সমললৈ যাওক

মাদিয়া গণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাদিয়া গণ্ড
লোক বিৰাদাৰী প্ৰকাশ বিদ্যালয়ৰ চৌহদত মাদিয়া স্কুলৰ ছোৱালী।
মুঠ জনসংখ্যা
৭৭,০০০ (১৯৯৭–১৯৯৮)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
গাডচিৰোলি জিলামহাৰাষ্ট্ৰ, বস্তৰ সংমণ্ডলচত্তীশগড়
ভাষাসমূহ

মাদিয়া

ধৰ্ম

কোয়াপুনেম উল্লেখযোগ্য প্ৰভাৱ হিন্দু ধৰ্মৰ পৰা।

সম্পৰ্কীয় জাতি-জনগোষ্ঠী

গণ্ড মানুহ

মাদিয়া গণ্ড ইংৰাজী: ;Madia Gonds; বা মাদিয়া বা মাৰিয়া মহাৰাষ্ট্ৰ ৰাজ্যৰ চন্দ্ৰপুৰ জিলা আৰু গাডচিৰোলি জিলা, আৰু ভাৰতৰ চত্তীশগড় ৰাজ্যৰ বাষ্টাৰ বিভাগত বাস কৰা এণ্ড'গেমাছ (অন্তঃবিবাহী) গণ্ড জনজাতিসমূহৰ ভিতৰত অন্যতম।[1] ভাৰত চৰকাৰে ইয়াৰ সঁহাৰিমূলক ব্যৱস্থা বা সংৰক্ষণ কাৰ্যসূচীৰ অধীনত তেওঁলোকক বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ মৰ্যাদা প্ৰদান কৰিছে।[2] মাদিয়া গণ্ডসকল নক্সালৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত হয়।[3] মাদিয়া গণ্ডসকলে নিজকে মাদিয়া নাম ব্যৱহাৰ কৰে, আৰু তেওঁলোকে বাস কৰা অঞ্চলটোক মাদিয়া দেশ বুলি কয়।[4] তেওঁলোকে গণ্ডীৰ মাদিয়া উপভাষা কয়।[5] মাদিয়াৰ স্থানান্তৰিত কৃষি ঝুম নামেৰে জনাজাত।

এটা অধ্যয়নত মাদিয়া গণ্ডসকলৰ মাজত জীৱন্ত মেগালিথিক পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে।[6] ১৯৯৭–১৯৯৮ চনত কৰা দ্য বেঞ্চ মাৰ্ক জৰীপৰ এটা তথ্য: মাদিয়া গণ্ডৰ ৯১.০৮ শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল।[7]

পৰম্পৰা আৰু সংস্কৃতি

[সম্পাদনা কৰক]

বৰ্তমান মাদিয়াসকল শিক্ষিত,তেওঁ লোকৰ মাজৰ পৰা সিকিৎসক,[8] শিক্ষক, চৰকাৰী কৰ্মচাৰী ওলাইছে আৰু নক্সালবাদীও।[9] স্কুললৈ যোৱা মাদিয়া শিশুৰ সংখ্যা মহাৰাষ্ট্ৰ ৰাজ্যৰ আন শিশুৰ সমতুল্য, মাদিয়াৰ এগৰাকী ছোৱালী ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰাৰ্থীৰ মেৰিট তালিকাত স্থান লাভ কৰিছে।[10] স্বাধীন ভাৰতৰ গেজেটত কঢ়িয়াই অনা জিলা গেজেটত ব্ৰিটিছ শাসকসকলে লিপিবদ্ধ কৰা মাদিয়া গণ্ডৰ বৰ্ণনা তলত দিয়া হ’ল।

চন্দা জিলাৰ গেজেটত বৰ্ণনানুসৰি

[সম্পাদনা কৰক]

মাৰিয়াসকলে বন্য অঞ্চলত বাস কৰে, আৰু তেওঁলোক প্ৰকৃতিৰ সৈতে বাস কৰা এটা আকৰ্ষণীয় জনগোষ্ঠী। সাধাৰণতে গাঁওবোৰ গভীৰ জংঘলত নদীৰ কাষত অৱস্থিত,আৰু চাৰিওফালৰ জংঘলবোৰে তেওঁলোকৰ কৃষি আৰু যাৱতীয় সামগ্ৰীৰ যোগান ধৰে। প্ৰায় সকলো গাঁৱতে তাল গছ থাকে, যাৰ ৰস গণ্ডসকলৰ বাবে অতি প্ৰিয়।

মাৰিয়া সকল নম্ৰ, সক্ৰিয়, সুগঠিত শৰীৰৰ, খোলা মনৰ, হৃদয়ংগমী স্বভাৱৰ আৰু সদায় আনন্দমুখৰ। তেওঁলোকৰ পৰিধান সামগ্ৰী অতি কম, সাধাৰণতে লংগৌটি আৰু ধোতিৰ সংমিশ্ৰণৰ এক পোছাক, যাক ককালৰৰ চাৰিওফালে ৰচিৰ দৰে মেৰিয়াই আঁঠুৰ তলত আগফালে ওলমাই ৰাখে। কেতিয়াবা পাগুৰিও পিন্ধে, কাণ আৰু ডিঙিত অলংকাৰ পিন্ধে। কঁকালৰ কাপোৰত পিতলৰ হেণ্ডেল থকা এখন বক্ৰ আকৃতিৰ কটাৰী বান্ধি ৰখা হয় আৰু কান্ধৰ পৰা চিৰলগৰীয়া হাতৰ কুঠাৰখন ওলমি থাকে, যাৰ অবিহনে গণ্ডসকল খুব কমেইহে ইফাল সিফাল কৰে। মাৰিয়া মহিলাসকলে সাধাৰণতে বগা ৰঙৰ ডাঠ কাপোৰৰ লোগাডা পিন্ধে আৰু ৰঙীন পাৰি থাকে, ব্লাউজ নিপিন্ধে, ডিঙিত পুৰুষৰ দৰে গুটিৰে সজাই অলঙ্কাৰ পিন্ধে। ইহঁতে সঘনাই মুখ আৰু অংগ-প্ৰত্যংগ জটিল আৰ্হিত টেটু কৰে।"[1]

সকলো গণ্ড আৰু বিশেষকৈ মাদিয়া সকল আমোদ প্ৰিয়, নাচি ভাল পায়। গৰমৰ দিনত, শীতল জোনাক ৰাতি নিজৰ অঞ্চলবোৰত ৰাতিৰ পিছত ৰাতি গণ্ডী কোৰাছৰ ছন্দময় সুৰে চৌদিশ মুখৰিত কৰি তোলে। গাঁওখনৰ সকলো মানুহ লগ হৈ ওচৰৰ কোনোবা মুকলি ঠাইত জুইৰ চাৰিওফালে শাৰী পাতি নাচে। প্ৰিয় নৃত্যটো হ’ল ভৰিখন টানি লৈ আগবাঢ়ি যোৱা এটা অদ্ভুত তালৰ খোজ, ‘ৰে-লা’, ‘ৰে-লা’, কোৰাছ গোৱা নৃত্যশিল্পীৰ এটা ডাঙৰ মহলে একেলগে নাচিলে সুন্দৰ দেখা যায়। কিছুমান গাঁৱত, য’ত মুৰব্বীজন এই খেলবিধৰ প্ৰতি আগ্ৰহী, তাত এটা প্ৰশিক্ষিত দলে ঢোলৰ শব্দত অদ্ভুত আৰু আচৰিত ধৰণৰ ষ্টেপ ডান্স পৰিৱেশন কৰে। এই অনুষ্ঠানৰ বাবে নিজৰ শ্ৰেষ্ঠ সাজ-পোছাক পিন্ধি, হাতত বেতৰ কামৰ অদ্ভুত অলংকাৰ লৈ, ডিঙি আৰু চুলিত ফুলৰ মালা, পাখিৰে তৈয়াৰি সুন্দৰ অলংকাৰ পিন্ধি লগ হয়। বিশাল একুৰা জুইৰ পোহৰত নৃত্যশিল্পী সকলৰ অলংকাৰৰ জিলিকনি, ঢোলৰ ধপধপনি আৰু কোৰাছৰ কণ্ঠৰ বন্য সংগীতৰ লগতে একেলগে গতি কৰা বহু ভৰিৰ স্পন্দনৰ সৈতে দেখা এটা মাদিয়া নৃত্য সহজে পাহৰিব নোৱাৰা দৃশ্য। সাধাৰণতে পুৰুষ আৰু মহিলাই পৃথক পৃথক বৃত্তত নাচে কিন্তু যুৱক-যুৱতীসকলে কইনা বাছি লোৱা নৃত্যত তেওঁলোকে দম্পতীৰ লগ হৈ নাচে।[1]

বাইছন হৰ্ণ মাৰিয়া জনজাতীয় নৃত্য বাষ্টাৰ

যুৱ ডৰ্মিটৰী প্ৰথা (ঘোতুল)

[সম্পাদনা কৰক]

মাদিয়া গণ্ডসকলৰ সংস্কৃতিত ঘোতুল প্ৰথা গভীৰভাৱে প্ৰোথিত। পৰম্পৰাগতভাৱে, প্ৰত্যেক গাঁৱত এটি ঘোতুল থাকে, য'ত অবিবাহিত নৰ-নাৰীয়ে সন্ধিয়া মিলিত হয়, খেলধেমালি কৰে, নাচে, গায় আৰু নিশালৈকে আনন্দ কৰে। কিন্তু তেওঁলোকে শুবলৈ নিজৰ ঘৰলৈ উভতি যায়। বিবাহিত মহিলাসকলৰ বাবে ঘোতুলত প্ৰৱেশ কৰা নিষিদ্ধ।[11]

মুণ্ডা হৈছে এবিধ অলংকৃত কাঠৰ খুঁটা। যুৱকৰ নিজৰ বিবাহ নিশ্চিত হোৱাৰ পিছত এই খুঁটা ঘুতুলৰ সন্মুখত ৰখা হয় । ই এক কাঠ খোদিত কৰাত তেওঁলোকৰ দক্ষতাৰ সৰ্বোত্তম উদাহৰণ। এইবোৰে আমেৰিকাৰ টটেম খুঁটাবোৰৰ কথা মনত পেলাই দিয়ে।[12]

লোকবিশ্বাসৰ

[সম্পাদনা কৰক]

ঋতুস্ৰাৱৰ বিষয়ে মাৰিয়া গণ্ডসকলে বিশ্বাস কৰে যে যোনিত এসময়ত দাঁত আছিল আৰু এই দাঁত আঁতৰোৱাৰ পিছত সেই ক্ষত স্থান কেতিয়াও সম্পূৰ্ণভাৱে শুকাই নগল। এই বিশ্বাস ঋতুস্ৰাৱ সম্পৰ্কীয় লোকবিশ্বাসৰ অংশ।[13]

স্বাস্থ্য সমস্যা

[সম্পাদনা কৰক]

ঐতিহাসিকভাৱে, মাড়িয়া গণ্ডসকল বসন্ত ৰোগ, ছালৰ ৰোগ, আৰু গণ্ডি ৰোগ নামেৰে জনাজাত মজলীয়া ধৰণৰ কুষ্ঠ ৰোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ থাকে। লগতে, সিকল চেল এনিমিয়াৰ (sickle cell anemia) প্ৰকোপ এই জনগোষ্ঠীত অত্যন্ত বেছি।

সংশ্লিষ্ট সংস্থাসমূহ

[সম্পাদনা কৰক]

ট্ৰাষ্ট ব'ৰ্ডে মাড়িয়া গণ্ডসকলক আধুনিক ভাৰতত ইতিবাচকভাৱে খাপ খোৱাবলৈ সহায় কৰাৰ স্বীকৃতি দিয়ে, যাৰ অন্তৰ্গত চিকিৎসা, শিক্ষা, আৰু অন্যান্য সহানুভূতিশীল পদক্ষেপসমূহ থাকে।[15]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Chanda District Gaztteer
  2. "SHABARI ADIVASI VITTA VA VIKAS MAHAMANDAL". Archived from the original on 10 October 2018. https://web.archive.org/web/20181010174504/http://www.mahashabri.com/tribal.html আহৰণ কৰা হৈছে: 1 April 2015.
  3. Malekar, Anosh (June 2006). "Gadchiroli: Inside the Red Line". InfoChange News & Features. Archived from the original on 2009-09-22. https://web.archive.org/web/20090922131812/http://infochangeindia.org/200606306716/Other/Features/Gadchiroli-Inside-the-Red-Line.html আহৰণ কৰা হৈছে: 2009-03-05.
  4. Manohar V. B, Eka Nakshalwadya cha Janma
  5. "Maria". Ethnologue. http://www.ethnologue.com/show_lang_family.asp?code=mrr আহৰণ কৰা হৈছে: 1 April 2015.
  6. Anuja, Geetali (2002). "Living Megalithic practices amongst the Madia gonds of Bhamragad, District Gadchiroli, Maharashtra". Purātattva খণ্ড 32 (1): 244. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510070325/http://www.indarchaeology.org/puratattva/puratattva_32.htm আহৰণ কৰা হৈছে: 21 February 2009.
  7. "Archived copy". Archived from the original on 2009-03-19. https://web.archive.org/web/20090319192338/http://trti.mah.nic.in/static_pages/MaharashtraStateStatistics.pdf আহৰণ কৰা হৈছে: 2009-02-25.
  8. "..:: Lok Biradari Prakalp ::..". lokbiradariprakalp.org. Archived from the original on 2008-05-30. https://web.archive.org/web/20080530014002/http://lokbiradariprakalp.org/about_us.html#achi আহৰণ কৰা হৈছে: 2025-02-13.
  9. "Yahoo! Groups". Archived from the original on 8 July 2012. https://archive.today/20120708205211/http://groups.yahoo.com/group/chhattisgarh-net/message/10989 আহৰণ কৰা হৈছে: 1 April 2015.
  10. "Yahoo! Groups". Archived from the original on 8 July 2012. https://archive.today/20120708205211/http://groups.yahoo.com/group/chhattisgarh-net/message/10989 আহৰণ কৰা হৈছে: 1 April 2015.
  11. Bhanu, B. V. (2004). People of India. ISBN 9788179911006. https://books.google.com/books?id=DEAlCTxJowUC&q=ghotul+madia&pg=PA718 আহৰণ কৰা হৈছে: 1 April 2015.
  12. "TRTI, Tribal Handicraft". trti.mah.nic.in. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410072141/http://trti.mah.nic.in/static_pages/frm_HandiWood.htm#Columns_erected_during_marriage_ceremonies_and%20_memory_of_the_dead আহৰণ কৰা হৈছে: 2025-02-13.
  13. .Linke, Uli (October 1992). "Manhood, Femaleness, and Power: A Cultural Analysis of Prehistoric Images of Reproduction". Comparative Studies in Society and History (Uli Linke) খণ্ড 34 (4): 579–620. doi:10.1017/s0010417500018004. https://archive.org/details/sim_comparative-studies-in-society-and-history_1992-10_34_4/page/579.
  14. "Lok Biradari Prakalp – People's Brotherhood Project". http://www.lokbiradariprakalp.org/ আহৰণ কৰা হৈছে: 1 April 2015.
  15. Ramon Magsaysay Award Foundation. "Ramon Magsaysay Award Foundation". http://www.rmaf.org.ph/Awardees/Citation/CitationAmtes.html আহৰণ কৰা হৈছে: 1 April 2015.
  16. "Tribal Cultural Heritage of India Foundation". Archived from the original on 2010-01-08. https://web.archive.org/web/20100108225906/http://www.tribal-india.org/ আহৰণ কৰা হৈছে: 2009-02-19.
  17. "Tribal Cultural Heritage of India Foundation". Archived from the original on 2010-01-08. https://web.archive.org/web/20100108225906/http://www.tribal-india.org/ আহৰণ কৰা হৈছে: 2009-02-19.