মাদাম মেনকা
| মাদাম মেনকা | |
|---|---|
মেনকা (লেইলা সোখ্যে), ১৯৩৮ চনৰ প্ৰকাশনৰ পৰা | |
| জন্ম | লেইলা ৰায় ১৫ অক্টোবৰ ১৮৯৯ বৰিশাল, পূব বংগ |
| মৃত্যু | ৩০ মে’ ১৯৪৭ |
| অন্য নাম | লেইলা সোখ্যে |
| পেচা | নৃত্যশিল্পী |
| জনা যায় | কথক নৃত্য |
মাদাম মেনকা (১৫ অক্টোবৰ ১৮৯৯ – ৩০ মে’ ১৯৪৭) আছিল লেইলা ৰায়, লেডি সোখ্যেৰ পেছাগত নাম। তেওঁ এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য-নিৰ্দেশক আছিল আৰু কথক নৃত্য পৰম্পৰাৰ এগৰাকী অগ্ৰণী ব্যক্তিত্ব আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লেইলা ৰায়ৰ জন্ম বৰিশালত হৈছিল। তেওঁ পিয়াৰে লাল ৰায় আৰু ললিতা ৰায়ৰ কন্যা। তেওঁৰ পিতৃ এগৰাকী বঙালী উকীল আছিল যিয়ে ইংলেণ্ডত শিক্ষা গ্ৰহণ কৰিছিল আৰু মাতৃ আছিল ব্ৰিটিছ।[1] তেওঁ দাৰ্জিলিঙৰ লৰেটো কনভেণ্ট আৰু লণ্ডনৰ ছেইণ্ট পল্চ স্কুলত অধ্যয়ন কৰে।[2]
ইংলেণ্ডত তেওঁ ভায়োলিন বাদনৰ প্ৰশিক্ষণ লাভ কৰিছিল যদিও নৃত্যক পেছা হিচাপে বাছি লয়। এই ক্ষেত্ৰত তেওঁ ৰাছিয়ান ব্যালে নৃত্যশিল্পী আন্না পাভলোভাৰ পৰা উৎসাহ লাভ কৰে, যাক তেওঁ ১৯২৭ চনত লণ্ডনত সাক্ষাৎ কৰিছিল।[1][3] তেওঁৰ কথক নৃত্যগুৰুসকলৰ ভিতৰত পণ্ডিত সীতাৰাম প্ৰসাদ আৰু আচন মহাৰাজ উল্লেখযোগ্য।[4]
পেচাগত জীৱন
[সম্পাদনা কৰক]১৯২৮ চনত সোখ্যেয়ে বম্বেত নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰে।[5] তেওঁ হাফকিন ইনষ্টিটিউটত শিক্ষাৰ্থীসকলক নৃত্য শিকাবলৈ আৰম্ভ কৰে।
১৯৩০ চনত তেওঁ পেৰিছত নৃত্য প্ৰদৰ্শন কৰে আৰু ১৯৩৫ চনৰপৰা ১৯৩৮ চনলৈকে তেওঁৰ মেনকা নৃত্য দল ইউৰোপ ভ্ৰমণ কৰে।[6] ১৯৩৬ চনত বাৰ্লিনত অনুষ্ঠিত নৃত্য অলিম্পিয়াডত অংশগ্ৰহণ কৰি কেইবাটাও পুৰস্কাৰ লাভ কৰে।[7]
তেওঁ জাৰ্মান আধুনিক নৃত্যশিল্পী মেৰী ৱিগমেনৰ সৈতে সাক্ষাৎ কৰে।[4]
১৯৪১ চনত স্বামীৰ আৰ্থিক সহায়ত তেওঁ বম্বেৰ ওচৰৰ খাণ্ডালাত নৃত্যালয়ম নামৰ এখন আৱাসিক নৃত্য বিদ্যালয় স্থাপন কৰে।[8] তেওঁৰ ছাত্ৰীসকলৰ ভিতৰত দত্তক কন্যা নৃত্যশিল্পী দাময়ন্তী যোশী উল্লেখযোগ্য।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]লেইলা ৰায়ে জীৱ-ৰসায়নবিদ চাহিব সিং সোখ্যেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[10] ১৯৪৬ চনত স্বামীয়ে নাইটহুড উপাধি লাভ কৰাৰ পাছত তেওঁ লেডি সোখ্যে হিচাপে পৰিচিত হয়। ১৯৪৭ চনত ব্ৰাইটছ ডিজিজত আক্ৰান্ত হৈ ৪৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Culture: Giants Who Reawakened Indian Dance" (en-US ভাষাত). Hinduism Today. 2011-04-01. https://www.hinduismtoday.com/magazine/april-may-june-2011/2011-04-culture-giants-who-reawakened-indian-dance/। আহৰণ কৰা হৈছে: 2021-11-24.
- ↑ Kabadi Waman P. (1937). Indian Whos Who 1937-38. পৃষ্ঠা. 743. https://archive.org/details/in.ernet.dli.2015.523178.
- ↑ Khokar, Ashish Mohan (8 February 2011). "The Dance History Column". Narthaki. https://narthaki.com/info/tdhc/tdhc26.html। আহৰণ কৰা হৈছে: 2021-11-24.
- ↑ 4.0 4.1 Kothari, Sunil (2019-11-11). "The magnetic Madame Menaka and the Tiger of Hastinapur". The Asian Age. https://www.asianage.com/life/more-features/111119/the-magnetic-madame-menaka-and-the-tiger-of-hastinapur.html। আহৰণ কৰা হৈছে: 2021-11-24.
- ↑ "Indian Art Revival: 'Menaka's Programme at Excelsior". The Bombay Chronicle. 29 December 1928.
- ↑ "Indian Dancers' Triumphs Abroad". The Bombay Chronicle. 22 April 1938.
- ↑ "Menaka at the Dance Olympiad". The Bombay Chronicle. 8 September 1936.
- ↑ Swaminathan, Chitra (2018-05-17). "Madame Menaka choreography movement". The Hindu.
- ↑ "Damayanti Joshi". http://srutimag.blogspot.com/2018/12/damayanti-joshi.html.
- ↑ "Sahib Singh Sokhey (1887-1971)". https://www.ed.ac.uk/alumni/services/notable-alumni/alumni-in-history/sahib-singh-sokhey.
- ↑ Katrak, K.. https://books.google.com/books?id=lxt_DAAAQBAJ&pg=PA36.