মাদুৰাই বীৰন (১৯৫৬ চলচ্চিত্ৰ)
মাদুৰাই বীৰন | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | ডি যোগানন্দ |
চিত্ৰনাট্য | কন্নদাসন |
প্ৰযোজক | লেনা চেট্টিয়াৰ |
অভিনয়ত | এম জি ৰামচন্দ্ৰন পি ভানুমতী পদ্মিনী |
চিত্ৰগ্ৰহণকাৰী | এম এ ৰেহমান |
সংগীত পৰিচালক | জি ৰামনাথন |
প্ৰযোজনা কোম্পানী |
কৃষ্ণ পিকচাৰছ |
মুক্তি |
১৩ এপ্ৰিল ১৯৫৬ |
দৈৰ্ঘ্য |
১৬৫ মিনিট |
দেশ | ভাৰত |
ভাষা | তামিল |
সৰ্বমুঠ আয় | ₹1 crore[1] |
মাদুৰাই বীৰন (ইংৰাজী: Madurai Veeran; অৰ্থ: মাদুৰাইৰ যোদ্ধা) ১৯৫৬ চনত ডি যোগানন্দৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ ঐতিহাসিক একচন ছবি; ৰচনা কন্নদাসন আৰু প্ৰযোজনা লীনা চেট্টিয়াৰৰ। একে নামৰ লোককথাৰ আধাৰত নিৰ্মিত এই ছবিখনত এম জি ৰামচন্দ্ৰনে নাম ভূমিকাত অভিনয় কৰিছে,[2] য’ত পি ভানুমতী আৰু পদ্মিনীয়ে তেওঁৰ প্ৰেমাস্পদৰ চৰিত্ৰত অভিনয় কৰিছে।[3] অন্য সহযোগী চৰিত্ৰত অভিনয় কৰিছে টি এছ বালাইয়া, এন এছ কৃষ্ণন আৰু টি এ মথুৰামে।[4]
এই কিংবদন্তিৰ আধাৰত নিৰ্মিত ১৯৩৯ চনৰ এখন ছবিৰ পিছত মাদুৰাই বীৰন আছিল দ্বিতীয়খন ছবি।[5][6] ১৯৫৬ চনৰ ১৩ এপ্ৰিলত, তামিল নৱবৰ্ষ পুথাণ্ডুৰ সময়ত ছবিখন মুক্তি পাইছিল। ছবিখনে এক বৃহৎ সফলতা লাভ কৰিছিল আৰু ২০০ দিনতকৈও অধিক সময় ধৰি থিয়েটাৰত চলিছিল আৰু ৰূপালী জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও এইখন ৰামচন্দ্ৰন আৰু পদ্মিনীৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি আছিল। ছবিখনৰ সফলতাই আৰু বহুতো অনুৰূপ ছবি নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছিল।
সঁহাৰি
[সম্পাদনা কৰক]মুক্তিৰ দিনাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছে মাদুৰাই বীৰনক “নোচোৱাকৈ থকা উচিত নহয়” ছবি বুলি অভিহিত কৰে। সমীক্ষতে ৰামচন্দ্ৰন, টি এচ বালাইয়া, ভানুমতী আৰু পদ্মিনীৰ অভিনয়, এন এচ কৃষ্ণন আৰু টি এচ মথুৰমৰ কমেডী দৃশ্য, যোগানন্দৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংগীতৰ প্ৰশংসা কৰিছে আৰু মন্তব্য কৰিছে যে ছবিখনে "আৰম্ভণিৰ পৰা শেষলৈকে আকৰ্ষণ কৰি ৰাখিব পাৰিছে।"[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kannan 2017, পৃষ্ঠা. 105.
- ↑ Guy, Randor (2016). Gopal, T. S.. ed. Memories of Madras: Its Movies, Musicians & Men of Letters. প্ৰকাশক Chennai: Creative Workshop. পৃষ্ঠা. 208. ISBN 978-81-928961-7-5.
- ↑ "The very best of Padmini". Rediff.com. 26 September 2006. slide 5. http://www.rediff.com/movies/2006/sep/26sd5.htm। আহৰণ কৰা হৈছে: 27 June 2018.
- ↑ "NSK a comedian with social awareness". The Hindu. 14 April 2009. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/ldquoNSK-a-comedian-with-social-awarenessrdquo/article16616234.ece.
- ↑ "நாட்டியப் பேரொளி பத்மினி" (ta ভাষাত). Dinamani. 12 June 2017. http://www.dinamani.com/cinema/cinema-news/2017/jun/12/actress-padmini-2719164.html.
- ↑ Sri Kantha, Sachi (30 September 2014). "MGR Remembered – Part 21 | Generativity in DMK Party of 1950s". Ilankai Tamil Sangam. http://sangam.org/mgr-remembered-part-21/। আহৰণ কৰা হৈছে: 15 August 2018.
- ↑ "விமர்சனம் | மதுரை வீரன்" (ta ভাষাত). Swadesamitran. 1956. Archived from the original on 22 December 2021. https://web.archive.org/web/20211222092636/https://postimg.cc/9D7hhrmt.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মাদুৰাই বীৰন (১৯৫৬ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।