সমললৈ যাওক

মাত্ৰুভূমি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাত্ৰুভূমি: এ নেচন উইডাউট ৱ’মেন

পোষ্টাৰ
পৰিচালক মনিষ ঝা
ৰচনা মনিষ ঝা
অভিনয়ত টিউলিপ জোশী
সুধীৰ পাণ্ডে
পিয়ুষ মিশ্ৰ
সুশান্ত সিং
আদিত্য শ্ৰীবাস্তৱ
চিত্ৰগ্ৰহণকাৰী বেণু
সংগীত পৰিচালক চালিম-চুলেইমান
মুক্তি
১৭ ডিচেম্বৰ ২০০৩ (2003-12-17)
দৈৰ্ঘ্য
৯৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

মাত্ৰুভূমি: এ নেচন উইডাউট ৱ’মেন (ইংৰাজী: Matrubhoomi: A Nation Without Women) ২০০৩ চনৰ মনীষ ঝাৰ ৰচfl আৰু পৰিচালিত এখন ভাৰতীয় ডিচট’পিয়ান ট্ৰেজেডী ছবি। ছবিখনে লিংগ ভাৰসাম্যৰ ওপৰত নাৰী ভ্ৰুণ হত্যা আৰু নাৰী শিশু হত্যাৰ প্ৰভাৱ আৰু তাৰ ফলত সমাজৰ স্থিতিশীলতা আৰু দৃষ্টিভংগীৰ পৰীক্ষা কৰিছে। ইয়াৰ কাহিনী ভাৰতৰ কিছু অংশত লিংগ ভাৰসাম্যহীনতা আৰু অৰ্থনৈতিক অৱস্থাৰ বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে কিছু মিল আছে, যাৰ ফলত বহুপতি আৰু কইনা ক্ৰয় প্ৰথা সৃষ্টি হয়। [1] ইয়াত বছৰ বছৰ ধৰি মহিলা শিশু হত্যাৰ বাবে কেৱল পুৰুষৰ বসতি থকা ভাৰতীয় গাঁৱৰ ভৱিষ্যতৰ চিত্ৰায়ণ কৰা হৈছে। [2]


মাত্ৰুভূমিয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে [3] আৰু ২০০৩ চনত ভেনিচ চলচ্চিত্ৰ মহোৎসৱকে ধৰি বহুতো উৎসৱত প্ৰদৰ্শিত হয়। পিছলৈ FIPRESCI বঁটা প্ৰদান কৰা হৈছিল। পিছলৈ মাত্ৰুভূমিক FIPRESCI বঁটাৰে সন্মানিত কৰা হয়; কাৰণ “ই নাৰী আৰু নাৰী শিশুহত্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বস্তু এটা প্ৰথমবাৰৰ বাবে পৰিচালকে সংবেদনশীলতাৰে চম্ভালিছে"। [4] [5] "

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]