মাদুৰকাঠি
| মাদুৰকাঠি | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
| চিত্ৰ:Madur Logo Registered for GI.png | |
| বৰ্ণনা | হস্তশিল্প |
| প্ৰকাৰ | হস্তশিল্প |
| অঞ্চল | পশ্চিম বংগ |
| দেশ | ভাৰত |
| পঞ্জীয়ন | ২৮ মাৰ্চ ২০১৮ |
| ৱেৱছাইট | ipindiaservices.gov.in |
মাদুৰকাঠি বা মাদুৰ (ইংৰাজী: Madurkathi) মাদুৰকাঠি পাটি বা মাদুৰ হৈছে পশ্চিম বংগত মাদুৰী নামৰ ঘাঁহজাতীয় উদ্ভিদৰ পৰা বোৱা এবিধ পাটি। মাদুৰী পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়। মাদুৰকাঠি পাটি তৈয়াৰ কৰাটো মেদিনীপুৰ জিলাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আৰু ই গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পাটিবোৰ মূলতঃ মহিষ্য জাতিৰ শিপিনীয়ে আৰু প্ৰধানকৈ মহিলাসকলে বয়। এই কুটিৰ উদ্যোগে গাঁৱৰ পৰিয়ালৰ আয়ত যথেষ্ট অৰিহণা যোগায়।[1]
বংগত মাদুৰ শব্দটো মজিয়াৰ পাটিৰ বাবে সাধাৰণ শব্দ হিচাপে ব্যৱহাৰ কৰা হয় যদিও ই এটা নিৰ্দিষ্ট ধৰণৰ নলৰ পৰা বোৱা পাটিক বুজায়।[2] পাটি গ্ৰাম্য বংগৰ সামাজিক ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ, আৰু মাদুৰকাঠি পাটি বহিবলৈ আৰু বিচনা হিচাপে ব্যৱহাৰ কৰা হয়। পাটিবোৰ অপৰিবাহী আৰু ঘাম শোষক হোৱাৰ বাবে পশ্চিম বংগৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত ই এক অপৰিহাৰ্য ঘৰুৱা সামগ্ৰী। এই পাটিবোৰ ধৰ্মীয় কামতো ব্যৱহাৰ কৰা হয়।[3]
২০১৮ চনৰ ২৮ মাৰ্চত ভাৰতীয় পেটেণ্ট কাৰ্যালয়ে পশ্চিম বংগ চৰকাৰক মাদুৰকাঠিৰ বাবে পঞ্জীয়ন নং ৫৬৭ৰ অধীনত ভৌগোলিক সূচক (GI) টেগ প্ৰদান কৰে। চৰকাৰৰ পশ্চিম বংগ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে মাদুৰকাঠিৰ পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিছিল।[4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Madurkathi" (en-US ভাষাত). Biswa Bangla. Archived from the original on 2018-12-14. https://web.archive.org/web/20181214080450/http://www.biswabangla.in/handicraft-natural-fiber/2016/6/4/madurkathi। আহৰণ কৰা হৈছে: 2018-12-11.
- ↑ Naturally Bengal. "Madur, Bengal's Best Traditional Mats". Naturally Bengal, Indiawww.naturallybengal.com. http://www.naturallybengal.com/?craft=madur। আহৰণ কৰা হৈছে: 26 May 2019.[সংযোগবিহীন উৎস]
- ↑ Jana, Kalyan; Puste, Am (April 2014). "Madur Kathi – An Important Economic Non-food Crop of West Bengal". Asian Agri-History খণ্ড 18 (2): 145–151. https://www.researchgate.net/publication/279485980.
- ↑ "India: Madurkathi of West Bengal Gets a Geographical Indication (GI) Tag | Lexology" (en ভাষাত). www.lexology.com. 24 April 2018. https://www.lexology.com/library/detail.aspx?g=1072815d-a549-4493-8c39-f1513d5cbe13। আহৰণ কৰা হৈছে: 2018-12-11.
- ↑ Singh, Shiv Sahay (2018-05-30). "Bengal's Chau mask acquires GI fame" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/kolkata/bengals-chau-mask-acquires-gi-fame/article24028259.ece.