মাদ্দালী উষা গায়ত্ৰী
| মাদ্দালী উষা গায়ত্ৰী | |
|---|---|
| জন্ম | মল্লাৱৰাপু উষা গায়ত্ৰী ২৬ এপ্ৰিল, ১৯৫৫ (৭০ বছৰ) কুৰনুল, অন্ধ্ৰ ৰাজ্য |
| পেচা | কুচিপুড়ি নৃত্যশিল্পী |
| সন্তান | ১ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
মাদ্দালী উষা গায়ত্ৰী (ইংৰাজী: Maddali Usha Gayatri ; জন্ম: মল্লাৱৰাপু; ২৬ এপ্ৰিল ১৯৫৫) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যৰ এগৰাকী কুচিপুড়ি কলাকাৰ, নৃত্যশিল্পী,[1] গুৰু[2] আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ হামছা বঁটা (বৰ্তমান কলাৰত্ন বুলি কোৱা হয়) আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে। কৰিঅ’গ্ৰাফী আৰু প্ৰদৰ্শনৰ বাবে সমালোচকৰ প্ৰশংসা পোৱা গায়ত্ৰীয়ে পৌৰাণিক, ঐতিহাসিক আৰু সামাজিক বিষয়বস্তুৰ বেলে পৰিবেশন কৰে। তেওঁৰ অন্যতম ৰচনা নৃত্যম দৰ্শয়ামীত তেওঁৰ ১২ জনীয়া শিষ্যৰ এটা দলে ১২ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে অনুষ্ঠান পৰিৱেশন কৰিছিল।
প্ৰশিক্ষণ
[সম্পাদনা কৰক]গায়ত্ৰীৰ যেতিয়া বয়স ৪ বছৰ আছিল, তেতিয়াই তেওঁ শ্ৰীদয়াল সৰনৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। কথক, ওডিচি আৰু সংগীতৰ প্ৰশিক্ষণ লোৱাৰ পিছতো তেওঁৰ আগ্ৰহ কুচিপুড়িৰ প্ৰতিহে হয়।[3] এইদৰে তেওঁ গুৰু বেদান্তম জগন্নাথ শৰ্মাৰ পৰা হায়দৰাবাদৰ তেওঁৰ নৃত্য প্ৰতিষ্ঠান কুচিপুড়ি কলাক্ষেত্ৰত কুচিপুড়ি শিকিছিল।[3] ভি সত্যনাৰায়ণ শৰ্মা, ভেম্পতি চিন্না সত্যম আৰু বেদান্ত প্ৰহ্লাদ শৰ্মাৰ পৰা যক্ষগান নামৰ এবিধ নাট্যশৈলীৰ প্ৰশিক্ষণ লৈ কমলাৰানীৰ পৰা নট্টুৱংগম শিকিছিল।[4][5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Beloved stories on stage" (en-IN ভাষাত). The Hindu. 25 March 2010. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/theatre/Beloved-stories-on-stage/article16614562.ece.
- ↑ Gudipoodi, Srihari (22 July 2010). "Sumptuous ballet" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/friday-review/dance/Sumptuous-ballet/article16206184.ece.
- ↑ 3.0 3.1 "నృత్యరత్న.. డా. మద్దాళి ఉషాగాయత్రి" (te ভাষাত). Andhra Bhoomi. 9 January 2018. http://www.andhrabhoomi.net/content/main-feature-912.
- ↑ (en ভাষাত) Journal of the Ananthacharya Indological Research Institute. 7-8. 2004. পৃষ্ঠা. 95. https://books.google.com/books?id=TLFIAQAAIAAJ&q=nattuvangam.
- ↑ M. Athira (14 June 2018). "'Nattuvangam' is not even treated as an instrument these days, says K.S.Balakrishnan" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/in-conversation-with-nattuvanar-ksbalakrishnan/article24151554.ece.