সমললৈ যাওক

মাকচুদাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাদাৰফাকাৰৰ পৰা পুনঃনিৰ্দেশিত)
ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়াৰ এটা বিক্ষোভত এজন প্ৰতিবাদকাৰীৰ বাকস্বাধীনতাৰ চিহ্ন

মাকচুদাই (হিন্দী আৰু বাংলা: মাদাৰচোদ, ইংৰাজী: মাদাৰফাকাৰ) হ'ল এটা অশ্লীল শব্দ যি বেলেগক গালিপৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।[1]

অৰ্থ আৰু ব্যৱহাৰ

[সম্পাদনা কৰক]

মাকচুদাই শব্দটো অসমীয়া শব্দ “মাক” আৰু হিন্দী শব্দ “চুদাই” লগ লাগি সৃষ্টি হোৱা নতুন শব্দ। ঠিক তেনেদৰে মাদাৰচোদ শব্দটো ইংৰাজী শব্দ “মাদাৰ” আৰু বাংলা শব্দ “চোদ” একত্ৰিত হৈ নতুনকৈ সৃষ্টি হৈছে। ইংৰাজী শব্দ ”মাদাৰ”ৰ অৰ্থ মা বা জননী। আৰু বাংলা শব্দ “চোদ”ৰ অৰ্থ যৌন কৰ্ম কৰা। আক্ষৰিক অৰ্থত ইয়ে মূলত বুজায়, এজন ব্যক্তিয়ে নিজৰ বা অন্য কাৰোবাৰ মাকৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হোৱা।

এই শব্দটো সাধাৰণতে অত্যন্ত আপত্তিজনক বুলি বিবেচিত হয়, এইটো আক্ষৰিক অৰ্থত আনৰ ওপৰত খং প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এয়া নিকৃষ্ট, ঘৃণ্য, দুষ্ট ব্যক্তিক উদ্দেশ্য কৰি কোৱা হয়, বা ইয়াৰদ্বাৰা কেতিয়াবা কেতিয়াবা বিশেষভাৱে কঠিন বা হতাশাজনক পৰিস্থিতিক বুজোৱা হয়।[1]

ব্যতিক্ৰম ভাবে কেতিয়াবা ই প্ৰশংসনীয় শব্দ হ'ব পাৰে, যেনে badass motherfucker বাক্যাংশটো, যাৰ অৰ্থ হৈছে নিৰ্ভীক আৰু আত্ম-বিশ্বাসী ব্যক্তি।[2]

ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

মাদাৰফাকাৰ শব্দটোৰ উৎপত্তি অন্ততঃ উনবিংশ শতিকাৰ অন্তভাগত হ’ব পাৰে। ১৮৮৯ চনত টেক্সাছৰ এটা হত্যা-মামলাত এজন সাক্ষীয়ে জনাইছিল যে মৃত ব্যক্তিয়ে মৃত্যুৰ কিছুক্ষণ আগতে অভিযুক্তজনক “God damned mother-f—king, bastardly son-of-a-bitch” বুলি কৈছিল।[3][4] ১৮৯৭ চনৰ আন এটা টেক্সাছৰ আদালতৰ ৰায়ত “mother-fucking” শব্দটো সম্পূৰ্ণ ৰূপত মুদ্ৰিত কৰা হৈছিল।[5][4] ১৯১৭ চনত এজন আমেৰিকান সৈন্যই নিজৰ সামৰিক নিযুক্তি বোৰ্ডলৈ লেখা এটা চিঠিত তেওঁলোকক “You low-down Mother Fuckers” বুলি সম্বোধন কৰিছিল।[6]

সাহিত্যত, নৰ্মান মেইলাৰে তেওঁৰ ১৯৪৮ চনৰ উপন্যাস The Naked and the Dead ত “motherfugger” ৰূপে শব্দটোৰ সংক্ষিপ্ত ৰূপ ব্যৱহাৰ কৰিছিল,[7] আৰু তেওঁৰ ১৯৬৭ চনৰ Why Are We in Vietnam? উপন্যাসত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছিল।[4] জেমছ পাৰ্ডিৰ ১৯৫৬ চনৰ 63: Dream Palace নামৰ উপন্যাসতো এই শব্দটো দুবাৰ দেখা যায়।[8] কাৰ্ট ভনেগুটৰ Slaughterhouse-Five উপন্যাসতো শব্দটো সৈন্যৰ মুখেৰে ব্যৱহৃত হৈছে — ফলস্বৰূপে এই গ্ৰন্থখন আমেৰিকাৰ বহুতো বিদ্যালয় আৰু পুথিভঁৰালত নিষিদ্ধ কৰা হৈছিল। ভ’নেগাটে তাৎপৰ্য্যকভাবে কৈছিল, ‘‘এই শব্দটো প্ৰকাশ হোৱাৰ পিছৰপৰা ল’ৰা-ছোৱালীয়ে নিজৰ মাকৰ সৈতে যৌনসম্পৰ্ক কৰাৰ চেষ্টা আৰম্ভ কৰিছে, কেতিয়া বন্ধ হ’ব বুজি নাপাওঁ।”[9]

১৯৩০ চনৰপৰা ব্লুজ আৰু R&B সংগীতত “mother for you” বা “mother fuyer” দৰে মৃদু ৰূপ ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে মেম্ফিছ মিনিৰ "Dirty Mother For You" (১৯৩৫), ৰুজভেল্ট চাইকছৰ "Dirty Mother For You" (১৯৩৬), আৰু সংগীতজ্ঞ ৰেড নেলচন ওৰফে ডাৰ্টি ৰেলৰ "Mother Fuyer" (১৯৪৭)। ষ্টিক মেকঘীয়ে দাবী কৰিছিল যে তেওঁৰ জনপ্ৰিয় গান “Drinking Wine, Motherfucker” মূল ৰূপত এই শব্দৰ সৈতে আছিল, যাক পাছত সংশোধন কৰি প্ৰকাশ কৰা হয়। ১৯৭৭ চনতজনী "গীটাৰ" ৱাটছনে “A Real Mother For Ya” নামৰ গীতটো উল্লেখযোগ্য।[10][11]

জনপ্ৰিয় সংগীতত প্ৰথম মূলধাৰাৰ ৰক সংগীতত এই শব্দটো অন্তৰ্ভুক্ত হৈছিল, সেয়া ১৯৬৯ চনৰ Kick Out the Jams নামৰ MC5 দলৰ এলবাম আছিল। এই এলবামৰ মুখ্য সংগীতটোত ৰব টাইনাৰে মঞ্চত কৈছিল — “And right now... it's time to kick out the jams, motherfuckers! ” — যাৰ বাবে এলবামটো কিছুদিনৰ বাবে দোকানৰপৰা আঁতৰোৱা হৈছিল। জেফাৰচন এয়াৰপ্লেনৰ ১৯৬৯ চনৰ Volunteers এলবামতো “up against the wall, motherfucker” শাৰীটো ব্যৱহাৰ হৈছিল। আইজাক হেইছৰ “Theme from Shaft” (১৯৭১) ত এই শব্দটো ইংগিত ৰূপে ব্যৱহৃত হৈছিল। আৰ্লো গুথ্ৰিৰ “Alice's Restaurant” গীতত “mother rapers” বুলি শব্দৰ বিকল্প ৰূপ ব্যৱহাৰ কৰা হৈছিল।[12]

এই শব্দটো জৰ্জ কাৰ্লিনৰ Seven Words You Can't Say on Televisionতো উল্লিখিত। এবাৰ HBO-ৰ বিশেষ অনুষ্ঠানত তেওঁক এই শব্দটো আঁতৰাবলৈ কোৱা হৈছিল, কিন্তু তেওঁ পুনৰ সংযোজন কৰিছিল — তেওঁৰ মতে, শব্দটো বাদ দিলে কৌতুকটোৰ ছন্দ নষ্ট হয়।[13][13]

অভিনেতা চেমুৱেল এল জেকচনেও এই শব্দটো নিজৰ চিত্ৰজীৱনত বিশেষভাৱে ব্যৱহাৰ কৰিছে।[14] তেওঁৰ মতে, এই শব্দৰ নিয়মিত উচ্চাৰণে তেওঁৰ শৈশৱৰপৰা থকা তোতলামি সমস্যাটো দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল।[15]

সাহিত্য

[সম্পাদনা কৰক]
  • The Compleat Motherfucker: A History of the Mother of All Dirty Words — জিম ড’চনৰদ্বাৰা লিখিত এখন গ্ৰন্থ।[16] এই গ্ৰন্থখনত শব্দটোৰ ইতিহাস আফ্ৰিকান-আমেৰিকান সংস্কৃতিৰ লগতে আমেৰিকান সাহিত্য, চলচ্চিত্ৰ, কৌতুক আৰু সংগীতৰ ক্ষেত্ৰত কেনেদৰে প্ৰচলিত হ’ল সেই বিষয়ে বৰ্ণনা কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Definition of madarchod". www.definition-of.com. https://www.definition-of.com/madarchod। আহৰণ কৰা হৈছে: 2023-12-02. 
  2. Wickman, Forrest (2013-02-14). "When Did It Become Badass to Be a “Motherf**ker”?" (en ভাষাত). Slate Magazine. https://slate.com/culture/2013/02/motherfucker-etymology-and-origins-how-it-became-badass-to-be-a-mofo.html। আহৰণ কৰা হৈছে: 2022-02-16. 
  3. M. H. Levy v. State, 28 Tex. Crim. 3208, 206 (Tex. Crim. App. 1889-11-13).
  4. 4.0 4.1 4.2 Wickman, Forrest (2013-02-14). ""Motherfucker" etymology and origins: How it became badass to be a mofo". Slate.com. http://www.slate.com/blogs/browbeat/2013/02/14/_motherfucker_etymology_and_origins_how_it_became_badass_to_be_a_mofo.html। আহৰণ কৰা হৈছে: 2016-11-03. 
  5. John H. Fitzpatrick v. State, 37 Tex. Crim. 1159, 22 (Tex. Crim. App. 1897-01-13) (“The deceased called the defendant a mother-fucking son-of-a-bitch just preceding the fatal shot”).
  6. Adriane Danette Lentz-Smith (September 2, 2011). Freedom Struggles (Reprint সম্পাদনা). Harvard University Press. ISBN 978-0674062054. 
  7. Buschel, Bruce (23 June 2015). "Dear Jon Stewart: Thanks For The Ride, Motherfucker". Theconcourse.deadspin.com. Archived from the original on 16 June 2016. https://web.archive.org/web/20160616062031/http://theconcourse.deadspin.com/dear-jon-stewart-thanks-for-the-ride-motherfucker-1712077045। আহৰণ কৰা হৈছে: 2016-11-03. 
  8. Purdy, James (1957). Color of darkness; eleven stories and a novella. প্ৰকাশক New York: New Directions. পৃষ্ঠা. 193, 195. https://archive.org/details/colorofdarknesse00purd/page/192/mode/2up. 
  9. Vonnegut, Kurt (1992). Fates Worse Than Death. প্ৰকাশক New York: Berkeley Books. পৃষ্ঠা. 76. ISBN 0-425-13406-7. 
  10. Peter Silverton, Filthy English: The How, Why, When And What Of Everyday Swearing, Portobello Books, 2011
  11. Jim Dawson, The Compleat Motherfucker: A History of the Mother of All Dirty Words, ReadHowYouWant.com, 2011, p. 135
  12. "Archived copy". Arlo.net. Archived from the original on 21 May 2007. https://web.archive.org/web/20070521215056/http://www.arlo.net/resources/lyrics/alices.shtml। আহৰণ কৰা হৈছে: 11 January 2022. 
  13. 13.0 13.1 Carlin, George (1978). On Location: George Carlin at Phoenix (DVD). HBO Home Video. 
  14. Jensen, Jeff (4 August 2006). "Kicking Asp". Entertainment Weekly. Archived from the original on 18 January 2007. https://web.archive.org/web/20070118063046/http://www.ew.com/ew/article/0,,1219727,00.html। আহৰণ কৰা হৈছে: 21 June 2010. 
  15. "Samuel L. Jackson Needs Certain Swear Word To Stop His Stutter.". Huffington Post. 5 June 2013. http://www.huffingtonpost.com/2013/06/05/samuel-l-jackson-stutter-swear_n_3389403.html. 
  16. Dawson, Jim (2009). The Compleat Motherfucker: A History of the Mother of All Dirty Words. প্ৰকাশক Los Angeles, California, United States: Feral House. ISBN 978-1-932595-41-3.