মাণিক চন্দ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাণিক চন্দ্ৰ বৰুৱা
জন্ম ৮ ছেপ্টেম্বৰ, ১৮৫১
খাগৰিজান, নগাঁও জিলা
মৃত্যু ৭ ছেপ্টেম্বৰ, ১৯১৫ (৬৩ বছৰ)
গুৱাহাটী
পেচা ব্যৱসায়
জনা যায় সমাজ সেৱা, শিক্ষা সংগঠক

মাণিক চন্দ্ৰ বৰুৱা (৮ ছেপ্টেম্বৰ ১৮৫১ – ৭ ছেপ্টেম্বৰ ১৯১৫) অসমৰ এজন সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী। নগাঁৱৰ জন্মলাভ কৰা বৰুৱাই "বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী"ৰ দ্বাৰা ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ পৰিছিল। পাছলৈ তেওঁ সমাজ সেৱক আৰু শিক্ষা সংগঠক হিচাপে জনাজাত হৈ পৰে। সাদিনীয়া দ্বিভাষিক বাৰ্তালোচনী "আসাম নিউজ"ৰ তেওঁ গুৰি ধৰিছিল। ব্ৰিটিছ চৰকাৰে দুবাৰকৈ যচা 'ৰাই বাহাদুৰ' উপাধি তেওঁ প্ৰত্যাখান কৰিছিল। অসমৰ প্ৰথম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়, প্ৰথম আইন মহাবিদ্যালয় আৰ্ল ল কলেজ আদি স্থাপনৰ বাবে তেওঁ অৱদান স্মৰণ কৰা হয়।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৫১ চনৰ ৮ ছেপ্টেম্বৰত মাণিক চন্দ্ৰ বৰুৱাৰ জন্ম হয়। তেওঁৰ দেউতাক হবিৰাম বৰুৱা নগাঁও জিলাৰ খাগৰিজানৰ চিৰস্তাদাৰ আছিল। মাণিক চন্দ্ৰ বৰুৱা তিনিজন ল'ৰাৰ কনিষ্ঠতম আছিল। মাণিক চন্দ্ৰৰ দহ বছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু দেউতাকে পুনৰ বিবাহ কৰে।

মাণিক চন্দ্ৰ বৰুৱাই ১৮৬৮ চনত গুৱাহাটী চেমিনাৰী স্কুলৰ (এতিয়াৰ কটন কলেজিয়েট বিদ্যালয়) পৰা এণ্টেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তাৰ পৰাই আই এ ঊত্তীৰ্ণ হয়। মেধাবী ছাত্ৰ হিচাপে জলপানি লাভ কৰি তেওঁ বন্ধু জগন্নাথ বৰুৱাৰ লগত কলকাতাৰ প্ৰেচিডেন্সী কলেজত বি এ বৰ্ষত নাম লগায়। কিন্তু কলকাতাৰ বতৰে তেওঁৰ স্বাস্থ্যক নুসুজাত তেওঁ পাটনা কলেজলৈ (স্থাপিত.১৮৬৩) বদলি হৈ যায়। ১৮৭২ চনত দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ ঘৰলৈ ঘূৰি আহে। ইয়াৰ পাছতে দেউতাকৰ মৃত্যু হয় আৰু মাণিক চন্দ্ৰৰ পঢ়া আধৰুৱা হৈ ৰয়। চিফ কমিচনাৰ কীটিঙে মাণিক চন্দ্ৰ আৰু বি এ ঊত্তীৰ্ণ হৈ অহা জগন্নাথ বৰুৱা দুয়োকে ডেপুটী কলেক্টৰৰ পদ যাচে কিন্তু তেওঁলোকে গ্ৰহণ নকৰিলে।[1]

ব্যৱসায়[সম্পাদনা কৰক]

মাণিকচন্দ্ৰ বৰুৱাই ব্যৱসায়ৰ প্ৰাথমিক কামবোৰ শিকিবলৈ গুৱাহাটীত পৰিবহণৰ কোম্পানী এটাত যোগদান কৰে। কিছুদিনৰ পাছত সেই কাম এৰি তেওঁ ব্ৰিটিছ চাহ খেতিয়ক বেইনব্ৰিজৰ লগত ব্যৱসায়ত নামে। বেইনব্ৰিজে কামৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ জয়নাথ বৰদলৈৰ লগত চাহৰ ব্যৱসায় কৰিবলৈ লয়। ১৮৮০ চনমানত আনন্দৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ অন্নদাৰাম ঢেকিয়াল ফুকনৰ লগত মিলি তেওঁ "বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানী" খোলে। উল্লেখযোগ্য যে স্বদেশী মানুহে অসমত প্ৰতিষ্ঠা কৰা এইটোৱেই প্ৰথম কোম্পানী।[2] চাহ আৰু কাঠৰ ব্যৱসায়ত তেওঁলোকে প্ৰচুৰ লাভৰ মুখ দেখে। এই কোম্পানীয়ে আসাম বেংগল ৰেলৱেৰ বাবে সকলো শ্লিপাৰৰ যোগান ধৰিছিল।[1] ১৮৮১ চনত তেওঁ হাকিম লক্ষ্মীলাল বৰুৱাৰ জী শৰৎ কুমাৰীৰ লগত বিবাহপাশত আবদ্ধ হয়।

অন্নদাৰাম ঢেকিয়াল ফুকনৰ মৃত্যুৰ পাছত মণিকচন্দ্ৰই কোম্পানীৰ কাম অকলে চম্ভালি লয়। কিন্তু তেওঁৰ ব্যৱসায় লাহে লাহে পৰি আহে। বৰুৱাই পাণবজাৰ ইন্‌লেণ্ড ফ্লটিলা কোম্পানীৰ এজেণ্ট হিচাপে যোগদান কৰে। সেই সময়তে তেওঁৰ কোম্পানীৰ চাহ কঢ়িওৱা জাহাজ এখন দুৰ্ঘটনা হৈ ব্ৰহ্মপুত্ৰত ডুবি যায়। ভায়েক ফটিক চন্দ্ৰৰ অকাল মৃত্যুৱেও তেওঁক শোকত পেলায়। ১৮৮৭ চনত তেওঁ মুকলি কৰা "গুৱাহাটী আইচ কোম্পানী"ও সোনকালেই লোকচানৰ বাবে বন্ধ কৰিবলগীয়া হয়। ইয়াৰ পাছত তেওঁ কাঠৰ ব্যৱসায়ত মনোনিবেশ কৰে। কিন্তু গাৰো পাহাৰ আৰু গোৱালপাৰাক'লা জ্বৰে মহামাৰীৰ ৰূপ লোৱাত এই কামো সংকটত পৰে। মাণিকচন্দ্ৰৰ সম্পৰ্কীয় ভায়েক আৰু মনেজাৰ ভোলানাথ বৰুৱাই তেওঁৰ লগত সম্পৰ্ক ত্যাগ কৰি কলিকতালৈ লৈ নিজাববীয়া ব্যৱসায় আৰম্ভ কৰে।[1]

এই সময়ছোৱাত মাণিক চন্দ্ৰ বৰুৱাই চাহ বাগিছাকে ধৰি প্ৰায়বোৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হয়। ১৮৮৪ চনত তেওঁ অসম চৰকাৰৰ অনাৰেৰী মেজিষ্ট্ৰেটৰ পদ লাভ কৰে।[2]

সাংবাদিকতা[সম্পাদনা কৰক]

১৮৮২ চনত বৰুৱা ফুকন ব্ৰাদাৰ্ছ কোম্পানীৰ পৃষ্ঠপোষকতাত সাদিনীয়া দ্বিভাষীক বাৰ্তালোচনী "আসাম নিউজ" প্ৰকাশ পায়।[3] ইয়াৰ সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা। ১৮৮৫ চনত এই কাকত বন্ধ হোৱাৰ পাছত মাণিক চন্দ্ৰ বৰুৱাই "আসাম" নামৰ আন এখন সাপ্তাহিক কাকত আৰম্ভ কৰে। কেইবছৰৰমানৰ বাবে এই কাকতৰ ইংৰাজী অংশৰ সম্পাদনা তেওঁ নিজেই কৰিছিল।

সামাজিক-ৰাজনৈতিক অৱদান[সম্পাদনা কৰক]

১৮৭২ চনত মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নথ বৰুৱাই কলিকতাত নৱনিযুক্ত গৱৰ্ণৰ জেনেৰেল লৰ্ড নৰ্থব্ৰুকক লগ ধৰি অসমীয়া ছাত্ৰ সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ যাচে আৰু আন ৰাজ্যৰ দৰে অসমৰ উন্নয়নৰ বাবে ৰে'ল পৰিবহণৰ সম্প্ৰসাৰণৰ বাবে অনুৰোধ জনায়। অৱশ্যে লৰ্ড নৰ্থব্ৰুকে অসম ভ্ৰমণৰ পাছত এই অনুৰোধ খাৰিজ কৰে।[1]

১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত "অসম এছোচিয়েচন"ৰ জন্ম হয়। তেওঁ ১৮৮৩ চনত গুৱাহাটী মিউনিচিপেল ব'ৰ্ডৰ সদস্য আৰু ১৮৮৪ চনত ব'ৰ্ডৰ ভাইচ চেয়াৰমেন হিচাপে নিৰ্বাচিত হয়। এনে পদলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথম অসমীয়া। তেওঁৰ প্ৰচেষ্টাতে চাপৰমুখ, শিলঘাট ৰেলপথ নিৰ্মাণ হয়। ১৯০৮ চনত অসমৰ লোকেন ব'ৰ্ডসমূহৰ পৰা নিৰ্বাচিত হৈ পোন প্ৰথমবাৰৰ বাবে অসম বিধান পৰিষদৰ সদস্যপদ লাভ কৰে। ১৯০৯ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।[3] চৰকাৰে তেওঁক শিক্ষা সভা, মহিলা শিক্ষা সমিতি, কেন্দ্ৰীয় পাঠ্যপুথি সমিতি আদিৰ সদস্য পদত নিযুক্ত কৰিছিল।

১৮৯৬ চনত ছাৰ হেনৰী ষ্টেডমেন কটন অসমৰ চীফ কমিচনাৰ হিচাপে নিযুক্ত হয়। অসমত এখন মহাবিদ্যালয় স্থাপনৰ বাবে মাণিক চন্দ্ৰ বৰুৱাই তেওঁলৈ আবেদন জনায় আৰু সেই মৰ্মে ১৮৯৯ চনত তেওঁ এখন মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ঘোষণা কৰে।[1] সেই মতে ১৯০১ চনৰ ২৭ মে'ত কটন মহাবিদ্যালয় স্থাপিত হয়। ১৯১২ চনত মাণিক চন্দ্ৰ বৰুৱাই তেতিয়াৰ চীফ কমিচনাৰ ছাৰ আৰ্চডেল আৰ্লক অসমত এখন আইন মহাবিদ্যালয় পাৰিবলৈ আবেদন জনায়। এই প্ৰচেষ্টাতে ১৯১৪ চনত আৰ্ল ল কলেজৰ আৰম্ভণি হয়।[1] লৰ্ড কাৰ্জনৰ অসমলৈ আহোঁতে আদৰণি জনোৱাৰ বাবে তোলাৰ ৰাহি ধনৰে মাণিক চন্দ্ৰ বৰুৱাই গুৱাহাটীত কাৰ্জন হল (এতিয়া নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহ) স্থাপন কৰে।

মৃত্যু[সম্পাদনা কৰক]

১৯১৫ চনৰ ৭ ছেপ্টম্বৰত মাণিক চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। কটন কলেজৰ প্ৰশাসনিক ভৱন, এখন বিদ্যালয়, এটা পথ আৰু নানা অনুষ্ঠান-প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Handique, Rajib (September 1989). "The life and philosophy of Manik Chandra Barooah: A profile". Souvenir of 9th MCB menorial estern region inter-college debating competition: 34-38. 
  2. 2.0 2.1 বৰুৱা, শান্তনু কৌশিক (২০১৬). অসম ইয়েৰ বুক. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৯০. 
  3. 3.0 3.1 বৰুৱা, শান্তনু কৌশিক (২০১৪). সংক্ষিপ্ত অসম বুৰঞ্জীকোষ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৪৯.