সমললৈ যাওক

মাণ্ডকৰ্ণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাণ্ডকৰ্ণী ৰামায়ণৰ তৃতীয় কাণ্ড(আৰণ্য কাণ্ড)ত উল্লেখ থকা এজন ঋষি। ৰাজকুমাৰে দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত যেতিয়া ৰামে বনৰ জলাশয়ৰ পাৰত থিয় হৈ অজ্ঞাত উৎসৰপৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল, ধৰ্মভৃত ঋষিয়ে ৰামক তেওঁৰ কাহিনী কৈছিল।[1]

কিম্বদন্তি

[সম্পাদনা কৰক]

মাণ্ডকৰ্ণীয়ে দহ হাজাৰ বছৰ ধৰি এখন নৈত থাকি বায়ুৰ বাহিৰে আন একো নাখাই কঠোৰ তপস্যা কৰিছিল বুলি কোৱা হয়। এই তপস্যাৰ যোগেদি তেওঁ মহাশক্তি লাভ কৰিছিল, যিয়ে দেৱতাসকলক আতংকিত কৰি তুলিছিল। তেওঁৰ তপস্যাত ভয় খাই তেওঁলোকে তেওঁক প্ৰলোভিত কৰিবলৈ আৰু ব্ৰতৰপৰা বিচলিত কৰিবলৈ পাঁচজনী মোহনীয়া অপ্সৰা পঠিয়াই দিলে। তেওঁলোকে নিজৰ উদ্দেশ্যত সফল হৈছিল আৰু মাণ্ডকৰ্ণীৰ পত্নী হিচাপে বান্ধ খাইছিল। তেওঁৰ পৱিত্ৰ শক্তিৰদ্বাৰা তেওঁ হ্ৰদটোৰ তলত স্বৰ্গৰ অপ্সৰীসকলে উপভোগ কৰিব পৰাকৈ এটা আচৰিত ৰাজপ্ৰাসাদ সৃষ্টি কৰিছিল। এই হ্ৰদটোক পঞ্চাপ্সৰা (পাঁচ অপ্সাৰৰ হ্ৰদ) বোলা হয়। বিচৰণকাৰীসকল যেতিয়া জলাশয়ৰ পাৰলৈ আহে, তেতিয়া তেওঁলোকে কেতিয়াবা পানীৰ তলৰপৰা শ্ৰুতিমধুৰ আৰু মনোমোহা সংগীতৰ শব্দ শুনিবলৈ পায়। ৰামায়ণত আছে যে এইবোৰ হৈছে অপ্সৰীসকলৰ অলংকাৰৰ জুনুক-জানাক শব্দ, যিবোৰ মাণ্ডকৰ্ণীৰ আনন্দৰ বাবে কৰা হৈছিল, মাণ্ডকৰ্ণীয়ে নিজৰো ব্যতিক্ৰমী তপস্যাৰ জৰিয়তে যৌৱন পুনৰ ঘূৰাই আনিছিল।[2][3][4][5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2019-02-19). "Mandakarni, Māṇḍakarṇi: 4 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/mandakarni। আহৰণ কৰা হৈছে: 2022-11-21. 
  2. "Ramáyana Book III: The Forest: Ancilliaries [sic]. Glossary of Important Sanskrit Words, Proper Nouns, and Epithets.". Archived from the original on 2021-05-01. https://web.archive.org/web/20210501202316/http://www.claysanskritlibrary.org/excerpts/aranya/aranya-glossary.php। আহৰণ কৰা হৈছে: 2012-01-02. 
  3. Sanskrit-English Dictionary by Monier-Williams, (c) 1899
  4. Valmiki Ramayana translated by Ralph T. H. Griffith (1870–1874). Commentaries to Book III, Canto XI.
  5. William Crooke. The popular religion and folk-lore of northern India (Volume 1) Archived 2019-08-07 at the Wayback Machine
  6. Lonar Crater Lake (Special Volume No.1) Proceedings: Symposium on Multi Disciplinary Approach to Understand the Lonar Lake (12–14 December 2008) Archived 26 April 2012 at the Wayback Machine