মাঝী জাতি
| মাঝী সাংস্কৃতিক সাজ-পোছাক পৰিধান কৰা ল'ৰা আৰু ছোৱালী |
| মুঠ জনসংখ্যা |
|---|
| ভাষাসমূহ |
| ধৰ্ম |
|
হিন্দু ধৰ্ম ৮২%, প্ৰকৃতি ১৬%, খ্ৰীষ্টান ধৰ্ম ১.৩৩%[2] |
মাঝী জাতি (ইংৰাজী: Majhi people; বানানভেদে মাঝি বুলিও লিখা হয়), বা মাঝী জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী।[3] তেওঁলোকে মূলতঃ নদী আৰু জান-জুৰিৰ পাৰত বাস কৰে। মাছ ধৰা, নাও চলোৱা, জলকীয়া তৈয়াৰ কৰা আৰু খেতি-বাতি কৰা আদিয়েই তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ মূল উপায়।[4] তেওঁলোকে মাঝী ভাষা কয়। মাঝী জনগোষ্ঠীৰ ভূ-খণ্ডৰ ভিতৰত সপ্তকোশী নদীৰ উপনৈৰ কাষৰ পাহাৰীয়া আৰু অভ্যন্তৰীণ তেৰাই অঞ্চল যেনে সুনকোশী, তামাকোশী, দুধকোশী, অৰুণ, বৰুণ, লিখু, আৰু তামুৰ আদি অন্তৰ্ভুক্ত।[5] তেওঁলোকৰ নিজা সুকীয়া ভাষা, ধৰ্ম, সংস্কৃতি, আচাৰ-অনুষ্ঠান, ৰীতি-নীতি আৰু জীৱন-ধাৰণৰ পদ্ধতি আছে। মাঝিসকল অতি প্ৰান্তীয় গোষ্ঠীৰ অন্তৰ্গত।[6][7]
উৎপত্তিমূল
[সম্পাদনা কৰক]নেপালী ভাষাত মাঝী শব্দৰ অৰ্থ হʼল মাছমৰীয়া। বৰ্তমানৰ মাঝীসকলে তেওঁলোকৰ জনগোষ্ঠীৰ উৎপত্তিৰ বিষয়ে একাধিক কাহিনী আৰু বিশ্বাসৰ বৰ্ণনা কৰে। সিন্ধুলী আৰু ৰামেচাপ জিলাৰ বহু বয়সস্থ মাঝীলোকৰ মতে মাঝিসকল ৰামায়ণৰ দৰে হিন্দু মহাকাব্যৰ সৈতে জড়িত লোকসকলৰ বংশধৰ।[8]
সংস্কৃতি
[সম্পাদনা কৰক]মাঝী জনগোষ্ঠীৰ লোকসকলে নেপালৰ নদীৰ কাষত বাস কৰে। তেওঁলোকৰ পূৰ্বপুৰুষৰ বৃত্তি আছিল নাও চলোৱা আৰু মাছ ধৰা।[9] তেওঁলোকৰ সুকীয়া লোককথা, গীত, নৃত্যই প্ৰায়ে নদীৰ সৌন্দৰ্য্য আৰু শক্তিক উদ্যাপন কৰে। "দোহি" নামেৰে পৰিচিত এই সম্প্ৰদায়টোৰ পৰম্পৰাগত কাঠৰ নাওবোৰ তেওঁলোকৰ জীৱন-শৈলীৰ প্ৰতীক হৈ পৰিছে।[10] প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মাঝি সম্প্ৰদায়ে পৰিবহণ আৰু বাণিজ্যৰ সুবিধা প্ৰদান, নেপালৰ নদীৰ সিপাৰে মানুহ, সামগ্ৰী, পশুধনক ফেৰীৰে কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বোটে বা মাঝী লোকসকলে নেপালৰ বিভিন্ন ঠাইত বাস কৰিলেও, তেওঁলোকৰ ৰীতি-নীতি আৰু বৃত্তিত সাদৃশ্য আছে। নদীৰ পাৰত বসবাস কৰা, মাছ ধৰা, নাও চলোৱা, সোণৰ সন্ধান, কৃষি আৰু পশুপালন এই জনগোষ্ঠীৰ প্ৰধান বৃত্তি। জন্ম, মৃত্যু, বিবাহ, ভোজ আৰু উৎসৱৰ পৰম্পৰা আন জাতিৰপৰা পৃথক।[11]
ভাষা
[সম্পাদনা কৰক]মাঝী জনগোষ্ঠীৰ লোকসকলে মাঝী ভাষা (মাঝি কুৰো বা মাঝী ভাছা বুলিও জনা যায়) কয়, যিটো মধ্য আৰু পূব নেপালত কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি, মাঝী ভাষাক মাতৃভাষা বুলি গণ্য কৰা মুঠ ২৪ হাজাৰ লোক আছিল। মাঝী ভাষাৰ কিছুমান আঞ্চলিক উপভাষাও আছে। প্ৰতিখন জিলা আৰু গাঁৱত ইয়াৰ কিছু পাৰ্থক্য দেখা যায়।[3]
ধৰ্ম
[সম্পাদনা কৰক]মাঝী জনগোষ্ঠীৰ লোকসকলে নিজকে প্ৰকৃতি পূজাৰী বুলি গণ্য কৰে।[12] যদিও মাঝীসকলে ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ সময়ত ব্ৰাহ্মণ পুৰোহিতক নিয়োগ নকৰে, তথাপি কিন্তু তেওঁলোকে নিজকে হিন্দু বুলি দাবী কৰে। তেওঁলোকে বৈশাখ পূৰ্ণিমা, সংসাৰী পূজা, আইতাবাৰে, শ্ৰাৱণ সংক্ৰান্তি, দঁশেই, তিহাৰ, গোধকো ধুপ, মাঘে সংক্ৰান্তি আৰু চৈতে দসেই আদিৰ দৰে সকলো উৎসৱ পালন কৰে। ইয়াৰ উপৰি তেওঁলোকে দেৱতাক বলি (পঞ্চবলি) আগবঢ়ায় আৰু বাৰডেন আৰু ভূমি পূজা (ভূমি-পূজা), ঝাকানী পূজাও পাতে।[8]
বিবাহ
[সম্পাদনা কৰক]মাঝী জনগোষ্ঠীৰ লোকসকলে প্ৰেম বিবাহ আৰু আনুষ্ঠানিক বিবাহৰ দৰে বিভিন্ন ধৰণৰ বিবাহ ব্যৱস্থা অনুসৰণ কৰে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ National Statistics Office (2021). "National Population and Housing Census 2021, Caste/Ethnicity Report". Government of Nepal. https://censusnepal.cbs.gov.np/results/downloads/caste-ethnicity.
- ↑ Central Bureau of Statistics (2014). Population monograph of Nepal (Report). II. Government of Nepal. https://nepal.unfpa.org/sites/default/files/pub-pdf/Population%20Monograph%20V02.pdf.
- ↑ 3.0 3.1 "Population Monograph of Nepal Volume II (Social Demography)". https://nepal.unfpa.org/sites/default/files/pub-pdf/Population%20Monograph%20V02.pdf.
- ↑ "Majhi community observes Koshi puja" (en ভাষাত). The Himalayan Times. 2021-03-03. https://thehimalayantimes.com/nepal/majhi-community-observes-koshi-puja। আহৰণ কৰা হৈছে: 2023-12-26.
- ↑ "Majhi" (Nepali ভাষাত). indigenousvoice.com. https://english.indigenousvoice.com/majhi। আহৰণ কৰা হৈছে: 2023-12-26.
- ↑ "Majhi Caste : Another Indigenous Inhabitant of Nepal" (en ভাষাত). 2020-12-09. https://notesnepal.com/archives/7480। আহৰণ কৰা হৈছে: 2023-12-26.
- ↑ "The Majhi Community of Nepal, Kathmandu" (en ভাষাত). Everything In Nepal. https://everythinginnepal.com/the-majhi-community-of-nepal-697। আহৰণ কৰা হৈছে: 2023-12-26.
- ↑ 8.0 8.1 8.2 "Majhis of Nepal". https://www.researchgate.net/publication/279256314.
- ↑ "Impacts of Climate Change on the indigenous Majhi community in Nepal" (en ভাষাত). weADAPT. 2016-09-12. Archived from the original on 2023-12-26. https://web.archive.org/web/20231226080848/https://www.weadapt.org/placemarks/maps/view/22816। আহৰণ কৰা হৈছে: 2023-12-26.
- ↑ "Indigenous Majhi women resisting the construction of Sunkoshi hydropower dam in Manthali, Ramechhap to protect their land rights". https://apwld.org/wp-content/uploads/2022/02/Nepal-Land-FPAR-NIWF.pdf.
- ↑ "Bote Majhi". https://elibrary.tucl.edu.np/bitstream/123456789/4488/2/Chapter.pdf.
- ↑ "Janajatis of Nepal". https://www.vifindia.org/sites/default/files/Janjatis-in-Nepal.pdf.
| |||||||||||||||||||||||||||||||||||||||||||||||||||||