মিক শক্তিৰে যিকোনো স্থানলৈ যোৱাৰ অলৌকিক ক্ষমতা লাভ কৰে।[17]
তেওঁ দূৰৈৰ স্থানত নিজৰ আত্মিক প্ৰতিৰূপ প্ৰদৰ্শন কৰিব পাৰিছিল। এই শক্তিৰে তেওঁ ওচৰ-পাজৰৰ গাঁৱৰ ফুলনিবোৰলৈ গৈছিল, যদিও ঘৰলৈ আনিবলৈ কোনো ফুল চিঙাৰ আগতে তেওঁ ফুলনিৰ গৰাকীৰ পৰা অনুমতি লৈছিল। ১৫ বছৰ বয়সৰ দৰে কিছু পলমকৈ সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিলেও তেওঁ অতি সোনকালে ইয়াত পাৰ্গত হৈ পৰে। কোৱা হয় যে বতৰ যিয়েই নহওক কিয়, ধুমুহা বা বিপজ্জনক বতৰতো তেওঁ ৰঙা কাপোৰ পিন্ধি সাগৰৰ পাৰত থিয় হৈ মাছমৰীয়া নাওবোৰক সুৰক্ষিতভাৱে ঘৰলৈ উভতি অহাত পথ প্ৰদৰ্শন কৰিছিল। ১৬ বছৰ বয়সত এটা নিজৰাৰ পাৰত তেওঁ এজন অমৰ তাওবাদী ঋষিক লগ পায় আৰু তেওঁৰ পৰা এটা কবচ বা দুখন ব্ৰঞ্জৰ ফলক লাভ কৰে। সেই ফলকৰ জ্ঞান ব্যৱহাৰ কৰি তেওঁ ভূত-প্ৰেত খেদিবলৈ, বেমাৰী মানুহক সুস্থ কৰিবলৈ আৰু প্ৰাকৃতিক দুৰ্যোগ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। খৰাঙৰ সময়ত তেওঁ বৰষুণ নমাই আনিব পাৰিছিল বুলিও কোৱা হয়।
সাগৰত পৰিয়ালক উদ্ধাৰৰ মূল আখ্যান
[সম্পাদনা কৰক]মাজুৰ আটাইতকৈ প্ৰধান পৌৰাণিক কাহিনীটো তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাগৰৰ ভয়নাক টাইফুন (সাগৰীয় ধুমুহা)ৰ পৰা উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যিটো ঘাইকৈ তেওঁৰ ১৬ বছৰ বয়সত ঘটিছিল। এই কাহিনীটো কেইবাটাও ৰূপত পোৱা যায়:
- এটা সংস্কৰণ অনুসৰি, ঘৰৰ মহিলাসকলে ভয় কৰিছিল যে দেউতাক লিন ইউয়ান আৰু তেওঁৰ পুত্ৰ ধুমুহাত হেৰাই গ’ল। কিন্তু সেই সময়ত মাজুৱে তাঁতশালত কাপোৰ বৈ থকা অৱস্থাতে হঠাতে এক গভীৰ ধ্যানমগ্ন বা অচেতন অৱস্থাত বুৰ যায়। তেওঁ নিজৰ আধ্যাত্মিক শক্তিৰে সাগৰত ডুব যাব ধৰা পুৰুষসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁৰ মাতৃয়ে কথাটো বুজিব নোৱাৰি তেওঁক জোকাৰি টোপনিৰ পৰা জগাই দিয়ে, যাৰ ফলত মাজুৰ হাতৰ পৰা তেওঁৰ ককায়েক সাগৰত খহি পৰে। দেউতাক সুৰক্ষিতভাৱে উভতি আহে আৰু গাঁৱৰ মানুহক এই অলৌকিক ঘটনাৰ কথা কয়। এই কাহিনীটো চীনৰ ফুজিয়ানৰ ফেংটিনৰ দেৱাল চিত্ৰসমূহত সংৰক্ষিত হৈ আছে।
- আন এটা সংস্কৰণ অনুসৰি, তেওঁৰ ককায়েক বা ভাইয়েকসকল ৰক্ষা পৰে কিন্তু দেউতাক হেৰাই যায়। ইয়াৰ পিছত মাজুৱে তিনি দিন আৰু তিনি ৰাতি দেউতাকৰ মৃতদেহ বিচাৰি ফুৰে আৰু অৱশেষত উদ্ধাৰ কৰে, যিয়ে তেওঁৰ 'পিতৃ-মাতৃ ভক্তি' প্ৰদৰ্শন কৰে।
- আন কিছুমান কাহিনীত কোৱা হৈছে যে নাওখন তেওঁৰ চাৰিজন ককায়েকে চলাইছিল আৰু তেওঁ তাৰে তিনিজনক নাওবোৰ একেলগে বান্ধি ৰাখি উদ্ধাৰ কৰে। কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ ধ্যানমগ্ন অৱস্থাটোক এক প্ৰকাৰৰ মৃগী ৰোগ বা অজ্ঞান হোৱা বুলি ভুল বুজি জগাই দিয়াৰ বাবে আটাইতকৈ ডাঙৰ ককায়েকক বচাব নোৱাৰিলে।[18]
মৃত্যু আৰু স্বৰ্গাৰোহণ
[সম্পাদনা কৰক]প্ৰাৰম্ভিক ইতিহাস অনুসৰি, মাজুৱে বিবাহ কৰা নাছিল আৰু মাত্ৰ ২৭ বা ২৮ বছৰ বয়সতে তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ এই চিৰকুমাৰী ব্ৰতক কেতিয়াবা ককায়েকক সাগৰত হেৰুওৱাৰ পিছত লোৱা এটা প্ৰতিজ্ঞা বুলি গণ্য কৰা হয়। পৰৱৰ্তী সময়ত তেওঁৰ ইহলীলা সংবৰণৰ দিনটোক ৯৮৭ খ্ৰীষ্টাব্দৰ 'ডাবল নাইনথ ফেষ্টিভেল' ৰ নিৰ্দিষ্ট দিন হিচাপে ধৰা হয়।
কোৱা হয় যে তেওঁ গভীৰ ধ্যানৰ অৱস্থাতে প্ৰাণত্যাগ কৰিছিল। কিছুমান আখ্যান অনুসৰি তেওঁৰ মৃত্যু হোৱা নাছিল, বৰঞ্চ তেওঁ অকলশৰে এটা পৰ্বত বগাই গৈছিল আৰু এটা উজ্জ্বল পোহৰৰ ৰশ্মিৰ জৰিয়তে দেৱী ৰূপে স্বৰ্গলৈ আৰোহণ কৰিছিল। আন কিছুমান কাহিনীত কোৱা হৈছে যে তেওঁ নিজৰ অনিচ্ছা সত্ত্বেও ঠিক কৰা এটা বিবাহৰ প্ৰতিবাদ কৰি প্ৰাণ ত্যাগ কৰিছিল। আন এটা কাহিনী অনুসৰি, মাত্ৰ ১৬ বছৰ বয়সতে হেৰাই যোৱা দেউতাকক সাগৰত বিচাৰি বিচাৰি ভাগৰুৱা হৈ তেওঁ পানীত ডুব গৈ মৃত্যুবৰণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ মৃতদেহটো নানগান দ্বীপৰ পাৰত উটি আহে, য’ত বৰ্তমানো তেওঁৰ সমাধি বুলি বিশ্বাস কৰা এটা স্থান সংৰক্ষিত হৈ আছে।[19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ name=":3">Grydehøj, Adam (2024-06-30). "The Goddess Mazu Has Many Homes: Place, Experience, and Autoethnographic Encounter With the Sacred". Folk, Knowledge, Place খণ্ড 1 (1). doi:10.24043/fkp.3.
- ↑ Boltz (1986), p. 211
- ↑ name=matanc>Clark (2007), p. 203.
- ↑ name=rmb>Yuan (2006), p. 122.
- ↑ name=bol86/> (妈祖婆; 媽祖婆; 'Granny Mazu'
- ↑ Bosco & Ho (1999), p. 9
- ↑ name=bolth>Boltz (2008), p. 743.
- ↑ Soo (1990), পৃষ্ঠা. 31.
- ↑ Tongxian Lingnü (通贤灵女; 通賢靈女; 'Worthy & Efficacious Lady')[8]
- ↑ Shennü (神女; 'Divine Woman')
- ↑ name=shennv>Clark (2007), p. 205.
- ↑ name=fzu>"Mazhu Temple in Meizhou", Fujian Province, প্ৰকাশক Fuzhou: Fuzhou University, 1999, archived from the original on 2005-02-18, https://web.archive.org/web/20110707024306/http://www.fzu.edu.cn/fujian/eput.html, আহৰণ কৰা হৈছে: 2026-10-07.
- ↑ name=bolt>Boltz (2008), p. 742.
- ↑ Irwin (1990), পৃষ্ঠা. 63.
- 1 2 Ruitenbeek (1999), পৃষ্ঠা. 316.
- ↑ [14][15]
- ↑ name="crook">Crook (2014), p. 32.
- ↑ [15]
- ↑ name=rmb3>Yuan (2006), p. 124.