মাধুৰী আঁহতৰ তলৰ বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাধুৰী আঁহতৰ তলৰ বিহু (ইংৰাজী: Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰা এই মুকলি বিহুকেই অসমৰ প্ৰথমখন মুকলি বিহু বুলি বহুতেই মান্যতা দিয়ে৷

উহনি পথাৰ[সম্পাদনা কৰক]

চতিয়াৰ কেন্দ্ৰস্থলৰ পৰা ডেৰ কিলোমিটাৰমান আঁতৰত উহনি পথাৰ৷ এই পথাৰখনৰ নামাকৰণ হয় উহনি পুখুৰীৰ পৰা৷ ইতিহাসমতে, আহোম ৰাজবিষয়া সলাল গোঁহাইক আদৰিবলৈ আলি বন্ধা কামত নিয়োজিত পানীৰ উহত হাতমুখ ধুইছিল, পানী খাইছিল৷ সেই উহটোৰ নামেই উহনি পুখুৰী, য’ৰ পৰা আজিও পানী নিগৰি ওলায়৷ উহনি পুখুৰী পাৰৰ মুকলি পথাৰখনৰ নাম উহনি পথাৰ৷ এই সলাল গোঁহাই বিষয়বাবৰ নামেৰে চতিয়া অঞ্চলৰ এখন গাঁৱৰ নাম “সলাল গাঁও’’ ৰখা হৈছে৷[1]কোনো কোনোৰ মতে, লাচিত বৰফুকনৰ দেহৰক্ষী সুধাই খৰঙী বৰুৱাৰ পো-নাতি খৰঙী বৰুৱাই উহৰ পানীৰে সলাল গোঁহাইৰ ভৰি ধুৱাই, সাতখন খলাৰে হাজাৰী ভাওনাৰ দ্বাৰা আদৰিছিল৷ ফাগুন-চ’তমহীয়াও এই পানীৰ উহ শুকাই নগৈছিল৷[2] উৰুকাৰ সময়ত উহনি পুখুৰীত চতিয়াৰ জীয়ৰী বোৱাৰীয়ে উমৈহতীয়াকৈ কাপোৰ ধুইছিল৷ ইয়াতে পোনতে বাৰেচহৰীয়া ভাওনা পতা আৰু চতিয়াৰ সকলো গাঁও মিলি ফাকুৱা পাতিছিল৷[3]

মাধুৰী আঁহত[সম্পাদনা কৰক]

উহনি পথাৰত বাৰেচহৰীয়া ভাওনা থলীত অনুষ্ঠানৰ চিনস্বৰূপে ৰোপন কৰা আঁহত জোপাই “মাধুৰী আঁহত’’৷[3]বাৰেচহৰীয়া ভাওনাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ লক্ষী পাটগিৰি নামৰ এজন গঞাই এই পুলিটো ৰোপন কৰিছিল৷ পিছলৈ এই আঁহতজোপাক বৰ-আঁহত, বুঢ়া-আঁহত নাম দিয়া হৈছিল যদিও শেষত এই প্ৰকাণ্ড আঁহতজোপাক “মাধুৰী আঁহত’’ নাম দিয়া হৈছিল৷[4]

বিহু মেলা[সম্পাদনা কৰক]

উহনি পথাৰৰ মাধুৰী আঁহতৰ তলতেই চতিয়াৰ বিভিন্ন গাঁৱৰ মহিলাসকলে ১৯১৮ চনত প্ৰথম মুকলি বিহু পাতে৷ পিছলৈ এই বিহুখনেই “সদৌ চতিয়া সাৰ্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা’’ নাম লৈ অনুষ্ঠিত হৈ আহিছে৷ দত্তবৰুৱা এণ্ড কোম্পানীৰ বাৰ্ষিক কেলেণ্ডাৰত ব’হাগ মাহৰ প্ৰথম দিনপঞ্জীতে ইয়াৰ উল্লেখ আছে৷[5]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ১২৭. ISBN 81-7339- 308-7. 
  2. হাজৰিকা, ভবেন (২০১৮). মাধুৰীৰ স্মৃতি সঁফুৰা. মাধুৰী, শতবৰ্ষ স্মৃতিগ্ৰন্থ. 
  3. 3.0 3.1 শইকীয়া, তৰুণচন্দ্ৰ (২০১২). চতিয়াৰ ইতিবৃত্ত. ৰণজিত কুমাৰ শইকীয়া. পৃষ্ঠা. ৩৭. 
  4. প্ৰধান সম্পাদকৰ মনৰ কথা. মাধুৰী, শতবৰ্ষৰ স্মৃতিগ্ৰন্থ. ২০১৮. 
  5. বৰকাকতি, মুহিৰাম. ইতিহাসৰ স্বৰ্ণমুহূৰ্তত মাধুৰী. মাধুৰী, শতবৰ্ষৰ স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ৫.